প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফিজি গণৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 22 MAY 2023 2:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২২ মে'ত ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চ’ (এফআইপিআইচি)ৰ তৃতীয় সন্মিলনৰ সময়ত ‘পোৰ্ট মৰেছবি’ত ফিজি গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ‘মহামহিম’ ছিটিভেনি লিগামামাদা ৰাবুকাক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ মাজত এইখন আছিল প্ৰথম বৈঠক। প্ৰধানমন্ত্ৰীয়ে  ২০১৪ চনৰ নৱেম্বৰত ফিজি ভ্ৰমণৰ কথা স্মৰণ কৰি সেই সময়তে ‘এফআইপিআইচি’-ৰ শুভাৰম্ভ হোৱাৰ লগতে তেতিয়াৰ পৰাই ‘প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশসমূহ’ (পিআইচি)ৰ সৈতে ভাৰতৰ সহযোগিতা গভীৰ হোৱাৰ কথা উল্লেখ কৰে।

নেতাদ্বয়ে দুয়োখন দেশৰ মাজত ঘনিষ্ঠ আৰু বহুমুখী উন্নয়নমূলক অংশীদাৰীত্বৰ পৰ্যালোচনা কৰে আৰু সামৰ্থ্য বৰ্দ্ধন, স্বাস্থ্য সেৱা, জলবায়ু সম্পৰ্কীয় কাৰ্যক্ৰম, নৱীকৰণযোগ্য শক্তি, কৃষি, শিক্ষা আৰু তথ্য প্ৰযুক্তিকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই আঞ্চলিক উন্নয়নৰ ক্ষেত্ৰতো মত বিনিময় কৰে আৰু বহুপাক্ষিক মঞ্চত সহযোগিতা গভীৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰে। ফিজিৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ৰাতু উইলিয়ামে মাইভালিলি কাটোনিভেৰেৰ হৈ প্ৰধানমন্ত্ৰী ৰাবুকাই প্ৰধানমন্ত্ৰী মোদীক ফিজি গণৰাজ্যৰ সৰ্বোচ্চ সন্মান ‘দ্য কম্পেনিয়ান অব দা অৰ্ডাৰ অব ফিজি’ (চিএফ)প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মানৰ বাবে ফিজি চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি ভাৰতৰ জনসাধাৰণ আৰু ফিজি-ভাৰতীয় সম্প্ৰদায়ৰ প্ৰজন্ম- যিসকলে দুয়োখন দেশৰ মাজত বিশেষ আৰু স্থায়ী বন্ধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, তেওঁলোকৰ নামত এই সন্মান উচৰ্গা কৰে।

***



(Release ID: 1926663) Visitor Counter : 102