স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

৭৭ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে দেশৰ ভাগ্য সলনি কৰাৰ প্ৰয়াসৰ বাবে নাৰ্ছ, চিকিৎসক আৰু অন্যান্য লোকসকলক প্ৰশংসা কৰে

সমগ্ৰ দেশৰ ৫০গৰাকী নাৰ্ছক লালকিল্লাৰ পৰা স্বাধীনতা দিৱস উদযাপন প্ৰত্যক্ষ কৰিবলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল

"কোভিডে আমাক শিকাইছে যে মানৱকেন্দ্ৰিক দৃষ্টিভংগী অবিহনে পৃথিৱীৰ বিকাশ সম্ভৱ নহয়"

"জন ঔষধি কেন্দ্ৰই ২০,০০০ কোটি টকাৰ সঞ্চয়ৰ দ্বাৰা দেশৰ মধ্যবিত্ত শ্ৰেণীক নতুন শক্তি প্ৰদান কৰিছে"

"জন ঔষধি কেন্দ্ৰৰ সংখ্যা ২৫,০০০ কেন্দ্ৰলৈ বৃদ্ধি কৰা লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে"

Posted On: 15 AUG 2023 11:05AM by PIB Guwahati

নতুন দিল্লীত স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে, সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ ৫০গৰাকী নাৰ্ছক তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে লালকিল্লাৰ পৰা উদযাপনৰ সাক্ষী হবলৈ আৰু অংশগ্ৰহণৰ বাবে বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। এই বিশেষ অতিথিসকলৰ মাজত পঞ্চায়ত প্ৰতিনিধি, শিক্ষক, কৃষক আৰু মাছমৰীয়াৰ পৰা আৰম্ভ কৰি জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ ১৮০০ জন বিশেষ অতিথি আছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভাগ্য সলনি কৰাৰ বাবে নাৰ্ছ, চিকিৎসক আৰু অন্যান্য লোকসকলক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কোভিডে আমাক শিকাইছে যে মানৱকেন্দ্ৰিক দৃষ্টিভংগী অবিহনে পৃথিৱীৰ বিকাশ সম্ভৱ নহয়।

দেশৰ সাৰ্বজনীন স্বাস্থ্য সেৱাক আৰু অধিক উন্নত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি তেওঁ কয় যে চৰকাৰে আয়ুষ্মান ভাৰতত ৭০,০০০ কোটি টকা বিনিয়োগ কৰিছে যিয়ে বিপিএল পৰিয়ালসমূহক ৫ লাখ টকাৰ বাৰ্ষিক স্বাস্থ্য গেৰাণ্টি প্ৰদান কৰে।

অনুষ্ঠানত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য কৰ্মী বিশেষকৈ অংগনৱাড়ী কৰ্মী আৰু আশা কৰ্মীসকলৰ ২০০ কোটিতকৈও অধিক কোভিড টিকাকৰণৰ লক্ষ্য্ প্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠা আৰু নিৰন্তৰ প্ৰচেষ্টাৰ বাবে দৃষ্টান্তমূলক অৱদানৰ প্ৰশংসা কৰে। তেওঁ লগতে কয়, "কোভিড পৰিস্থিতিৰ সময়ত আৰু ইয়াৰ পাছত ভাৰতে বিশ্বক কৰা সহায়ৰ বাবে দেশখনে সমগ্ৰ বিশ্বৰে এক বন্ধু দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে"।

এক পৃথিৱী, এক স্বাস্থ্য আৰু এক ভৱিষ্যতৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "জন ঔষধি কেন্দ্ৰই ২০,০০০ কোটি টকাৰ সঞ্চয়ৰ দ্বাৰা দেশৰ মধ্যবিত্ত শ্ৰেণীক নতুন শক্তি প্ৰদান কৰিছে। তেওঁ আৰু কয় যে যে চৰকাৰে জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৰ্তমানৰ ১০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে অনাগত দিনত কাম কৰিবলৈ গৈ আছে।

***********



(Release ID: 1949137) Visitor Counter : 74