প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জ্যোতিৰ্বিজ্ঞানী, লেখক আৰু বিজ্ঞান প্ৰবক্তা নীল ডি গ্ৰাছ টাইছনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 21 JUN 2023 8:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত আমেৰিকাৰ আগশাৰীৰ জ্যোতিৰ্বিজ্ঞানী, লেখক আৰু বিজ্ঞান প্ৰবক্তা নীল ডি গ্ৰাছ টাইছনক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী আৰু শ্ৰীযুত টাইছনে যুৱপ্ৰজন্মৰ মাজত বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ বিষয়ে মত বিনিময় কৰে। ভাৰতৰ তত্ত্বাৱধানত গৃহীত বিভিন্ন মহাকাশ অন্বেষণ অভিযানকে ধৰি মহাকাশ খণ্ডত ভাৰতৰ দ্ৰুত অগ্ৰগতিৰ বিষয়ে দুয়োগৰাকীয়ে বিস্তাৰিতভাৱে আলোচনা কৰে।

ভাৰতৰ নতুন ৰাষ্ট্ৰীয় মহাকাশ নীতিৰ অধীনত ব্যক্তিগত খণ্ডৰ সম্ভাৱনা আৰু শিক্ষা সংক্ৰান্তীয় সহযোগিতাৰ বিষয়েও প্ৰধানমন্ত্ৰী আৰু শ্ৰীযুত টাইছনে আলোচনা কৰে।

 

**************


(रिलीज़ आईडी: 1934800) आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam