গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ডিমাছা নেচনেল লিবাৰেচন আৰ্মি/ডিমাছা পিপলছ ছুপ্ৰিম কাউঞ্চিল (ডিএনএলএ/ডিপিএছচি)ৰ প্ৰতিনিধিৰ মাজত নতুন দিল্লীত এক তৃপাক্ষিক সন্মতি প্ৰদানৰ চুক্তিত স্বাক্ষৰ কৰা হয়

এই চুক্তি ২০২৪লৈকে উত্তৰ পূৰ্বাঞ্চলক উগ্ৰপন্থা-মুক্ত কৰিবলৈ এক শান্তিপূৰ্ণ আৰু সমৃদ্ধ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোন পূৰণ কৰাৰ দিশত এটা আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে আতংকমুক্ত, হিংসামুক্ত আৰু বিকাশযুক্ত উত্তৰ পূৰ্বাঞ্চলৰ কল্পনা দেশৰ সন্মুখত ৰাখিছে আৰু গৃহ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী মোদীৰ মাৰ্গদৰ্শনত এই দিশত অগ্ৰসৰ হৈছে

এই চুক্তিৰ জৰিয়তে অসমৰ ডিমা হাছাও জিলাত উগ্ৰপন্থা সম্পূৰ্ণৰূপে সমাপ্ত হ'ব, ইয়াৰ লগতে অসমৰ হিংসাত লিপ্ত সকলো সংগঠনৰ অন্ত হ'ল, সকলো জনজাতীয় সমুদায় মূলসুঁতিত অন্তৰ্ভুক্ত হৈ ভাৰতৰ বিকাশৰ প্ৰক্ৰিয়াত ভাগিদাৰ হৈ আছে

চুক্তিৰ জৰিয়তে, ডিএনএলএ প্ৰতিনিধিসকলে হিংসা ত্যাগ কৰা, অস্ত্ৰ আৰু গুলী-বাৰুদসহ আত্মসমৰ্পণ কৰা, নিজৰ সশস্ত্ৰ সংগঠন ভংগ কৰা, ডিএনএলএ কেডাৰৰ কব্জাত থকা সকলো শিবিৰ খালী কৰা আৰু মূলসুঁতিত অন্তৰ্ভুক্ত হোৱাত সন্মতি প্ৰকাশ কৰে

আজিৰ চুক্তিত ডিএনএলএৰ আত্মসমৰ্পণ কৰা কেডাৰৰ পুনৰ্বাসৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দ্বাৰা কৰিবলগা আৱশ্যকীয় উপায়ৰ ব্যৱস্থা কৰা হৈছে

এই উদ্দেশ্যৰ বাবে, এনচিএইচ

Posted On: 27 APR 2023 7:39PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ডিমাছা নেচনেল লিবাৰেচন আৰ্মি/ডিমাছা পিপলছ ছুপ্ৰিম কাউঞ্চিল (ডিএনএলএ/ডিপিএছচি)ৰ প্ৰতিনিধিৰ মাজত নতুন দিল্লীত এক তৃপাক্ষিক সন্মতি প্ৰদানৰ চুক্তিত স্বাক্ষৰ কৰা হয়। এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰীয়ে কয় যে এই চুক্তি ২০২৪লৈকে উত্তৰ পূৰ্বাঞ্চলক উগ্ৰপন্থা-মুক্ত কৰিবলৈ এক শান্তিপূৰ্ণ আৰু সমৃদ্ধ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোন পূৰণ কৰাৰ দিশত এটা আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে আজি হোৱা এই চুক্তিৰ জৰিয়তে অসমৰ হিংসাত লিপ্ত সকলো সংগঠনৰ অন্ত হ'ল আৰু এতিয়া অসমত এটাও উগ্ৰপন্থী সমূহ থকা নাই। তেওঁ কয় যে এতিয়া সকলো জনজাতীয় সমুদায় মূলসুঁতিত অন্তৰ্ভুক্ত হৈ ভাৰতৰ বিকাশৰ প্ৰক্ৰিয়াত ভাগিদাৰ হৈ আছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে আতংকমুক্ত, হিংসামুক্ত আৰু বিকাশযুক্ত উত্তৰ পূৰ্বাঞ্চলৰ কল্পনা দেশৰ সন্মুখত ৰাখিছে আৰু গৃহ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী মোদীৰ মাৰ্গদৰ্শনত এই দিশত অগ্ৰসৰ হৈছে। তেওঁ কয় যে চুক্তিৰ জৰিয়তে, ডিএনএলএ প্ৰতিনিধিসকলে হিংসা ত্যাগ কৰা, অস্ত্ৰ আৰু গুলী-বাৰুদসহ আত্মসমৰ্পণ কৰা, নিজৰ সশস্ত্ৰ সংগঠন ভংগ কৰা, ডিএনএলএ কেডাৰৰ কব্জাত থকা সকলো শিবিৰ খালী কৰা আৰু মূলসুঁতিত অন্তৰ্ভুক্ত হোৱাত সন্মতি প্ৰকাশ কৰে। এই চুক্তিৰ পৰিণাম স্বৰূপে ডিএনএলএৰ ১৬৮ৰো অধিক সশস্ত্ৰ কেডাৰে নিজৰ হাথিয়াৰসহ আত্মসমৰ্পণ কৰি মূলসুঁতিত অন্তৰ্ভুক্ত হ'ল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে আজি হোৱা চুক্তিৰ জৰিয়তে অসমৰ ডিমা হাছাও জিলাৰ পৰা উগ্ৰপন্থা আৰু হিংসা সম্পূৰ্ণৰূপে সমাপ্ত হ'ল। আজিৰ চুক্তিৰ জৰিয়তে অসম চৰকাৰৰ দ্বাৰা ডিমাছা কল্যাণ পৰিষদ স্থাপন কৰা হ’ব। যি ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক আশা-আকাংক্ষা পূৰণ কৰিবলৈ সামাজিক, সাংস্কৃতিক, ভাষাগত পৰিচয় আদিৰ ৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰ কৰি স্বায়ত্ত পৰিষদৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত থকা ডিমাছা লোকৰ ত্বৰিত আৰু কেন্দ্ৰিত বিকাশ সুনিশ্চিত কৰিব। ইয়াৰ উপৰিও চুক্তিত প্ৰধানকৈ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ১৪ৰ জৰিয়তে উত্তৰ কাছাৰ হিলছ স্বায়ত্ত পৰিষদ (এনচিএইচএচি)ৰ নিকটৱৰ্তী অতিৰিক্ত গাঁওসমূহ পৰিষদত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ অনুসন্ধানৰ বাবে এখন আয়োগৰ নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে।

ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ডিএনএলএৰ আত্মসমৰ্পণ কৰা কেডাৰৰ পুনৰ্বাস সুনিশ্চিত কৰিব আৰু এই উদ্দেশ্যৰ বাবে, এনচিএইচএচিৰ লগতে অন্য অংশত থকা ডিমাছা লোকৰ সৰ্বাংগীন বিকাশৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দ্বাৰা পাঁচ বছৰৰ অৱধিত ৫০০-৫০০ কোটি টকাৰ এক বিশেষ বিকাশ পেকেজো প্ৰদান কৰা হ'ব।

**********



(Release ID: 1920363) Visitor Counter : 118