প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘বি-২০ ভাৰত সন্মিলন২০২৩’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

"ভাৰতৰ চন্দ্ৰ অভিযান বিজ্ঞান আৰু উদ্যোগ দুয়োটা ক্ষেত্ৰৰে সাফল্য"

"বি-২০-ৰ প্ৰতিপাদ্য প্ৰসংগ – ‘ৰেইজ’( আৰএআইজেই)ত 'আই'য়ে উদ্ভাৱনক প্ৰতিনিধিত্ব কৰে। অৱশ্যে উদ্ভাৱনৰ লগতে মই ইয়াত আন এটা 'আই'য়ো প্ৰত্যক্ষ কৰিছোঁ, সেয়া হৈছে – ‘ইনক্লুচিভনেছ’ অৰ্থাত্ ‘সামগ্ৰিকতা"

"আমাৰ বেছিভাগ বিনিয়োগত প্ৰয়োজন হোৱা বস্তুটো হ'ল 'পাৰস্পৰিক বিশ্বাস'"

"গোলকীয় বিকাশৰ ভৱিষ্যত ব্যৱসায়ৰ ভৱিষ্যতৰ ওপৰত নিৰ্ভৰশীল"

Posted On: 27 AUG 2023 1:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ‘বি-২০ ভাৰত সন্মিলন ২০২৩’ ত ভাষণ দিয়ে। ‘বি-২০ ভাৰত সন্মিলন’য়ে গোলকীয় নীতি নিৰ্ধাৰক, ব্যৱসায়িক নেতা আৰু বিশেষজ্ঞসকলক বি-২০ ভাৰত বিজ্ঞপ্তি সন্দৰ্ভত আলোচনা-বিলোচনা কৰাৰ বাবে সন্মিলিত কৰিছে। ‘বি ২০ ভাৰত বিজ্ঞপ্তি’ত ‘জি-২০’ত উথ্থাপন কৰাৰ বাবে ৫৪ টা পৰামৰ্শ আৰু ১৭২টা নীতিগত পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে।

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ২৩ আগষ্টত ‘চন্দ্ৰযান মিছন’ অৱতৰণৰ সফলতাৰে আৰম্ভ কৰা উদযাপনৰ মুহূৰ্তত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ভাৰতত উৎসৱৰ বতৰ সমাগত হৈছে আৰু সমাজৰ লগতে ব্যৱসায়ো উদযাপনৰ বাবে উদ্বেলিত হৈছে। ‘চন্দ্ৰযান অভিযান’ৰ সফলতাত ‘ইছৰো’ৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই অভিযানত উদ্যোগজগতৰ ভূমিকা স্বীকাৰ কৰে, কিয়নো ব্যক্তিগত খণ্ড আৰু ‘এমএছএমই’সমূহে ‘চন্দ্ৰযান’ৰ বহুতো উপাদান যোগান ধৰিছে। "এয়া বিজ্ঞান আৰু উদ্যোগ দুয়োটা খণ্ডৰে সফলতা," তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয় যে ভাৰতৰ লগতে সমগ্ৰ বিশ্বই এই সাফল্য উদযাপন কৰিছে আৰু এক দায়িত্বশীল মহাকাশ কাৰ্যসূচীৰ বাবেই এই সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ‘বি-২০’ৰ বিষয়বস্তু দায়বদ্ধতা, ত্বৰণ, উদ্ভাৱন, স্থিৰতা আৰু সমতাৰ বাবেই এই উদযাপন। ই মানৱতাৰ বাবে আৰু 'এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত'ৰ বাবেও।

