প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

নতুন দিল্লীস্থিত বাসগৃহত মৰিচাছৰ প্ৰধানমন্ত্ৰী, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে তিনিখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী

Posted On: 08 SEP 2023 1:40PM by PIB Guwahati

এক টুইটাৰ পোষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে যে আজি সন্ধিয়া নতুন দিল্লীস্থিত তেওঁৰ বাসগৃহত মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰৱীন্দ কুমাৰ জগন্নাথ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে তিনিখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব।

শ্ৰী মোদীয়ে লগতে কয় যে এই বৈঠকসমূহে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব আৰু উন্নয়নমূলক সহযোগিতা আৰু অধিক শক্তিশালী কৰিব।

টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“আজি সন্ধিয়া মোৰ বাসগৃহত তিনিখন দ্বিপাক্ষিক বৈঠকৰ বাবে মই আগ্ৰহী হৈ আছো। মই মৰিচাছৰ প্ৰধানমন্ত্ৰী @KumarJugnauth, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু @POTUS @JoeBidenৰ সৈতে বৈঠকত মিলিত হ’ম। বৈঠকসমূহে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে উন্নয়নমূলক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব৷”

*******



(Release ID: 1955584) Visitor Counter : 107