উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

৪ জুলাইত উপ-ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণ

উপ-ৰাষ্ট্ৰপতিয়ে আইআইটি, গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব

পোষ্ট কৰা হৈছে: 02 JUL 2023 2:34PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ে ০৪ জুলাই, ২০২৩ত অসম ভ্ৰমণ কৰিব। তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT), গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

সেইদিনা গুৱাহাটীত উপস্থিত হৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কামাখ্যা মন্দিৰ দৰ্শনেৰে পূজা-অৰ্চনা কৰিব।

উক্ত দিনজোৰা ভ্ৰমণসূচীত তেওঁ আইআইটি, গুৱাহাটীত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মন-বিনিময়ো কৰিব।

*****


(ৰিলিজ আই ডি : 1936922) অতিথি কক্ষ : 172