প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইৰাণৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 24 AUG 2023 11:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ড ছেইয়দ ইব্ৰাহিম ৰাইছীয়ে ২৪ আগষ্ট, ২০২৩ত জোহান্সবাৰ্গত পঞ্চদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে বৈঠকত মিলিত হয়৷

দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, সংযোগ, শক্তি আৰু সন্ত্ৰাসবাদ বিৰোধকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। দুয়োপক্ষই চাবাহাৰ প্ৰকল্পকে ধৰি আন্তঃগাঁথনিৰ সহযোগিতা দ্ৰুত কৰাত সন্মতি প্ৰকাশ কৰে। নেতাসকলে আফগানিস্তানকে ধৰি আঞ্চলিক উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছ পৰিয়ালত যোগদান কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰাইচীক অভিনন্দন জনায়।

ৰাষ্ট্ৰপতি ৰাইচীয়ে চন্দ্ৰযান অভিযানৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনোৱাৰ লগতে ইৰাণৰ ব্ৰিকছৰ সদস্যপদৰ বাবে ভাৰতৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়।

 

***



(Release ID: 1953213) Visitor Counter : 81