বি-২০ বিষয়বস্তু 'ৰেইজ' (আৰএআইএছই) সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যদিও ৰেইজৰ 'আই'য়ে উদ্ভাৱনক প্ৰতিনিধিত্ব কৰে কিন্তু তেওঁ ‘ইনক্লুচিভনেছ’ বা ‘সামগ্ৰিকতা’ৰ আন এটা 'আই'ৰ ছবি প্ৰত্যক্ষ কৰিছে। তেওঁ জনাই যে ‘আফ্ৰিকান ইউনিয়ন’ক ‘জি-২০’ত স্থায়ী আসনৰ বাবে আমন্ত্ৰণ জনোৱাৰ সময়তো একেই দৃষ্টিভংগী প্ৰয়োগ কৰা হৈছে। আনকি, প্ৰধানমন্ত্ৰীয়ে কয় যে ‘বি-২০’ত আফ্ৰিকাৰ অৰ্থনৈতিক বিকাশক এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। "ভাৰতে বিশ্বাস কৰে যে এই মঞ্চৰ সামগ্ৰিক দৃষ্টিভংগীয়ে এই গোটটোৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ইয়াত লোৱা সিদ্ধান্তসমূহৰ সফলতাই গোলকীয় অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত আৰু বহনক্ষম বিকাশ সম্ভৱ কৰাত প্ৰত্যক্ষ প্ৰভাৱ পেলাব।  

শতিকাৰ বিৰল দুৰ্যোগ অৰ্থাৎ ‘ক’ভিড-১৯’ মহামাৰীৰ পৰা লাভ কৰা শিক্ষাৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে মহামাৰীটোৱে আমাক শিকাইছে যে আমাৰ বেছিভাগ বিনিয়োগত প্ৰয়োজন হোৱা বস্তুটো হৈছে 'পাৰস্পৰিক বিশ্বাস'। প্ৰধানমন্ত্ৰীয়ে কয় যে মহামাৰীয়ে পাৰস্পৰিক বিশ্বাসৰ প্ৰাসাদ তছনছ কৰাত ভাৰতে পাৰস্পৰিক বিশ্বাসৰ ধ্বজা দাঙি আত্মবিশ্বাস আৰু বিনয়েৰে থিয় দিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ১৫০ খনতকৈয়ো অধিক দেশৰ বাবে ঔষধ উপলব্ধ কৰিছে আৰু ‘বিশ্বৰ ফাৰ্মাচী’ হিচাপে ইয়াৰ মৰ্যাদা অনুসৰি জীৱনৰ বাট বুলিছে। একেদৰে, কোটি কোটি লোকৰ জীৱন ৰক্ষা কৰিবলৈ পৰতিষেধকৰ উৎপাদন বৃদ্ধি কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্যবোধক ইয়াৰ কাৰ্য আৰু ইয়াৰ সঁহাৰিত প্ৰদৰ্শন কৰে। তেওঁ কয়, "ভাৰতৰ ৫০ খনতকৈয়ো অধিক চহৰত অনুষ্ঠিত ‘জি-২০’ বৈঠকত ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্যবোধ পৰিলক্ষিত হৈছে।"

বিশ্ব ব্যৱসায়িক সম্প্ৰদায়ৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্বৰ আকৰ্ষণীয়তাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱ প্ৰতিভা সমগ্ৰ আৰু ইয়াৰ ‘ডিজিটেল বিপ্লৱ’ৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "ভাৰতৰ সৈতে আপোনালোকৰ বন্ধুত্ব যিমানে গভীৰ হ'ব, পৰস্পৰৰ বাবে সমৃদ্ধি সিমানেই বৃদ্ধি পাব"।

তেওঁ কয়, "ব্যৱসায়ে সম্ভাৱনাক সমৃদ্ধিলৈ, বাধাক সুযোগলৈ, আকাংক্ষাক সফলতালৈ ৰূপান্তৰ কৰিব পাৰে। সেইবোৰ সৰুৱেই হওক বা ডাঙৰেই হওক, গোলকীয়ই হওক বা স্থানীয়ই হওক, ব্যৱসায়ে সকলোৰে বাবে প্ৰগতি নিশ্চিত কৰিব পাৰে।" সেয়েহে, প্ৰধানমন্ত্ৰীয়ে কয়, "বিশ্বৰ বিকাশৰ ভৱিষ্যত ব্যৱসায়ৰ ভৱিষ্যতৰ ওপৰত নিৰ্ভৰশীল"।

কোভিড ১৯ মহামাৰীৰ আৰম্ভণিৰ মুহূৰ্তত হোৱা জীৱনৰ পৰিৱৰ্তন সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ যোগান শৃংখলাত ব্যাঘাতৰ অপৰিৱৰ্তনীয় পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। গোলকীয় যোগান শৃংখলাৰ দক্ষতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই আজি যি ব্যাঘাতৰে মোকাবিলা কৰি আছে তাৰ সমাধান হৈছে ভাৰত। তেওঁ আজি বিশ্বত এক বিশ্বস্ত যোগান শৃংখলা গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ সম্পৰ্কে আলোকপাত কৰে আৰু গোলকীয় ব্যৱসায়ৰ অৱদানত গুৰুত্ব আৰোপ কৰে।  

জি-২০ ৰাষ্ট্ৰসমূহৰ ব্যৱসায়ৰ মাজত ‘বি-২০’ এক শক্তিশালী মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰাত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে স্থিৰতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপৰ প্ৰয়জনীতা স্বীকাৰ কৰে। তেওঁ বিশ্বজোৰা ব্যৱসায়ক আগবাঢ়ি যাবলৈ আহ্বান জনাই কিয়নো স্থিৰতা নিজেই এক সুযোগ হোৱাৰ লগতে এক ব্যৱসায়িক আৰ্হিও। তেওঁ বাজ্ৰাৰ উদাহৰণ দি ইয়াক এক ‘ছুপাৰফুড’, পৰিৱেশ অনুকূল আৰু ক্ষুদ্ৰ কৃষকসকলৰ বাবে উপকাৰী বুলি বৰ্ণনা কৰে, যি ইয়াক অৰ্থনীতি আৰু জীৱনশৈলী দুয়োটা দিশৰ পৰা লাভজনক আৰ্হি হিচাপে গঢ়ি তোলে। তেওঁ চক্ৰীয় অৰ্থনীতি আৰু সেউজ শক্তিৰ কথাও উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ দৰে পদক্ষেপত বিশ্বক লগত লৈ আগবঢ়াৰ বাবে ভাৰতে পোষণ কৰা দৃষ্টিভংগী দৃশ্যমান হৈছে।  

কৰোনাৰ পিছৰ পৃথিৱীখনত প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে প্ৰতিগৰাকী ব্যক্তিয়েই তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কে অতিৰিক্ত সচেতন হৈ উঠিছে আৰু দৈনন্দিন কাৰ্যকলাপত ইয়াৰ প্ৰভাৱ স্পষ্টভাৱে দেখা গৈছে। তেওঁ এইটোও উল্লেখ কৰিছে যে মানুহে এনে ধৰণৰ যিকোনো কাৰ্যকলাপৰ ভৱিষ্যতৰ প্ৰভাৱৰ বাবে আগবাঢ়ি আছে। এই বিশ্বাসক শক্তি প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যৱসায় আৰু সমাজে পৃথিৱীৰ প্ৰতি একে ধৰণৰ দৃষ্টিভংগী পোষণ কৰিব লাগে আৰু পৃথিৱীত ইয়াৰ আধাৰত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰভাৱ বিশ্লেষণ কৰিব লাগে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "পৃথিৱীৰ কল্যাণো আমাৰ দায়িত্ব"। ‘মিছন লাইফ’ সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানৰ উদ্দেশ্য হৈছে ‘প্ৰ' প্লেনেট পিপুল’ৰ এটা গোট বা সমষ্টি সৃষ্টি কৰা। তেওঁ উল্লেখ কৰে যে যেতিয়া জীৱনশৈলী আৰু ব্যৱসায় দুয়োটাই গ্ৰহৰ সমৰ্থক হয় তেতিয়া আধা সমস্যাই হ্ৰাস পায়। তেওঁ পৰিৱেশ অনুসৰি জীৱন আৰু ব্যৱসায়ক খাপ খুৱাই লোৱাত গুৰুত্ব আৰোপ কৰে আৰু ভাৰতে ব্যৱসায়ৰ বাবে সেউজ ঋণৰ এক পৰিকাঠামো প্ৰস্তুত কৰাৰ বিষয়ে অৱগত কৰে, যিয়ে গ্ৰহটোৰ প্ৰতি ইতিবাচক পদক্ষেপত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে বিশ্ব ব্যৱসায়ৰ সকলো অগ্ৰগণ্য ব্যক্তিক হাতত হাত ধৰি বিশ্ব জোৰা আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে ব্যৱসায়ৰ প্ৰতি পৰম্পৰাগত দৃষ্টিভংগীৰ পুনৰ বিবেচনা কৰিবলৈ কয়। তেওঁ কয় যে ‘ব্ৰেণ্ড আৰু বিক্ৰী’ৰ সীমা অতিক্ৰমণৰ প্ৰয়োজন আছে। তেওঁ কয়, "ব্যৱসায় হিচাপে আমি এনে এক পৰিস্থিতিতন্ত্ৰ সৃষ্টিতো গুৰুত্ব দিব লাগিব যি দীৰ্ঘম্যাদী সময়ত আমাক লাভান্বিত কৰিব। এতিয়া, যোৱা কেইবছৰমানত ভাৰতে ৰূপায়ণ কৰা নীতিৰ বাবে, মাত্ৰ ৫ বছৰত ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা ওলাই আহিছে। এই লোকসকল হৈছে নতুন উপভোক্তা। এই নৱ্য মধ্যবিত্ত শ্ৰেণীটোৱেও ভাৰতৰ বিকাশত গতি প্ৰদান কৰিছে। অৰ্থাৎ দৰিদ্ৰ লোকসকলৰ বাবে চৰকাৰে কৰা কামৰ মুঠ হিতাধিকাৰী হৈছে আমাৰ মধ্যবিত্ত শ্ৰেণীৰ লগতে আমাৰ ‘এমএছএমই’সমূহ।" প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ব্যৱসায়সমূহে অধিকসংখ্যক লোকৰ ক্ৰয় ক্ষমতা উন্নত কৰাত গুৰুত্ব দিব লাগে, কিয়নো এক আত্মকেন্দ্ৰিক দৃষ্টিভংগীয়ে সকলোৰে ক্ষতি কৰিব। গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু বিৰল পৃথিৱী ধাতুৰ অসম উপলব্ধতা আৰু সাৰ্বজনীন প্ৰয়োজনীয়তাৰ একেই প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যদি সেইবোৰ থকা সকলে সেইবোৰক গোলকীয় দায়িত্ব হিচাপে নাচায় তেন্তে ই ঔপনিৱেশিকতাৰ এক নতুন আৰ্হিক উত্সাহিত কৰিব।"

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উৎপাদক আৰু উপভোক্তাসকলৰ স্বাৰ্থত ভাৰসাম্য থাকিলে লাভজনক বজাৰ বৰ্তাই ৰাখিব পাৰি আৰু ই ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। তেওঁ জোৰ দি কয় যে আন দেশবোৰক কেৱল বজাৰ হিচাপে গণ্য কৰিলেই কাম নহ'ব, বৰঞ্চ, আনকি উৎপাদক দেশসমূহৰো সোনকালেই বা পিছলৈ ক্ষতি হ'ব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে আগবাঢ়ি যোৱাৰ পথ হৈছে এই আগ্ৰগতিত সকলোকে সমান অংশীদাৰ কৰা। তেওঁ অনুষ্ঠানটোত উপস্থিত থকা ব্যৱসায়িক নেতাসকলক ব্যৱসায়সমূহক অধিক উপভোক্তা-কেন্দ্ৰিক কৰি তুলিবলৈ প্ৰয়াস কৰিবলৈ আহ্বান জনায়, য'ত এই গ্ৰাহকসকল ব্যক্তি বা দেশ হ'ব পাৰে। তেওঁ কয় যে তেওঁলোকৰ স্বাৰ্থৰ যত্ন লোৱা প্ৰয়োজন আৰু ইয়াৰ বাবে বাৰ্ষিক প্ৰচাৰ চলোৱাৰ পৰামৰ্শ আগবঢ়ায়। "গোলকীয় ব্যৱসায়ীসকল গ্ৰাহক আৰু তেওঁলোকৰ বজাৰৰ মঙ্গলৰ বাবে নিজক প্ৰতিশ্ৰুতিবদ্ধ কৰিবলৈ প্ৰতি বছৰে একত্ৰিত হ'ব পাৰিবনে" বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে।  

