প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনে মানৱ কেন্দ্ৰিক আৰু সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত এক নতুন পথ নিৰ্ধাৰণ কৰিব: প্ৰধানমন্ত্ৰী
ভাৰতৰ সভাপতিত্বত জি-২০ সামগ্ৰিক, অভিলাষী, নিৰ্ণায়ক আৰু কাৰ্যমুখী হৈ উঠিছে
দুখীয়া লোকসকলক, সমাজৰ শাৰীত থকা একেবাৰে শেহৰ গৰাকী ব্যক্তিক সেৱা কৰাৰ বাবে গান্ধীজীৰ লক্ষ্য অনুকৰণ কৰাটো গুৰুত্বপূৰ্ণ
प्रविष्टि तिथि:
08 SEP 2023 4:41PM by PIB Guwahati
‘নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলন’-য়ে মানৱ কেন্দ্ৰিক আৰু সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত এক নতুন পথ নিৰ্ধাৰণ কৰিব বুলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস ব্যক্ত কৰিছে। তেওঁ গুৰুত্ব প্ৰদান কৰি কয় যে ভাৰতৰ সভাপতিত্বত জি-২০ সামগ্ৰিক, উচ্চাভিলাষী, নিৰ্ণায়ক আৰু কাৰ্যমুখী হৈ উঠিছে, য'ত গোলকীয় দক্ষিণৰ উন্নয়নমূলক প্ৰসংগসমূহৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে মাত মাতি আহিছে।
গান্ধীজীৰ দুখীয়া লোকসকলৰ সেৱাৰ লক্ষ্যক অনুকৰণ কৰাৰ গুৰুত্ব প্ৰসংগত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে প্ৰগতিক আগুৱাই নিয়াৰ এক মানৱ কেন্দ্ৰিক পথ উদ্ভাৱনত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ 'এক পৃথিৱী', 'এক পৰিয়াল' আৰু 'এক ভৱিষ্যত' সন্দৰ্ভত অধিৱেশনৰ সভাপতিত্ব কৰিব, য'ত শক্তিশালী, বহনক্ষম, সামগ্ৰিক আৰু সন্তুলিত বিকাশৰ লগতে বিশ্ব সম্প্ৰদায়ৰ বাবে মুখ্য উদ্বেগৰ বিভিন্ন বিষয় সামৰি লোৱা হ'ব। তেওঁ বন্ধুত্ব আৰু সহযোগিতাৰ বান্ধোন অধিক গভীৰ কৰাৰ বাবে কেইবাজনো নেতা আৰু প্ৰতিনিধি দলৰ মুৰব্বীৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে মাননীয় ৰাষ্ট্ৰপতিয়ে ৯ ছেপ্টেম্বৰ, ২০২৩ত নেতাসকলৰ বাবে এক নৈশ ভোজৰ আয়োজন কৰিব। নেতাসকলে ১০ ছেপ্টেম্বৰ, ২০২৩ত ৰাজঘাটত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। সামৰণি অনুষ্ঠানত, একেদিনাই, জি-২০ দেশৰ নেতাসকলে এক স্বাস্থ্যকৰ 'এক পৃথিৱী'ৰ বাবে 'এক পৰিয়াল'ৰ দৰে এক বহনক্ষম আৰু ন্যায়সঙ্গত 'এক ভৱিষ্যত'ৰ বাবে তেওঁলোকৰ সামূহিক দৃষ্টিভংগী সহভাগ কৰিব।
‘এক্স’-ত এলানি বাৰ্তা ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে কয়:
"০৯-১০ ছেপ্টেম্বৰ, ২০২৩ত নতুন দিল্লীৰ সুপ্ৰতিষ্ঠিত ‘ভাৰত মণ্ডপম’ত ‘অষ্টাদশ সংখ্যক জি-২০ শীৰ্ষ সন্মিলন’ আয়োজন কৰি ভাৰত আনন্দিত হৈছে। ভাৰতে আয়োজন কৰা এইখন প্ৰথম জি-২০ সন্মিলন। মই পৰৱৰ্তী দুদিনত বিশ্বৰ নেতাসকলৰ সৈতে ফলপ্ৰসূ আলোচনাৰ বাবে অপেক্ষা কৰি আছো।
মোৰ দৃঢ় বিশ্বাস যে ‘নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলন’-য়ে মানৱ কেন্দ্ৰিক আৰু সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত এক নতুন পথ নিৰ্ধাৰণ কৰিব।"
***
(रिलीज़ आईडी: 1955737)
आगंतुक पटल : 247
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam