প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মেৰী মাটি মেৰা দেশ অভিযানত অংশ ল’বলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনায়
পোষ্ট কৰা হৈছে:
01 SEP 2023 8:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেৰী মাটি মেৰা দেশ অভিযানৰ সৰ্বতোপ্ৰকাৰৰ সফলতা কামনা কৰি কয় যে সমগ্ৰ দেশৰ পৰা সংগ্ৰহ কৰা মাটিৰে প্ৰস্তুত কৰা ‘ভাটিকা’ই ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ আদৰ্শ বাস্তৱায়িত কৰিব বুলি তেওঁ আশাবাদী।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰেঃ
"বহুত বহুত শুভেচ্ছা জনালো। 'মেৰী মাটি-মেৰা দেশ' অভিযানে আমাৰ ঐক্য আৰু অখণ্ডতাৰ মনোভাৱ আৰু অধিক শক্তিশালী কৰিবলৈ গৈ আছে। মই নিশ্চিত যে ইয়াৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা মাটিয়ে এনে এখন অমৃত বাগিচাৰ সৃষ্টি কৰিব যি "এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিব। আহক আমি এই 'অমৃত কলশ যাত্ৰা'ত আমাৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰোঁ।"
***
(ৰিলিজ আই ডি : 1954844)
অতিথি কক্ষ : 147
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
Bengali
,
Odia
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam