প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিবৃতি

Posted On: 09 SEP 2023 8:45PM by PIB Guwahati

আমি, ভাৰত, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাসকলে নতুন দিল্লীত ‘জি-২০ নেতৃত্ব সন্মিলন’ৰ সময়ত মিলিত হৈ আমাৰ সহভাগী বিশ্বৰ বাবে সমাধান প্ৰদানৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ মুখ্য মঞ্চ হিচাপে ‘জি-২০’ৰ প্ৰতি থকা আমাৰ অংশীদাৰিত্বপূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছোঁ।

‘জি-২০’ৰ বৰ্তমানৰ, আৰু পৰৱৰ্তী তিনিটা কাৰ্যকালৰ সভাপতি হিচাপে আমি গোলকীয় প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ ভাৰতৰ সভাপতিত্বত ‘জি-২০’য়ে লাভ কৰা ঐতিহাসিক প্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰিম। এই ভাৱনাৰে ‘বিশ্ব বেংক’ৰ অধ্যক্ষৰ সৈতে আমি উন্নত, বৃহত্ আৰু অধিক কাৰ্যকৰী বহুপাক্ষিক উন্নয়ন বেংক গঢ়ি তোলাৰ বাবে ‘জি-২০’ৰ প্ৰতিশ্ৰুতিক স্বাগত জনাইছো। এই প্ৰতিশ্ৰুতিয়ে ‘জি-২০’ৰ জৰিয়তে একেলগে কাম কৰি, এক উন্নত ভৱিষ্যতৰ দিশত আমাৰ লোকসকলক সহযোগিতা আগবঢ়োৱাৰ বাবে আমি কি কৰিব পাৰিম তাকে সূচায়।

******



(Release ID: 1955982) Visitor Counter : 150