শক্তি মন্ত্ৰালয়

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ শীৰ্ষ পৰ্য্যায়লৈকে বান্ধ নিৰ্মাণৰ সাফল্য

Posted On: 30 JUN 2023 7:04PM by PIB Guwahati

অৰুণাচল প্ৰদেশ আৰু অসমত অৱস্থিত তথা এনএইচপিচি লিমিটেডে নিৰ্মাণ কৰি থকা ২,০০০ মেগা ৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ২০২৩ৰ ২৯ জুনত উচ্চ স্তৰ (EL)ৰ ২১০ মিটাৰ শীৰ্ষ পৰ্য্যায়লৈকে বান্ধ নিৰ্মাণৰ কাম সকলো ব্লকতে সম্পূৰ্ণ হৈ উঠিছে। [ইয়াত উচ্চ স্তৰৰ অৰ্থ হ'ল গড় সমুদ্ৰপৃষ্ঠৰ সৈতে উচ্চতা।] কেন্দ্ৰীয় শক্তি আৰু নতুন তথা নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী আৰ. কে. সিঙে ২০২৩ৰ ৩১ মে'ত প্ৰকল্পটোৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰিছিল। তেতিয়া প্ৰকল্পটোৰ ১৪টা ব্লকে ২১০ মিটাৰ শীৰ্ষ পৰ্য্যায়ত উপনীত হোৱাৰ লগতে বান্ধ কংক্ৰিটিঙৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছিল আৰু বাকী দুটা ব্লক ২০২৩ৰ জুনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি অৱগত কৰা হৈছিল।

                                                                     

এনএইচপিচিয়ে অৱগত কৰা অনুসৰি, প্ৰকল্পটোৰ মুঠ কামৰ ৯০% ৰোধিক ইতিমধ্যে সম্পূৰ্ণ হৈছে। বান্ধ, পাৱাৰ হাউচ আৰু হাইড্ৰ’মেকানিকেল ৱৰ্কছকে প্ৰমুখ্য কৰি সকলো প্ৰধান উপাংশৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িছে। 

ৰেডিয়েল গেটৰ বাকী কাম বাৰিষাৰ পিছত সম্পূৰ্ণ হ’ব আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ শেষৰফালে বিদ্যুৎ উৎপাদন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

সম্পূৰ্ণ হৈ উঠিলে, নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই বছৰি প্ৰায় ৭,৫০০ নিযুত কিলোৱাট-ঘন্টা শক্তি উৎপাদন কৰিব।

এনএইচপিচি লিমিটেডে ২০০৪ৰ ১২ অক্টোবৰত ফৰেষ্ট ক্লিয়াৰেন্স লাভ কৰি ২০০৫ৰ জানুৱাৰীৰপৰা নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য্য আৰম্ভ কৰিছিল। কিন্তু স্থানীয় অংশীদাৰসকলৰ আন্দোলন আৰু প্ৰতিবাদৰ বাবে ২০১১ৰ ডিচেম্বৰৰপৰা ২০১৯ৰ অক্টোবৰলৈকে প্ৰকল্প নিৰ্মাণৰ কাম স্তব্ধ হৈ পৰিছিল। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অনুমতি লাভৰ পিছত ১৫ অক্টোবৰ, ২০১৯ ৰপৰা পুনৰ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হৈছিল।

***



(Release ID: 1936530) Visitor Counter : 214