গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাজ্যিক দূৰ্যোগ প্ৰশমন পুঁজি (এছডিআৰএফ)ৰ অধীনত ১৯খন ৰাজ্য চৰকাৰক ৬,১৯৪.৪০ কোটি টকা মুকলি কৰাৰ অনুমোদন জনাইছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ২০২৩-২৪ বৰ্ষৰ ভিতৰত ০৯খন ৰাজ্যক এছডিআৰএফৰ কেন্দ্ৰীয় অংশ হিচাপে ৩৬৪৯.৪০ কোটি টকা মুকলি কৰাৰ অনুমোদন জনাইছে

পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈকে এছডিআৰএফৰ বাবে ১,২৮,১২২.৪০ কোটি টকা আবণ্টন দিছে

Posted On: 30 JUN 2023 7:50PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত ১৯খন ৰাজ্য চৰকাৰক ৬,১৯৪.৪০ কোটি টকা মুকলি কৰাৰ অনুমোদন জনায়।

এই ধনৰাশিৰ ভিতৰত ২০২২-২৩ বৰ্ষৰ বাবে চাৰিখন ৰাজ্য (চত্তীশগড়, মেঘালয়, তেলেংগানা, উত্তৰ প্ৰদেশ)লৈ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি (এছডিআৰএফ)ৰ কেন্দ্ৰীয় অংশ হিচাপে ১,২০৯.৬০ কোটি টকা আৰু ২০২৩-২৪ বৰ্ষৰ বাবে ১৫খন ৰাজ্য (অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, গোৱা, হাৰিয়ানা, হিমাচল প্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, ওড়িশা, পঞ্জাব, তামিলনাডু, ত্ৰিপুৰা)লৈ ৪,৯৮৪.৮০ কোটি টকা অন্তৰ্ভুক্ত হৈছে। এই ধন মুকলি কৰাৰ ফলত ৰাজ্যসমূহৰ চলিত বাৰিষাৰ সময়ছোৱাত সাহায্য ব্যৱস্থা গ্ৰহণ কৰাত সহায় হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ২০২৩-২৪ বৰ্ষৰ ভিতৰত ০৯খন ৰাজ্যক এছডিআৰএফৰ কেন্দ্ৰীয় অংশ হিচাপে ৩৬৪৯.৪০ কোটি টকা মুকলি কৰাৰ অনুমোদন জনাইছে। পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈকে এছডিআৰএফৰ বাবে ১,২৮,১২২.৪০ কোটি টকা আবণ্টন দিছে।

*****



(Release ID: 1936729) Visitor Counter : 96