তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

১৬ মে’ৰ পৰা ২৭ মে’লৈ কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণকাৰী প্ৰতিনিধি দলৰ নেতৃত্ব দিব ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে

ৰেড কাৰ্পেটত খোজ দিব অস্কাৰ বিজয়ী শ্ৰীমতী গুনীত মংগা (এলিফেণ্ট হুইছপাৰাৰ্ছ) আৰু শ্ৰীমতী মানুষী চিলাৰ (অভিনেত্ৰী)

সৰস্বতী যন্ত্ৰৰ পৰা অনুপ্ৰাণিত হৈ আহমেদাবাদস্থিত নেচনেল ইনষ্টিটিউট অৱ ডিজাইনে ইণ্ডিয়া পেভিলিয়নৰ ডিজাইন কৰিছে

কাঁৰ বাবে নিৰ্বাচিত চাৰিখন ভাৰতীয় ছবি, ‘ক্লাছিকছ’ শিতানত প্ৰদৰ্শিত হ’ব মণিপুৰী ছবি ‘ঈশানাউ’

মহোৎসৱত ২০২৩ চনৰ নৱেম্বৰ মাহত ৫৪সংখ্যক আই এফ এফ আইৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ প্ৰচাৰ হ’ব

Posted On: 14 MAY 2023 1:31PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে এইবাৰ কাঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণকাৰী ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব প্ৰদান কৰিব। কাঁৰ উদ্বোধনী দিনটোত আমাৰ চহকী ভাৰতীয় সংস্কৃতি প্ৰদৰ্শন কৰি ৰেড কাৰ্পেটত পৰম্পৰাগত তামিল সাজ-পোছাক ‘ভেষ্টি’ পৰিধানেৰে খোজ কাঢ়ি যোৱাৰ সময়ত ড০ মুৰুগানৰ সৈতে থাকিব দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা শ্ৰীমতী গুনীত মংগা, ভাৰতীয় অভিনেত্ৰী, মডেল আৰু ২০১৭ চনৰ মিছ ৱৰ্ল্ড খিতাপ বিজয়ী মানুষী চিল্লাৰ, ভাৰতীয় বোলছবি জগতম বিশিষ্ট অভিনেত্ৰী শ্ৰীমতী ঈশা গুপ্তা আৰু কংগবাম টম্বাৰ প্ৰশংসিত মণিপুৰী অভিনেতা, যাৰ পুনৰ নিৰ্মিত ছবি ‘ঈশানাউ’ এই বছৰ কাঁ ক্লাছিক শাখাত প্ৰদৰ্শিত হ’ব।

আহমেদাবাদৰ নেচনেল ইনষ্টিটিউট অৱ ডিজাইন প্ৰতিষ্ঠানে ‘ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি প্ৰদৰ্শন’ বিষয়বস্তুক বিশ্ববাসীৰ আগত ধৰাৰ মানসেৰে ইণ্ডিয়া পেভিলিয়নৰ ধাৰণা আৰু নক্সা হৈছে। জ্ঞান, সংগীত, শিল্প, বাক্য, প্ৰজ্ঞা আৰু শিক্ষণৰ ৰক্ষক দেৱী সৰস্বতীৰ বিমূৰ্ত প্ৰতিনিধিত্ব সৰস্বতী যন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ মণ্ডপটোৰ নক্সা প্ৰস্তুত কৰিছে৷ ভাৰতৰ জাতীয় পতাকা–গেৰুৱা, বগা, আৰু সেউজীয়া, আৰু নীলা ৰঙৰ পৰা প্ৰেৰণা লাভ কৰিছে মণ্ডপটো সজাই তোলা হৈছে। গেৰুৱা ৰঙে দেশৰ শক্তি আৰু সাহস, বগা ৰঙে আভ্যন্তৰীণ শান্তি আৰু সত্য, সেউজীয়া ৰঙে দেশৰ উৰ্বৰতা, বৃদ্ধি আৰু মংগল প্ৰদৰ্শন আৰু নীলা ৰঙে ধৰ্ম আৰু সত্যৰ নিয়মক প্ৰতিনিধিত্ব কৰিছে। ভাৰতত প্ৰতিভাৰ এক বিশাল ভাণ্ডাৰ আছে আৰু ভাৰতীয় পেভিলিয়নে ভাৰতীয় চলচ্চিত্ৰ সম্প্ৰদায়ক বিতৰণ চুক্তি, গ্ৰীণলাইট চিত্ৰনাট্য, প্ৰডাকচন সহযোগিতা ক্ৰেক আৰু বিশ্বৰ প্ৰধান মনোৰঞ্জন আৰু মিডিয়া গোষ্ঠীৰ সৈতে কেৱল নেটৱৰ্ক গঢ়ি তোলাৰ মঞ্চ প্ৰদান কৰিব।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে কাঁ মহোৎসৱৰ ৭৬সংখ্যক সংস্কৰণত ভাৰতক বিষয়বস্তু সৃষ্টিৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰদৰ্শন কৰিবলৈ ভিডিঅ’ বাৰ্তাৰ জৰিয়তে উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান কৰিব।