শ্ৰী মোদীয়ে গোলকীয় ব্যৱসায়ীসকলক উপভোক্তাসকলৰ স্বাৰ্থৰ বিষয়ে কথা পাতিবলৈ এটা দিন নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়। "যেতিয়া আমি উপভোক্তা অধিকাৰৰ কথা কওঁ, আমি উপভোক্তা যত্নৰ প্ৰতিও সতৰ্ক হোৱা উচিত নহয় নে বাৰু, কিয়নো ই স্বয়ংক্ৰিয় ভাৱে বহুতো গ্ৰাহক অধিকাৰৰ যত্ন ল'ব বুলি তেওঁ প্ৰশ্ন উথ্থাপন কৰে। আমি নিশ্চিতভাৱে 'আন্তৰ্জাতিক গ্ৰাহক সেৱা দিৱস'ৰ এটা প্ৰণালীৰ বিষয়ে চিন্তা কৰা উচিত। ই ব্যৱসায় আৰু উপভোক্তাসকলৰ মাজত বিশ্বাস শক্তিশালী কৰাত সহায় কৰিব", প্ৰধানমন্ত্ৰী মোদীয়ে কয়। তেওঁ বৰ্ণনা কৰে যে গ্ৰাহকসকল এক নিৰ্দিষ্ট ভূগোলৰ ভিতৰত খুচুৰা গ্ৰাহকৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ দেশসমূহো গোলকীয় বাণিজ্য, গোলকীয় সামগ্ৰী আৰু সেৱাৰ উপভোক্তা।   

বিশ্বৰ ব্যৱসায়িক নেতাসকলৰ উপস্থিতিৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি কয় যে এই প্ৰশ্নসমূহৰ উত্তৰৰ দ্বাৰা ব্যৱসায় আৰু মানৱতাৰ ভৱিষ্যত নিৰ্ণয় কৰা হ'ব। উত্তৰ সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে সেইবোৰৰ উত্তৰ দিবলৈ পাৰস্পৰিক সহযোগিতাৰ প্ৰয়োজনীয়। তেওঁ উল্লেখ কৰে যে জলবায়ু পৰিৱৰ্তন, শক্তি খণ্ডৰ সংকট, খাদ্য যোগান শৃংখলাৰ ভাৰসাম্যহীনতা, পানী সুৰক্ষা, চাইবাৰ নিৰাপত্তা আদি বিষয়বোৰে ব্যৱসায়ত বৃহৎ প্ৰভাৱ পেলায়, আৰু ইয়াৰ প্ৰতিৰোধৰ প্ৰচেষ্টা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। তেওঁ ১০-১৫ বছৰ আগতে কোনেও ভাবিব নোৱাৰা বিষয়বোৰো স্পৰ্শ কৰে আৰু ‘ক্ৰিপ্টোকাৰেন্সী’ সম্পৰ্কীয় প্ৰত্যাহ্বানৰ উদাহৰণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত অধিক সংহত দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে আৰু এক গোলকীয় পৰিকাঠামো গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে, য'ত সকলো অংশীদাৰৰ সমস্যাস মাধান কৰিব পৰা যাব। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰতো একে ধৰণৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰে। এআই সনদৰ্ভত চাৰিওফালে হোৱা গুঞ্জন আৰু উত্তেজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দক্ষতা আৰু পুনৰ দক্ষতা আৰু এলগৰিথম পক্ষপাতিত্ব আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে কিছুমান নৈতিক বিবেচনাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। "এনে সমস্যাবোৰ একেলগে সমাধান কৰিব লাগিব। বিশ্বৰ ব্যৱসায়িক সম্প্ৰদায় আৰু চৰকাৰে নৈতিকতাৰে এআই সম্প্ৰসাৰিত হোৱাটো নিশ্চিত কৰিবলৈ একেলগে কাম কৰিব লাগিব", প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত উদ্ভৱ হব পৰা সম্ভাৱ্য ব্যাঘাত অনুভৱ কৰাতো দৃঢ়তাৰে জোৰ দিয়ে।

ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যৱসায়সমূহ সফলতাৰে সীমা অতিক্ৰম কৰিছে কিন্তু এতিয়া ব্যৱসায়ক অন্তিমৰেখাৰ বাহিৰলৈ লৈ যোৱাৰ সময় আহি পৰিছে। তেওঁ কয় যে যোগান শৃংখলাৰ স্থিতিস্থাপকতা আৰু স্থিৰতাৰ ওপৰত গুৰুত্ব দি ইয়াক সম্পন্ন কৰিব পাৰি। ‘বি-২০ সন্মিলন’-য়ে এক সামূহিক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছে বুলি শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে। "আমি মনত ৰাখিম যে এখন সংযোজিত পৃথিৱী কেৱল প্ৰযুক্তিৰ জৰিয়তে সংযুক্ত হোৱাই নহয়। ই কেৱল অংশীদাৰী সামাজিক মঞ্চও নহয়, এক অংশীদাৰিত্বমূলক উদ্দেশ্য, অংশীদাৰিত্বমূলক গ্ৰহ, অংশীদাৰিত্বমূলক সমৃদ্ধি আৰু এক অংশীদাৰিত্বমূলক ভৱিষ্যতৰ বাবেও", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

 

পটভূমি

‘ব্যৱসায় ২০’ (বি২০) হৈছে গোলকীয় ব্যৱসায়িক সম্প্ৰদায়ৰ সৈতে আনুষ্ঠানিক ‘জি-২০’ৰ সংলাপ মঞ্চ। ২০১০ চনত স্থাপিত ‘বি২০’ হৈছে ‘জি-২০’ৰ আটাইতকৈ বিশিষ্ট কাৰ্যক্ৰমসমূহৰ অন্যতম। ইয়াত কোম্পানী আৰু ব্যৱসায়িক সংগঠনবোৰসমূহ অংশগ্ৰহণকাৰী হিচাপে জড়িত থাকে। ‘বি২০’ য়ে অৰ্থনৈতিক প্ৰগতি আৰু বিকাশক উৎসাহিত কৰিবলৈ দৃঢ় কাৰ্যকৰী নীতিৰ পৰামৰ্শ প্ৰদানৰ উদ্যোগ লয়।

তিনিদিনীয়া সন্মিলনখন ২৫ ৰ পৰা ২৭ আগষ্টলৈ অনুষ্ঠিত হয়। ইয়াৰ বিষয়বস্তু হৈছে ‘ৰেইজ’(আৰএআইএছই) – ‘দায়িত্বশীল, ত্বৰিত, উদ্ভাৱনীমূলক, বহনক্ষম আৰু ন্যায়সঙ্গত ব্যৱসায়’। ইয়াত প্ৰায় ৫৫ খন দেশৰ ১,৫০০ তকৈয়ো অধিক প্ৰতিনিধি উপস্থিত আছে।

 

 

 

******



(Release ID: 1953172) Visitor Counter : 134