প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিংশতম আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ
प्रविष्टि तिथि:
07 SEP 2023 10:39AM by PIB Guwahati
মহামহিম ৰাষ্ট্ৰপতি জোকো উইডোডো,
মান্যবৰ
ভদ্ৰলোকসকল,
নমস্কাৰ,
আমাৰ অংশীদাৰিত্ব চাৰি বছৰত ভৰি দিছে।
ইয়াক প্ৰেক্ষাপটত ভাৰত-আছিয়ান সন্মিলনৰ যুটীয়া অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা।
এই সুন্দৰ সন্মিলনখন আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি উইডোডোক মই আন্তৰিকতাৰে অভিনন্দন আৰু ধন্যবাদ জনাইছো।
লগতে আছিয়ান গ্ৰুপৰ নেতৃত্বক অভিনন্দন জনাইছো।
শেহতীয়াকৈ কাৰ্যভাৰ গ্ৰহণ কৰা কম্বোডিয়াৰ মহামহিম প্ৰধানমন্ত্ৰী হুন মানেটলৈও মই আন্তৰিক অভিনন্দন জনাইছো ।
টিমৰ-লেষ্টেৰ মহামহিম প্ৰধানমন্ত্ৰী ছানানা গুছমাওকো এই সভাত পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰিবলৈ আদৰণি জনাইছো।
মহামহিম,
আমাৰ ইতিহাস আৰু ভূগোলে ভাৰত আৰু আছিয়ানক একেলগে বান্ধি ৰাখিছে।
লগতে আমাৰ মূল্যবোধ, আঞ্চলিক ঐক্য, শান্তি, সমৃদ্ধি আৰু বহুমাত্ৰিক পৃথিৱীত ঐক্যইও আমাক একেলগে বান্ধি ৰাখে।
ভাৰতৰ এক্ট ইষ্ট পলিচিৰ মূল স্তম্ভ হৈছে আছিয়ান।
ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আছিয়ানৰ কেন্দ্ৰীয়তা আৰু আছিয়ানৰ দৃষ্টিভংগীক ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন কৰে।
ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপৰ কেন্দ্ৰবিন্দু হৈছে আছিয়ান।
যোৱা বছৰ আমি ভাৰত-আছিয়ান বন্ধুত্ব বৰ্ষ উদযাপন কৰিছিলো আৰু আমাৰ সম্পৰ্কক ‘সামগ্ৰিক কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিছিলো।
মহামহিম,
আজি আন্তঃৰাষ্ট্ৰীয় অনিশ্চয়তাৰ জলবায়ুত পাৰস্পৰিক সহযোগিতাৰ প্ৰতিটো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰা হৈছে।
ই আমাৰ সম্পৰ্কৰ শক্তি আৰু সহনশীলতাৰ সাক্ষ্য দিয়ে।
এইবাৰৰ আছিয়ান সন্মিলনৰ মূল বিষয়বস্তু হৈছে ‘আছিয়ান মেটাৰ্ছ: এপিচেণ্ট্ৰাম অফ গ্ৰ’থ’।
আছিয়ান গুৰুত্বপূৰ্ণ কাৰণ সকলোৰে শুনা যায় আৰু আছিয়ান হৈছে প্ৰগতিৰ কেন্দ্ৰ কাৰণ বিশ্ব উন্নয়নত আছিয়ান অঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
'বসুধৈব কুটুম্বকম'ৰ আৱেগ-'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত' ভাৰতৰ জি-২০ অধ্যক্ষতাৰো মূল মন্ত্ৰ।
মহামহিম,
একবিংশ শতিকা এছিয়াৰ শতিকা। এয়া আমাৰ শতিকা।
সেইবাবেই কভিডোত্তৰ এক শৃংখলাবদ্ধ বিশ্বব্যৱস্থা গঢ়ি তোলা আৰু আমাৰ সকলো প্ৰচেষ্টা মানৱ কল্যাণত নিয়োগ কৰাটো অতি প্ৰয়োজনীয়।
মুক্ত আৰু বাধাহীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অগ্ৰগতি আৰু বিশ্ব দক্ষিণৰ কণ্ঠ বৃদ্ধি আমাৰ সকলোৰে বাবে উমৈহতীয়া স্বাৰ্থৰ বিষয় হ’ব লাগে।
ভৱিষ্যতে ভাৰত আৰু আছিয়ান অঞ্চলক শক্তিশালী কৰাৰ লক্ষ্যৰে আজিৰ আলোচনাত নতুন প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব বুলি মোৰ বিশ্বাস।
সমন্বয়ক দেশ ছিংগাপুৰ, নতুন অধ্যক্ষ লাও পিডিআৰ আৰু আপোনালোক সকলোৰে সৈতে কান্ধত কান্ধ মিলাই কাম কৰাৰ প্ৰতি দায়বদ্ধ ভাৰত।
ধন্যবাদ৷
***
(रिलीज़ आईडी: 1955771)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
Punjabi
,
Gujarati
,
Tamil
,
Bengali
,
Manipuri
,
Odia
,
English
,
Urdu
,
Marathi
,
Telugu
,
Kannada
,
Malayalam