গৃহ মন্ত্ৰালয়

২৩-২৫ মে’, ২০২৩ লৈ অনুষ্ঠিতব্য ‘জি-২০-ডিআৰআৰডব্লিউজি’-ৰ দ্বিতীয় বৈঠকত দুৰ্যোগবিপদাশংকা বিত্তীয় যোগান প্ৰসংগই কেন্দ্ৰীয় গুৰুত্ব লাভ কৰিব

মুম্বাইত অনুষ্ঠিতব্য ‘ডিআৰআৰডব্লিউজি’-ৰ দ্বিতীয় বৈঠকে ‘২০১৫-২০৩০ ৰ ভিতৰত দুৰ্যোগবিপদাশংকা হ্ৰাস সম্পৰ্কীয় চেন্দাই ফ্ৰেমৱৰ্ক’ৰ মধ্যকালীন সমীক্ষা (এমটিআৰ) অনুসৰণ কৰিছে

Posted On: 22 MAY 2023 5:21PM by PIB Guwahati

‘জি-২০ দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যকৰী গোট’ (ডিআৰআৰডব্লিউজি)ৰ দ্বিতীয়খন বৈঠক ২৩-২৫ মে’, ২০২৩লৈ মুম্বাইত অনুষ্ঠিত হ'ব। এই সমাৱেশে চৰকাৰী বিষয়া, উদ্যোগ বিশেষজ্ঞ, ব্যক্তিগত খণ্ডৰ প্ৰতিনিধি আৰু বিছখনতকৈও অধিক দেশৰ অংশীদাৰী পক্ষসমূহক একত্ৰিত কৰিব। দুৰ্যোগৰ বিপদাশংকা নিয়ন্ত্ৰণ আৰু বহনক্ষম উন্নয়নৰ বাবে বিত্তীয় যোগানৰ বাবে উদ্ভাৱনীমূলক দৃষ্টিভংগী অন্বেষণ কৰাৰ প্ৰতিশ্ৰুতিৰে সংশ্লিষ্টসকল সমবেত হ'ব। সুযোগ চিনাক্ত কৰি আৰু সৃষ্টিশীল বিত্তীয় প্ৰণালী পৰীক্ষা কৰি অনুষ্ঠিত হ’ব লগা বৈঠকখনৰ উদ্দেশ্য হৈছে দুৰ্বল শ্ৰেণীৰ সম্প্ৰদায়সমূহৰ ওপৰত পৰিব পৰা দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰা।

অহা তিনিদিন ধৰি মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ‘ডিআৰআৰডব্লিউজি’-ৰ বৈঠকখনত চাৰিখন ‘কাৰিকৰী অধিৱেশন’ৰ উপৰি এলানি ‘প্ৰান্তীয় অনুষ্ঠানো’ অন্তৰ্ভুক্ত কৰা হৈছে। চলিত বছৰৰ ৩১ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ গান্ধীনগৰত অনুষ্ঠিত "ডিআৰআৰ’ৰ বাবে বিত্তীয় যোগান" সম্পৰ্কীয় ‘ডিআৰআৰডব্লিউজি’-ৰ প্ৰথমখন বৈঠকে নিৰ্দ্ধাৰণ কৰা ‘ক্ৰছ-কাটিং থীম’ সন্দৰ্ভত এইলানি উচ্চ পৰ্যায়ৰ আলোচনাই গতি অব্যাহত ৰাখিব। লক্ষণীয়ভাৱে, ‘দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যকৰী গোট’ (ডিআৰআৰডব্লিউজি) হৈছে গোলকীয় প্ৰেক্ষাপটত দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ প্ৰচেষ্টা বৃদ্ধি কৰা ‘জি-২০’ৰ এক সহায়ক সংস্থা। ‘ডিআৰআৰডব্লিউজি’-য়ে বিশেষজ্ঞ আৰু অংশীদাৰী পক্ষসমূহক একত্ৰিত কৰি ৰণনীতি বিকশিত কৰে, সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহৰ ভাগ বাটোৱাৰা কৰে, আৰু দুৰ্যোগৰ বিপদাশংকাসমূহৰ নিয়ন্ত্ৰণ তথা বিত্তীয় পোষণৰ বাবে উদ্ভাৱনী সমাধানৰ অন্বেষণ কৰে।

