গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদত ‘মোদী সমাজৰ ৰাষ্ট্ৰীয় সন্মিলন’ উদ্বোধন কৰে

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত সম্পাদন কৰা ৰাজহুৱা কল্যাণমূলক কামৰ আধাৰত শ্ৰী নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু এতিয়া প্ৰধানমন্ত্ৰী হিচাপে তেওঁ সমগ্ৰ বিশ্বতে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে

পূৰ্বৰ চৰকাৰসমূহে সদায় ‘অ'বিচি’ সম্প্ৰদায়ক হাৰাশাস্তি আৰু অপমানিত কৰিছিল আৰু তেওঁলোকক উপেক্ষা কৰিছিল, প্ৰধানমন্ত্ৰী মোদীয়ে ‘অ'বিচি’ সম্প্ৰদায়ক সন্মান জনোৱাৰ লগতে যোৱা ৯টা বছৰত ‘অ'বিচি’ সম্প্ৰদায়ৰ কল্যাণৰ বাবে বহুতো পদক্ষেপ লৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ‘অ'বিচি’ আয়োগক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিছে আৰু প্ৰথমবাৰৰ বাবে ‘অ'বিচি’ সম্প্ৰদায়ৰ ২৭ গৰাকী মন্ত্ৰীক শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত কৰিছে

Posted On: 21 MAY 2023 7:36PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদত ‘মোদী সমাজৰ ৰাষ্ট্ৰীয় সন্মিলন’ উদ্বোধন কৰে।

ভাষণত শ্ৰী অমিত শ্বাহে কয় যে বিক্ষিপ্ত সম্প্ৰদায়ক একত্ৰিত কৰাৰ প্ৰচেষ্টা কৰা হৈছে আৰু ই সম্প্ৰদায় আৰু ৰাষ্ট্ৰ দুয়োৰে বাবে এক ভাল লক্ষণ। তেওঁ কয় যে এই সম্প্ৰদায়টোৱে ইয়াৰ নিৰন্তৰ প্ৰচেষ্টা আৰু শক্তিৰ বাবে আগবাঢ়িবলৈ সক্ষম হৈছে আৰু ই প্ৰতিনিধিত্ব লাভ কৰিব। এইখন সমাজে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ প্ৰতিখন গাঁও ভ্ৰমণ কৰিছিল আৰু যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে এটা সংগঠন গঠন কৰি গুজৰাটলৈ পৰিৱৰ্তন অনাৰ বাবে এক অতুলনীয় পৰিকাঠামো গঢ়ি তোলে। তেওঁ কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত সম্পাদন কৰা ৰাজহুৱা কল্যাণমূলক কামৰ আধাৰত শ্ৰী নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু এতিয়া প্ৰধানমন্ত্ৰী হিচাপে তেওঁ সমগ্ৰ বিশ্বতে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে।

পূৰ্বৰ চৰকাৰসমূহে সদায় অ'বিচি সম্প্ৰদায়ক হাৰাশাস্তি আৰু অপমানিত কৰিছিল আৰু তেওঁলোকক উপেক্ষা কৰিছিল, প্ৰধানমন্ত্ৰী মোদীয়ে ‘অ'বিচি’ সম্প্ৰদায়ক সন্মান জনোৱাৰ লগতে যোৱা ৯টা বছৰত ‘অ'বিচি’ সম্প্ৰদায়ৰ কল্যাণৰ বাবে বহুতো পদক্ষেপ লৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ‘অ'বিচি আয়োগ’ক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিছে আৰু প্ৰথমবাৰৰ বাবে ‘অ'বিচি’ সম্প্ৰদায়ৰ ২৭ গৰাকী মন্ত্ৰীক শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত কৰিছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয় আৰু ‘এনইইটি’ পৰীক্ষাত অ'বিচিৰ বাবে কোনো সংৰক্ষণ নাছিল, কিন্তু এতিয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ইয়াক নিশ্চিত কৰিছে। অ'বিচি যুৱ উদ্যোগীসকলৰ বাবে এটা ‘ভেঞ্চাৰ কেপিটেল ফাণ্ড’ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত চৰকাৰে ‘অবিচি’ তালিকাৰ সংশোধনী প্ৰক্ৰিয়াও আৰম্ভ কৰিছিল৷ শ্ৰী শ্বাহে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ বিগত ৫৬ বছৰৰ শাসনকালত ‘অ'বিচি’ সম্প্ৰদায়ৰ প্ৰতি সন্মান নিশ্চিত কৰাৰ বাবে এটাও পদক্ষেপ লোৱা হোৱা নাছিল, কিন্তু শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ৯টা বছৰত অগণন ব্যৱস্থা গ্ৰহণ কৰিছে৷ যাৰ জৰিয়তে অ'বিচি সম্প্ৰদায় উথ্থান হবলৈ ধৰিছে আৰু তেওঁলোকে উপযুক্ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ লোকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰাৰ প্ৰচেষ্টা চলাইছে কিয়নো শ্ৰী মোদীয়ে নিজেই এটা দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। প্ৰথমবাৰৰ বাবে এনে দৰিদ্ৰতা দেখা পোৱা এজন ব্যক্তি দেশৰ প্ৰধানমন্ত্ৰী হৈছে আৰু দৰিদ্ৰ লোকসকলৰ দুখ-কষ্ট বুজি পোৱা শ্ৰী মোদীয়ে দেশৰ প্ৰায় ১৩ কোটি লোকৰ ঘৰলৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰে, ১০ কোটি ঘৰত শৌচালয় নিৰ্মাণ কৰে, ৩ কোটি লোকক ঘৰ দিয়ে, ৩ কোটিতকৈয়ো অধিক ঘৰলৈ বিদ্যুৎ প্ৰদান কৰা হয়, ৭০ কোটি লোকক ৫ লাখ টকালৈকে সকলো স্বাস্থ্য সুবিধা বিনামূলীয়াকৈ দিয়া হৈছে আৰু আঢ়ৈ বছৰৰ বাবে ৮০ কোটি লোকক প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে প্ৰতি মাহে ৫ কিলোগ্ৰামকৈ খাদ্যদ্ৰব্য বিনামূলীয়াকৈ প্ৰদান কৰা হৈছিল। শ্ৰীশ্বাহে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত সকলোকে সমান বুলি বিবেচনা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩০ কোটি লোকক কৰোনা প্ৰদানৰ দিহা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেখুৱাইছে যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে কেনেদৰে প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰতম লোকসকলক সুবিধা প্ৰদানৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰি আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ বহুতো জনকল্যাণমূলক আঁচনিক ডিবিটিৰ সৈতে সংযুক্ত কৰি আৰু তেওঁলোকৰ লাভালাভ পোনপটীয়াকৈ দৰিদ্ৰ লোকসকলৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰি দুৰ্নীতি দূৰ কৰিছে।

দেশৰ স্বাধীনতাৰ পিছত বিৰোধী চৰকাৰৰ ৫০ বছৰৰ তুলনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ৯ বছৰীয়া চৰকাৰখনৰ বহুতো গুৰুত্বপূৰ্ণ সাফল্য আছে। শ্ৰী শ্বাহে কয় যে ৰাথোড়, তেলী আৰু চাহু সম্প্ৰদায়ে দেশক এনে এজন প্ৰধানমন্ত্ৰী দিছে যিয়ে বিশ্বত ভাৰতৰ গৌৰৱ প্ৰতিষ্ঠা কৰিবলৈ কাম কৰিছে। প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া কয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আপুনি আমেৰিকাত অতিকে জনপ্ৰিয়, আৰু যেতিয়া তেওঁ আপোনাৰ ‘অটোগ্ৰাফ’ বিচাৰে, তেতিয়া প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে। পূৰ্বতে বিশ্বৰ ১১সংখ্যক স্থানত থকা ভাৰতীয় অৰ্থনীতি আজি পঞ্চম স্থানলৈ উন্নীত হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে যে ২০২৫ চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতি ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ'ব।

 

**************



(Release ID: 1926605) Visitor Counter : 116