কাঁ চলচ্চিত্ৰ মহোৎসৱত আনুষ্ঠানিক নিৰ্বাচনত চাৰিখন ভাৰতীয় ছবিয়ে স্থান লাভ কৰিছে। কানু বেহলৰ ‘আগ্ৰা’ হৈছে তেওঁৰ দ্বিতীয়খন ছবি যিখন ডাইৰেক্টৰ্ছ ফৰ্টনাইটত কাঁৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হ’ব৷ ২০১৪ চনত তেওঁৰ প্ৰথম ছবি তিতলী উন্মোচন কৰা হয় ‘অন চাৰ্টেইন ৰিগাৰ্ড’ শিতানত। অনুৰাগ কাশ্যপৰ কেনেডী ছবিখন মিডনাইট স্ক্ৰীনিংছত আৰু ফেষ্টিভেল ডি কাঁৰ লা চিনেফ অংশত নেহেমিচক প্ৰদৰ্শন কৰা হৈছে। এইবোৰৰ উপৰিও বহু ভাৰতীয় ছবি মাৰ্চে ডু ফিল্মছত প্ৰদৰ্শনৰ বাবে শ্লট লোৱা হৈছে।

পুনৰুদ্ধাৰ কৰা মণিপুৰী ছবি ‘ঈশানাউ’, ‘ক্লাছিকছ’ শিতানত প্ৰদৰ্শিত হ’ব। ইয়াৰ পূৰ্বে ১৯৯১ চনত মহোৎসৱৰ ‘আন চাৰ্টেইন ৰিগাৰ্ড’ শিতানত অভিনয় কৰা এই চিনেমাখন ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ দ্বাৰা সংৰক্ষিত আছিল। মণিপুৰ ষ্টেট ফিল্ম ডেভেলপমেণ্ট ছ’চাইটিয়ে ফিল্ম হেৰিটেজ ফাউণ্ডেশ্যন এণ্ড প্ৰসাদ ফিল্ম লেবৰ জৰিয়তে ছবিখন পুনৰুদ্ধাৰ কৰিছিল।

ভাৰত আৰু ফ্ৰান্স উভয়ৰে বাবে কাঁ সদায় বিশেষ আৰু সাংস্কৃতিক বিনিময়ৰ বাবে এক আকৰ্ষণীয় স্থান হৈ থাকিব। যোৱা বছৰ মাৰ্চ ডু কাঁত ভাৰত ‘সন্মানীয় দেশ’ আছিল। চলিত বছৰ অস্কাৰত ভাৰতীয় ছবিৰ সফলতাৰ লগে লগে, যাৰ আৰ আৰ আৰত ইতিমধ্যে বিশ্ববাসীয়ে “নাতু নাটু”ত নৃত্য কৰি আছে আৰু শ্ৰেষ্ঠ তথ্যচিত্ৰৰ চুটি ছবি শিতানত অস্কাৰ বিজয়ী হোৱা ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছে’ আমাৰ ভাৰতীয় কাহিনীৰ ক্ৰমবৰ্ধমান প্ৰসাৰতা দেখুৱাইছে।

*****



(Release ID: 1924110) Visitor Counter : 122