আয়ুষ
ভাৰতীয় চিকিৎসা প্ৰণালীৰ অধীনত চিকিৎসা কৰিব বিচৰা বিদেশী নাগৰিকসকলৰ বাবে চৰকাৰে আয়ুষ ভিছাৰ এটা নতুন শ্ৰেণী প্ৰৱৰ্তন কৰিছে
ভাৰতীয় পৰম্পৰাগত চিকিৎসাক বৈশ্বিক স্তৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী শক্তিশালী কৰিব আয়ুষ ভিছা শ্ৰেণীয়েঃ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী
Posted On:
02 AUG 2023 4:50PM by PIB Guwahati
ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আয়ুষ প্ৰণালী/ভাৰতীয় চিকিৎসা প্ৰণালীৰ অধীনত চিকিৎসাৰ বাবে বিদেশী নাগৰিকসকলৰ বাবে আয়ুষ (এৱাই) ভিছাৰ এক নতুন শ্ৰেণী সৃষ্টিৰ বাবে জাননী জাৰি কৰিছে। আয়ুষ ভিছা প্ৰৱৰ্তনৰ ফলত আয়ুষ প্ৰণালী/ভাৰতীয় চিকিৎসা প্ৰণালী যেনে থেৰাপিউটিক সেৱা, কল্যাণ আৰু যোগৰ অধীনত চিকিৎসাৰ বাবে ভাৰতলৈ অহা বিদেশীসকলৰ বাবে এক বিশেষ ভিছা আঁচনি আৰম্ভ কৰাৰ প্ৰস্তাৱ পূৰণ কৰা হৈছে।
ইয়াৰ অধীনত অধ্যায়-১১ চিকিৎসা ভিছাৰ পিছত এক নতুন অধ্যায় অৰ্থাৎ অধ্যায়-১১ এ আয়ুষ ভিছা অন্তৰ্ভুক্ত কৰা হৈছে, যি ভাৰতীয় ঔষধ প্ৰণালীৰ অধীনত চিকিৎসাৰ সৈতে সম্পৰ্কিত আৰু সেই অনুসৰি ভিছা মেনুৱেল, ২০১৯-ৰ বিভিন্ন অধ্যায়ত প্ৰয়োজনীয় সংশোধন কৰা হৈছে।
কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আয়ুষ প্ৰণালী/ভাৰতীয় চিকিৎসা প্ৰণালীৰ অধীনত চিকিৎসা বিচৰা বিদেশী নাগৰিকসকলৰ বাবে আয়ুষ (এৱাই) ভিছাৰ নতুন শ্ৰেণী সৃষ্টি কৰাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ই ভাৰতত মেডিকেল ভেল্যু ট্ৰেভেলক প্ৰোৎসাহিত কৰিব। এই পদক্ষেপে ভাৰতীয় পৰম্পৰাগত চিকিৎসাক এক বৈশ্বিক স্তৰলৈ লৈ যোৱাৰ বাবে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী পূৰণ কৰাৰ আমাৰ প্ৰয়াসক শক্তিশালী কৰিব। মই এক বিশেষ আয়ুষ ভিছা শ্ৰেণী সৃষ্টিৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহক প্ৰশংসা কৰিব বিচাৰিছোঁ"।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ এপ্ৰিলত গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত গ্লোবেল আয়ুষ ইনভেষ্টমেণ্ট এণ্ড ইনোভেচন ছামিটত আয়ুষ চিকিৎসা বিচাৰি ভাৰত ভ্ৰমণ কৰিব বিচৰা বিদেশী নাগৰিকসকলক সুবিধা প্ৰদানৰ বাবে এক বিশেষ আয়ুষ ভিছা শ্ৰেণী গঠনৰ কথা ঘোষণা কৰিছিল।
আয়ুষ ভিছা শ্ৰেণীৰ প্ৰৱৰ্তন হৈছে চৰকাৰৰ হীল ইন ইণ্ডিয়া প্ৰচেষ্টাৰ বাবে ভাৰতৰ ৰোডমেপৰ অংশ, যাৰ উদ্দেশ্য হৈছে ভাৰতক চিকিৎসাৰ বাবে এক ভ্ৰমণৰ গন্তব্য স্থান হিচাপে প্ৰোৎসাহিত কৰা। আয়ুষ মন্ত্ৰালয় আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰতক বিশ্বৰ চিকিৎসা পৰ্যটন গন্তব্য স্থান হিচাপে প্ৰোৎসাহিত কৰাৰ বাবে ৱান ষ্টপ হীল ইন ইণ্ডিয়া পৰ্টেল বিকশিত কৰিবলৈ একেলগে কাম কৰি আছে।
শেহতীয়া বছৰবোৰত ভাৰতত মেডিকেল ভেল্যু ট্ৰেভেলৰ গুৰুত্বপূৰ্ণ বিকাশ পৰিলক্ষিত হৈছে। গ্লোবেল ৱেলনেছ ইনষ্টিটিউটৰ (জিডব্লিউআই) 'দ্য গ্লোবেল ৱেলনেছ ইকনমিঃ লুকিং বিয়ণ্ড কোভিড' প্ৰতিবেদন অনুসৰি, গ্লোবেল ৱেলনেছ অৰ্থনীতি বাৰ্ষিক ৯.৯% হাৰত বৃদ্ধি হ'ব। আয়ুষ আধাৰিত স্বাস্থ্যসেৱা আৰু কল্যাণ অৰ্থনীতি ২০২৫ চনৰ ভিতৰত ৭০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে।
আয়ুষ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় আৰু বৈশ্বিক স্তৰত আয়ুষ চিকিৎসা প্ৰণালীক প্ৰোৎসাহিত কৰাৰ বাবে বহুতো ক্ষেত্ৰত কাম কৰি আছে। শেহতীয়াকৈ, আয়ুৰ্বেদ আৰু চিকিৎসাৰ অন্যান্য অন্যান্য পৰম্পৰাগত প্ৰণালীত মেডিকেল ভেল্যু ট্ৰেভেলক প্ৰোৎসাহিত কৰাৰ উদ্দেশ্যত একেলগে কাম কৰাৰ বাবে ভাৰত পৰ্যটন উন্নয়ন নিগম, পৰ্যটন মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে।
*************************
(Release ID: 1946748)