প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ ফতেহপুৰত সংঘটিত এক পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে
ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা কৰে
प्रविष्टि तिथि:
16 MAY 2023 7:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত মানুহৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পীড়িতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;
"উত্তৰ প্ৰদেশৰ ফতেহপুৰত সংঘটিত পথ দুৰ্ঘটনা অত্যন্ত শোকাৱহ। যিসকলে তেওঁলোকৰ পৰিয়ালৰ লোকক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ গভীৰ সমবেদনা আছে। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনাইছো। ৰাজ্য চৰকাৰৰ তত্বাৱধানত, স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সম্পূৰ্ণ সহায় আগবঢ়োৱাত নিয়োজিত হৈ আছেঃ প্ৰধানৱমন্ত্ৰী মোদী।
“প্ৰধানমন্ত্ৰীয়ে ফতেহপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকটাত্মীয়ৰ বাবে ২ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। আহতসকলক প্ৰতিজনক ৫০,০০০ টকাকৈ দিয়া হ'ব।”
****
(रिलीज़ आईडी: 1925263)
आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam