প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জব্দ কৰা ১,৪৪,০০০ কিলোগ্ৰাম ড্ৰাগছ ধ্বংসৰ ঐতিহাসিক মাইলৰ খুঁটিক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
পোষ্ট কৰা হৈছে:
17 JUL 2023 8:57PM by PIB Guwahati
জব্দ কৰা ১,৪৪,০০০ কিলোগ্ৰাম ড্ৰাগছ ধ্বংসৰ ঐতিহাসিক মাইলৰ খুঁটিক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা ঐতিহাসিক মাইলৰ খুঁটিক প্ৰশংসা কৰিছে, কাৰণ আজি ১,৪৪,০০০ কিলোগ্ৰাম জব্দ কৰা ড্ৰাগছ ধ্বংস কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এক টুইটত কয় যে এই সাফল্যৰ জৰিয়তে ভাৰতে মাত্ৰ এবছৰত ১২ হাজাৰ কোটি টকাৰ ১০ লাখ কিলোগ্ৰাম ড্ৰাগছ ধ্বংস কৰাৰ এক আচৰিত অভিলেখ ৰচনা কৰিছে।
ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ আঞ্চলিক সন্মিলনত এই উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰা হয়। এই পদক্ষেপে প্ৰধানমন্ত্ৰীৰ ড্ৰাগছমুক্ত ভাৰতৰ প্ৰতি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে।
অমিত শ্বাহৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, "সুন্দৰ! ভাৰতক ড্ৰাগছৰ বিপদৰ পৰা মুক্ত কৰাৰ আমাৰ প্ৰচেষ্টাক ই নতুন শক্তি প্ৰদান কৰিব।"
Great! Adds strength to our efforts to make India free from the drugs menace. https://t.co/JT77u8aOqT
— Narendra Modi (@narendramodi) July 17, 2023
***
(ৰিলিজ আই ডি : 1940617)
অতিথি কক্ষ : 150
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam