ভুবিজ্ঞান মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে আজি ৰাতিপুৱা ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰে

এক অতি গুৰুত্বপূৰ্ণ মন্ত্ৰালয় আৱণ্টন কৰাৰ বাবে শ্ৰী ৰিজিজুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে, তেওঁ কয় যে মন্ত্ৰালয়ে বিকশিত ভাৰতৰ ২০৪৭ চনৰ দৃষ্টিভংগীত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব

পোষ্ট কৰা হৈছে: 19 MAY 2023 2:11PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে আজি ৰাতিপুৱা ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰে আৰু তেওঁক এক অতি গুৰুত্বপূৰ্ণ মন্ত্ৰালয় আৱণ্টন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। এই মন্ত্ৰালয়ে বিকশিত ভাৰতৰ ২০৪৭ চনৰ দৃষ্টিভংগীত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ৰিজিজুৱে মন্তব্য কৰে।

ভূ-বিজ্ঞান মন্ত্ৰালয় দায়িত্ব গ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শ্ৰী ৰিজিজুৱে কয়, সমৃদ্ধ খনিজ পদাৰ্থ থকা বহুধাতৱীয় নডুলৰ অন্বেষণৰ বাবে প্ৰধানমন্ত্ৰীৰ এক মুখ্য আঁচনি দীপ অ’চেন মিছন সম্পাদন কৰাটো তেওঁৰ অগ্ৰাধিকাৰ হ'ব ।

মন্ত্ৰীগৰাকীয়ে কয়, তেওঁ এই বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব যাতে মন্ত্ৰালয়ৰ প্ৰতিটো সিদ্ধান্তই সাধাৰণ মানুহৰ ওপৰত কিছু প্ৰভাৱ পেলায়, কিয়নো তেওঁ সদায় বিষয়বোৰ সৰল আৰু সুলভ কৰাৰ ওপৰত বিশ্বাস কৰে।

শ্ৰী ৰিজিজুৱে আইএমডিকে ধৰি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে আয়োজন কৰা এক চমু অনুষ্ঠানৰ সভাপতিত্ব কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে স্কুলীয়া দিনৰ পৰাই গুগল আৰ্থ, জলবায়ু বিজ্ঞান, সমুদ্ৰ বিজ্ঞান আৰু কাৰ্টোগ্ৰাফীৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ আছিল আৰু তেওঁ তেওঁৰ এই নতুন বিভাগত কাম কৰি উপভোগ কৰিব।

 

*****


(ৰিলিজ আই ডি : 1925844) অতিথি কক্ষ : 185
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Punjabi , Tamil , Telugu