প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীৰ কালকাজীৰ আৱাস যোজনাৰ লাভাৰ্থী মহিলাই নিজৰ ঘৰৰ সপোন সাকাৰ কৰা বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি ধন্যবাদ জনায়

प्रविष्टि तिथि: 04 AUG 2023 10:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা টুইটত কয় যে তেওঁ দিল্লীৰ কালকাজী ক্ষেত্ৰত 'জহাঁ ঝুগ্গী ৱহীঁ মকান' যোজনাৰ জৰিয়তে পকা ঘৰ আৱণ্টিত কৰা লাভাৰ্থীৰ দ্বাৰা তেওঁলৈ লিখা পত্ৰত অভিভূত।

লাভাৰ্থী মহিলাসকলে বিদেশ মন্ত্ৰী ডাঃ এছ জয়শংকৰক পত্ৰ দিয়ে। বিদেশ মন্ত্ৰী তেওঁলোকক লগ পাবলৈ আহিছিল। লাভাৰ্থীসকলে নিজৰ আনন্দ প্ৰকাশ কৰে আৰু তেওঁলোকৰ সপোন সাকাৰ কৰা বাবে আৰু যোজনাৰ মাধ্যমত তেওঁলোকৰ জীৱন সুগম কৰি তোলাত সহায় কৰা বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়।

প্ৰধানমন্ত্ৰীয়ে দুখীয়াসকলৰ কল্যাণৰ বাবে কাম কৰি যোৱাৰ চৰকাৰৰ সংকল্পবদ্ধতা দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়:

"দিল্লীৰ কালকাজীৰ সেই মাতৃ আৰু ভগ্নীসকলৰ পত্ৰ পাই অভিভূত হৈছোঁ, যিসকলে 'জহাঁ ঝুগ্গী ৱহীঁ মকান' স্কিমৰ জৰিয়তে পকা ঘৰ পাইছে। বিদেশ মন্ত্ৰী @DrSJaishankar জী যেতিয়া তালৈ যায় তেতিয়া মহিলাসকলে এই পত্ৰ তেওঁক দিয়ে, য'ত তেওঁলোকে নিজৰ আনন্দ প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে কেনেকৈ এই স্কিমৰ জৰিয়তে তেওঁলোকৰ বছৰ বছৰৰ পুৰণি সপোন সাকাৰ হ'ল আৰু গোটেই পৰিয়ালৰ জীৱন সহজ হৈ পৰিল। পত্ৰৰ বাবে আপোনালোক সকলোৰে ওচৰত বহুত-বহুত কৃতজ্ঞ! আমাৰ চৰকাৰে দুখীয়াসকলৰ কল্যাণৰ বাবে এনেদৰেই সংকল্পবদ্ধ হৈ কাম কৰি থাকিব।"

**********


(रिलीज़ आईडी: 1946328) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam