প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আহমেদাবাদৰ বাভলা-বাগোদৰা ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

ভুক্তভোগীসকললৈ পিএমএনআৰএফৰপৰা এক্স-গ্ৰেচিয়া ঘোষণা

Posted On: 11 AUG 2023 3:34PM by PIB Guwahati

গুজৰাটৰ আহমেদাবাদৰ বাভলা-বাগোদৰা ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএমএনআৰএফৰপৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ ঘোষণা কৰে। 

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

“আহমেদাবাদ জিলাৰ বাভলা – বাগোদৰা ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত মৰ্মাহত হৈছোঁ। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ। স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে। 

পিএমএনআৰএফৰপৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”

 

Pained by the road mishap on the Bavla – Bagodara highway in Ahmedabad district. Condolences to the bereaved families. May the injured recover soon. The local administration is providing all possible assistance to those affected.

An ex-gratia of Rs. 2 lakh from PMNRF will be…

— PMO India (@PMOIndia) August 11, 2023

 

******



(Release ID: 1948444) Visitor Counter : 81