কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

বৰ্তমানৰ চিকিৎসা মহাবিদ্যালয়ৰ সহাৱস্থানতে ১,৫৭০ কোটি টকা ব্যয়সাপেক্ষ ১৫৭খন নতুন নাৰ্ছিং মহাবিদ্যালয় স্থাপনত কেবিনেটৰ অনুমোদন

নাৰ্চিং বৃত্তিৰ সংখ্যা বৃদ্ধি আৰু পৰৱৰ্তী সময়ত দেশত মানসম্পন্ন, সুলভ আৰু সমতাপূৰ্ণ নাৰ্ছিং শিক্ষা প্ৰদান কৰাৰ লক্ষ্য

বৰ্তমানৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ সৈতে নাৰ্ছিং কলেজসমূহৰ সহাৱস্থানে বৰ্তমানৰ আন্তঃগাঁথনি, দক্ষ গৱেষণাগাৰ, ক্লিনিকেল সুবিধা আৰু ফেকাল্টিৰ পৰ্যাপ্ত ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিব

পৰিকল্পনাৰ লগতে কাৰ্যকৰীকৰণৰ প্ৰতিটো পৰ্যায়ৰ বাবে বিশদ সময়সীমা নিৰ্ধাৰণ কৰি অহা দুবছৰৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে

Posted On: 26 APR 2023 7:37PM by PIB Guwahati

দেশত নাৰ্ছিং কৰ্মশক্তি শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে ২০১৪ চনৰ পৰা স্থাপিত বৰ্তমানৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ সৈতে সহাৱস্থানত ১৫৭খন নতুন নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ অনুমোদন জনাইছে৷ এই পদক্ষেপৰ ফলত প্ৰতি বছৰে প্ৰায় ১৫,৭০০ নাৰ্ছিং স্নাতক ডিগ্ৰীধাৰী যোগ হ’ব। ইয়াৰ দ্বাৰা ভাৰতত বিশেষকৈ অভাৱগ্ৰস্ত জিলা আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত গুণগত, সুলভ আৰু সমতাপূৰ্ণ নাৰ্ছিং শিক্ষা অধিক নিশ্চিত হ’ব। ইয়াৰ বাবে মুঠ ১,৫৭০ কোটি টকা ব্যয় হ’ব।

এই পদক্ষেপৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱা খণ্ডৰ ভৌগোলিক আৰু গ্ৰাম্য-নগৰীয়া ভাৰসাম্যহীনতা দূৰ কৰা, যিটোৱে নাৰ্ছিং বৃত্তিধাৰীৰ সংখ্যা আৰু অভাৱগ্ৰস্ত অঞ্চলসমূহত স্বাস্থ্যসেৱা সেৱা প্ৰদান কৰিব পৰাকৈ পৰ্যাপ্ত হয়৷ এই নাৰ্ছিং মহাবিদ্যালয়সমূহ স্থাপনৰ ফলত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত যোগ্য মানৱ সম্পদৰ পৰ্যাপ্ততা উল্লেখযোগ্যভাৱে উত্থান ঘটিব। সাৰ্বজনীন স্বাস্থ্য সেৱা (ইউএইচচি)ৰ বাবে ৰাষ্ট্ৰীয় জনাদেশৰ অংশ হিচাপেও এই কাম কৰা হৈছে আৰু ই বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি)ত উপনীত হোৱাত সহায় কৰিব। খণ্ডটোৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ নাৰ্ছিং শিক্ষাৰ বাবে নিয়ন্ত্ৰণ পৰিকাঠামোৰ সংস্কাৰৰ দিশটোও বিবেচনাধীন হৈ আছে।

ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগমে (এনএছডিচি) দক্ষতা বিকাশ আৰু বিদেশত খালী থকা পদৰ বাবে যোগ্য নাৰ্ছ নিযুক্তিৰ ক্ষেত্ৰতো আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় সংস্থাসমূহক সহযোগিতা কৰে।

এই নাৰ্ছিং কলেজসমূহৰ বৰ্তমানৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ সৈতে সহাৱস্থানে বৰ্তমানৰ আন্তঃগাঁথনি, দক্ষ লেব, ক্লিনিকেল সুবিধা আৰু ফেকাল্টিৰ পৰ্যাপ্ত ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব। এই পদক্ষেপে নাৰ্ছিং পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক উন্নত ক্লিনিকেল সুবিধা প্ৰদান কৰিব আৰু ইয়াৰ ফলত চিকিৎসা মহাবিদ্যালয়সমূহত ৰোগীসকলৰ বাবে উন্নত যত্ন আৰু সেৱা প্ৰদানৰ ব্যৱস্থাও হ’ব বুলি আশা কৰা হৈছে। এই নাৰ্ছিং কলেজসমূহত সেউজ প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়েও অন্বেষণ কৰা হ’ব আৰু শক্তিৰ কাৰ্যক্ষমতা আৰু কাৰ্বন নিৰ্গমণ হ্ৰাস কৰাটো নিশ্চিত কৰিবলৈ প্ৰাসংগিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

চৰকাৰে অহা দুবছৰৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে আৰু প্ৰকল্পটোৰ পৰিকল্পনাৰ প্ৰতিটো পৰ্যায়ৰ বাবেও বিশদ সময়সীমা নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব আৰু ৰাজ্যসমূহৰ স্বাস্থ্য/চিকিৎসা শিক্ষাৰ প্ৰধান সচিবৰ নেতৃত্বত থকা শক্তিশালী সমিতিখনে কামৰ অগ্ৰগতি নিৰীক্ষণ কৰিব। ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিয়মীয়াকৈ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ সৈতে আঁচনিৰ অধীনত নতুন নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ বাবে চলি থকা কামসমূহৰ অগ্ৰগতিৰ বিষয়ত ঘনিষ্ঠভাৱে যোগাযোগ কৰিব৷

*****



(Release ID: 1920074) Visitor Counter : 149