১৮ মে’ৰ পৰা ১৯ মে’, ২০২৩ লৈ নিউয়ৰ্কৰ ‘ৰাষ্ট্ৰসংঘ’ৰ মুখ্য কাৰ্যালয়ত ‘সাধাৰণ অধিৱেশন’ৰ সভাপতিয়ে আয়োজন কৰা ‘দুৰ্যোগ বিপদাশংকা হ্ৰাস সম্পৰ্কীয় ২০১৫-২০৩০ৰ ‘চেণ্ডাই ফ্ৰেমৱৰ্ক’ৰ মধ্য-কালীন সমীক্ষা’ (এমটিআৰ)ৰ তৎক্ষণিক অনুসৰণৰ বাবে কৌশলগত ভাবে এই বৈঠকৰ পৰিকল্পনা কৰা হৈছে। এই পৰিপ্ৰেক্ষিতত, ‘জি-২০ প্লেটফৰ্ম’-য়ে ‘চেণ্ডাই ফ্ৰেমৱৰ্ক’ৰ উদ্দেশ্যৰ সৈতে সামঞ্জস্য ৰাখি সৰ্বাত্মক সমাধান প্ৰদানৰ প্ৰতিশ্ৰুতি দোহাৰি দৃঢ়তাৰে থিয় দিছে।

আনুমানিক বাৰ্ষিক গড় ২১৮ বিলিয়ন ডলাৰ বা আন্তঃগাঁথনিৰ গড় বাৰ্ষিক বিনিয়োগৰ ৯% লোকচানৰে ‘জি-২০’ ৰাষ্ট্ৰগোটে বৰ্ধিত সংখ্যক দুৰ্যোগ আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় বিপদাশংকাৰ সৈতে যুঁজি অহাৰ পৰিপ্ৰেক্ষিতত ‘ডিআৰআৰডব্লিউজি’-ৰ দ্বিতীয় বৈঠকখনে যথেষ্ট গুৰুত্ব বহন কৰিছে। উন্নয়নৰ বাবে বিত্তীয় যোগানৰ সন্দৰ্ভত উচ্চ-পৰ্যায়ৰ আলোচনাৰ জৰিয়তে এই বৈঠকে ‘দুৰ্যোগ বিপদাশংকা হ্ৰাস’ (ডিআৰআৰ)ৰ বাবে বিত্তীয়পোষণৰ পদক্ষেপ লোৱাৰ সুযোগ প্ৰদান কৰিব। এই আলোচনাত ৰাজহুৱা আৰু ব্যক্তিগতখণ্ডৰ বিত্তীয় যোগান, সামাজিক সুৰক্ষা, জ্ঞানৰ আদান-প্ৰদান আৰু দুৰ্যোগৰ বিপৰীতে সঁহাৰি, পুনৰুদ্ধাৰ আৰু পুনৰ্নিৰ্মাণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় ব্যৱস্থাও অন্তৰ্ভুক্ত থাকিব।

‘ডিআৰআৰডব্লিউজি’-য়ে আন্তঃগাঁথনি বিপদাশংকা সমীক্ষণ উপকৰণ আৰু ‘ডাটা প্লেটফৰ্ম’ৰ তাৎপৰ্যকে ধৰি  পৰিৱেশ তন্ত্ৰ-আধাৰিত ৰণনীতি একত্ৰিত কৰা আৰু স্থানীয় সম্প্ৰদায়সমূহক জড়িত কৰা এক 'বিল্ড বেক  বেটাৰ' পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰি ‘প্ৰান্তীয় অনুষ্ঠান’ৰ আয়োজন কৰিব। ইয়াৰ উপৰিও, বৈঠকত এক ৰাষ্ট্ৰীয় পৰিকাঠামো স্থাপন কৰা, ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰা, আৰু দুৰ্যোগৰ প্ৰস্তুতিক সমৰ্থন কৰাৰ দৰে এক অধিক স্থিতিস্থাপক ভৱিষ্যত গঢ়ি তোলাত অৰিহণা যোগাব বিষয়বস্তুৰে আলোচনা অনুষ্ঠিত কৰা হ’ব।

‘ডিআৰআৰডব্লিউজি’-ৰ দ্বিতীয় খন বৈঠকত ‘জি-২০’ৰ সদস্য দেশসমূহৰ লগতে আমন্ত্ৰণ জনোৱা ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিসঁহাৰি বাহিনীকে ধৰি গুৰুত্বপূৰ্ণ ভাৰতীয় মুখ্য অংশীদাৰসকলে বিশেষ ভাবে অংশগ্ৰহণ কৰিব।

 

* * *



(Release ID: 1926660) Visitor Counter : 156