তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘৪৮ সংখ্যক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত ভাৰতে অংশগ্ৰহণ কৰিব আৰু দেশৰ সৃষ্টিশীল দক্ষতা প্ৰদৰ্শন কৰিব

ভাৰতীয় প্ৰতিনিধি দলে ভাৰতক এক সৃষ্টিশীল কেন্দ্ৰ, গল্পকাৰৰ দেশ হিচাপে উপস্থাপন কৰাৰ লগতে দেশত চিত্ৰগ্ৰহণৰ স্বাচ্ছন্দ্যৰ কথা প্ৰচাৰ কৰিব

Posted On: 06 SEP 2023 4:05PM by PIB Guwahati

চলিত বৰ্ষৰ মে’ মাহত ‘৭৬ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱ’ত সফলতাৰে অংশগ্ৰহণ কৰাৰ পিছত ভাৰতে ইয়াৰ চলচ্চিত্ৰসমূহক ৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা ‘৪৮ সংখ্যক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’(টিআইএফএফ)লৈ নিয়াৰ বাবে দিহা কৰিছে। এই বছৰ ভাৰতক প্ৰতিভা, সমল আৰু মনোৰঞ্জনৰ কেন্দ্ৰ হিচাপে প্ৰদৰ্শন কৰাত গুৰুত্ব প্ৰদান কৰা হ'ব। ‘টিআইএফএফ’-লৈ যোৱা চৰকাৰী ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব (চলচ্চিত্ৰ)আৰু ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম’ৰ (এনএফডিচি) পৰিচালনা সঞ্চালক শ্ৰী প্ৰীথুল কুমাৰে। ‘এনএফডিচি’ হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘নোডেল এজেঞ্চী’ যি ‘টিআইএফএফ’-ত ভাৰতৰ অংশগ্ৰহণৰ আয়োজন কৰিছে।

ইয়াৰ বিস্তৃত অংশগ্ৰহণ সম্পৰ্কীয় পৰিকল্পনাত ভাৰতে দেশৰ সৃষ্টিশীল তথা প্ৰযুক্তিগত সামৰ্থ্য প্ৰদৰ্শন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক ভাৰতৰ সৈতে চলচ্চিত্ৰৰ সহ-নিৰ্মাণ আৰু ভাৰতীয় স্থানসমূহত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে কেইবাখনো অধিৱেশনৰ আয়োজন কৰিব। ‘কাম’ শীৰ্ষক এক বিশেষ ‘স্পটলাইট অধিৱেশন’, ‘ফিল্ম ইন ইণ্ডিয়া’ শীৰ্ষক ভাৰতৰ চলচ্চিত্ৰ নীতি প্ৰদৰ্শনৰ প্ৰয়াস, দেশত চিত্ৰগ্ৰহণৰ সহজতাৰ প্ৰচাৰৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়ৰ বাবে ভাৰতৰ ‘ছিংগল উইণ্ডো মেকানিজম’-ৰ উপস্থাপন কৰা হ'ব। ভাৰত আৰু কানাডাৰ চলচ্চিত্ৰ সাফল্যৰ উদযাপন হিচাপে দেশসমূহে কাহিনী, চুটি চলচ্চিত্ৰ, এনিমেশ্যন প্ৰকল্প, অ'টিটি কনটেণ্ট, আৰু ৱে’ব প্ৰকল্পৰ দৰে মাধ্যমত চলচ্চিত্ৰ নিৰ্মাণৰ সম্ভাৱনা অন্বেষণ আৰু প্ৰচাৰৰ কৰিব বিচাৰিছে। অংশগ্ৰহণকাৰীসকলে ‘এনএফডিচি’, ‘অণ্টাৰিঅ’ ক্ৰিয়েটছ’, ‘টেলিফিল্ম কানাডা’, ভাৰতীয় প্ৰযোজক আৰু কানাডিয়ান প্ৰযোজকৰ প্ৰতিনিধিসকলৰ ছবি প্ৰদৰ্শন কৰিব।

‘ইণ্ডিয়া পেভিলিয়ন’ৰ উদ্বোধনীৰে ‘টিআইএফএফ’-ত ভাৰতৰ অংশগ্ৰহণ আৰম্ভ হ'ব। উল্লেখ্য যে আহমেদাবাদৰ ‘নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনে’ ‘ইণ্ডিয়া পেভিলিয়ন’ৰ আৰ্হি প্ৰস্তুত কৰিছে। ‘স্পটলাইট অধিৱেশন’ৰ আগতে গল্পকাৰৰ দেশ হিচাপে ভাৰতৰ সন্দৰ্ভত এক অধিৱেশন আৰু আন্তৰ্জাতিক পৰ্যায়ৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে আনুষ্ঠানিক বৈঠকৰ পৰিকল্পনা কৰা হৈছে।

এই বছৰ ‘টিআইএফএফ’-ত আনুষ্ঠানিক নিৰ্বাচনত ছখন ভাৰতীয় চলচ্চিত্ৰক তালিকাভুক্ত কৰা হৈছে। তৰচেম সিং ধান্দৱাৰৰ নিৰ্দেশনাৰে ‘ডীয়েৰ জেচী’, নিখিল নাগেশ ভাট পৰিচালিত ‘কিল’, কৰণ বুলানি পৰিচালিত ‘থেংক ইউ ফৰ কামিং’, কিৰণ ৰাও পৰিচালিত ‘লষ্ট লেডিজ’, জয়ন্ত দিগম্বৰ সোমলকাৰ পৰিচলিত ‘স্থল/এ মেচ’,  আনন্দ পাটৱাৰ্ধন পৰিচালিত ‘বসুধৈৱ কুটুম্বকম/ দ্য ৱৰ্ল্ড ইজ ফেমিলি’। চুচি গণেশনৰ দ্বাৰা পৰিচালিত ‘দিল হে গ্ৰে’ চলচ্চিত্ৰখন বাণিজ্য শাখাত প্ৰদৰ্শিত হ'ব।

***



(Release ID: 1955585) Visitor Counter : 76