বিত্ত মন্ত্ৰালয়

২০২৩ৰ এপ্ৰিলত সৰ্বাধিক ১.৮৭ লাখ কোটি টকা জিএছটি ৰাজহ সংগ্ৰহ

২০২৩ৰ এপ্ৰিলত সংগৃহীত মুঠ জিএছটি ১,৬৭,৫৪০ কোটি টকা সৰ্বকালৰ ভিতৰতে সৰ্বাধিক, ২০২২ৰ এপ্ৰিলত সংগৃহীত দ্বিতীয় সৰ্বাধিক ১,৬৭,৫৪০ কোটি টকাতকৈ ১৯,৪৯৫ কোটি অধিক

২০২৩ৰ এপ্ৰিলত সংগৃহীত জিএছটি ৰাজহ বাৰ্ষিক হাৰতকৈ ১২% অধিক

২০২৩ৰ ২০ এপ্ৰিলত ৯.৮লাখ লেনদেনেৰে এদিনত সৰ্বাধিক ৬৮,২২৮ কোটি টকা কৰ সংগ্ৰহ

Posted On: 01 MAY 2023 5:46PM by PIB Guwahati

২০২৩ চনৰ এপ্ৰিল মাহত সংগ্ৰহ কৰা মুঠ জিএছটি ৰাজহ হৈছে ১,৮৭,০৩৫ কোটি টকা৷ ইয়াৰে চিজিএছটি হৈছে ৩৮,৪৪০ কোটি, এছজিএছটি ৪৭,৪১২ কোটি, আইজিএছটি হৈছে ৮৯,১৫৮ কোটি টকা (সামগ্ৰী আমদানিৰ ওপৰত সংগ্ৰহ কৰা ৩৪,৯৭২ কোটি টকাসহ) আৰু উপকৰ হৈছে ১২,০২৫ কোটি (সামগ্ৰী আমদানিৰ সময়ত সংগ্ৰহ কৰা ৯০১ কোটি টকাকে ধৰি)।

চৰকাৰে আইজিএছটিৰ পৰা ৪৫,৮৬৪ কোটি টকা চিজিএছটি আৰু ৩৭,৯৫৯ কোটি টকা এছজিএছটি নিষ্পত্তি কৰিছে। নিয়মীয়া নিষ্পত্তিৰ পিছত ২০২৩ চনৰ এপ্ৰিল মাহত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মুঠ ৰাজহ চিজিএছটিৰ বাবে ৮৪,৩০৪ কোটি আৰু এছজিএছটিৰ বাবে ৮৫,৩৭১ কোটি টকা হৈছে।

২০২৩ চনৰ এপ্ৰিল মাহৰ ৰাজহ যোৱা বছৰৰ একে মাহৰ জিএছটি ৰাজহতকৈ ১২% অধিক। মাহটোৰ ভিতৰত ঘৰুৱা লেনদেনৰ পৰা (সেৱা আমদানিকে ধৰি) ৰাজহ যোৱা বছৰৰ একে মাহৰ ভিতৰত এই উৎসসমূহৰ পৰা পোৱা ৰাজহতকৈ ১৬% অধিক।

প্ৰথমবাৰৰ বাবে মুঠ জিএছটি সংগ্ৰহে ১.৭৫ লাখ কোটিৰ সীমা অতিক্ৰম কৰিলে। ২০২৩ চনৰ মাৰ্চ মাহত মুঠ ই-ৱে বিলৰ সংখ্যা আছিল ৯.০ কোটি, যিটো ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ৮.১ কোটি ই-ৱে বিলৰ তুলনাত ১১% অধিক।

২০২৩ চনৰ ২০ এপ্ৰিলত এদিনত এতিয়ালৈকে সৰ্বাধিক কৰ সংগ্ৰহ কৰা হৈছে৷ ২০২৩ চনৰ ২০ এপ্ৰিলত ৯.৮ লাখ লেনদেনৰ জৰিয়তে ৬৮,২২৮ কোটি টকা কৰ সংগ্ৰহ কৰা হৈছে৷ যোৱা বছৰ (একে তাৰিখতে) সৰ্বাধিক একক দিনৰ সংগৃহীত কৰ আছিল ৫৭,৮৪৬ কোটি টকা, যিটো ৯.৬ লাখ লেনদেনৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে।

তলৰ তালিকাত চলিত বৰ্ষৰ মাহিলী মুঠ জিএছটি ৰাজহৰ সংগ্ৰহৰ ধাৰা দেখুওৱা হৈছে। এই তালিকাত ২০২২ চনৰ এপ্ৰিল মাহৰ তুলনাত ২০২৩ চনৰ এপ্ৰিল মাহত প্ৰতিখন ৰাজ্যত সংগ্ৰহ কৰা জিএছটিৰ ৰাজ্যভিত্তিক পৰিসংখ্যা দেখুওৱা হৈছে।

 

 

২০২৩ চনৰ এপ্ৰিল মাহত ৰাজ্যিকভিত্তি জিএছটি ৰাজহ সংগ্ৰহ[]

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

এপ্ৰিল-২২

এপ্ৰিল-২৩

বিকাশ (%)

জম্মু আৰু কাশ্মীৰ

৫৬০

৮০৩

৪৪

হিমাচল প্ৰদেশ

৮১৭

৯৫৭

১৭

পাঞ্জাৱ

১,৯৯৪

২,৩১৬

১৬

চণ্ডীগড়

২৪৯

২৫৫

উত্তৰাখণ্ড

১,৮৮৭

২,১৪৮

১৪

হাৰিয়ানা

৮,১৯৭

১০,০৩৫

২২

দিল্লী

৫,৮৭১

৬,৩২০

ৰাজস্থান

৪,৫৪৭

৪,৭৮৫

উত্তৰপ্ৰদেশ

৮,৫৩৪

১০,৩২০

২১

বিহাৰ

১,৪৭১

১,৬২৫

১১

ছিকিম

২৬৪

৪২৬

৬১

অৰুণাচল প্ৰদেশ

১৯৬

২৩৮

২১

নাগালেণ্ড

৬৮

৮৮

২৯

মনিপুৰ

৬৯

৯১

৩২

মিজোৰাম

৪৬

৭১

৫৩

ত্ৰিপুৰা

১০৭

১৩৩

২৫

মেঘালয়

২২৭

২৩৯

অসম

১,৩১৩

১,৫১৩

১৫

পশ্চিমবংগ

৫,৬৪৪

৬,৪৪৭

১৪

ঝাৰখণ্ড

৩,১০০

৩,৭০১

১৯

ওড়িশা

৪,৯১০

৫,০৩৬

চত্তীশগড়

২,৯৭৭

৩,৫০৮

১৮

মধ্যপ্ৰদেশ

৩,৩৩৯

৪,২৬৭

২৮

গুজৰাট

১১,২৬৪

১১,৭২১

দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ

৩৮১

৩৯৯

মহাৰাষ্ট্ৰ

২৭,৪৯৫

৩৩,১৯৬

২১

কৰ্ণাটক

১১,৮২০

১৪,৫৯৩

২৩

গোৱা

৪৭০

৬২০

৩২

লাক্ষাদ্বীপ

-৭

কেৰালা

২,৬৮৯

৩,০১০

১২

তামিলনাডু

৯,৭২৪

১১,৫৫৯

১৯

পুডুচেৰী

২০৬

২১৮

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

৮৭

৯২

তেলেংগানা

৪,৯৫৫

৫,৬২২

১৩

অন্ধ্ৰপ্ৰদেশ

৪,০৬৭

৪,৩২৯

লাডাখ

৪৭

৬৮

৪৩

অন্যান্য অঞ্চল

২১৬

২২০

কেন্দ্ৰীয় শাসিত অঞ্চল

১৬৭

১৮৭

১২

সৰ্বমুঠ

,২৯,৯৭৮

,৫১,১৬২

১৬

 

****



(Release ID: 1921557) Visitor Counter : 156