তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

উপ ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে মন কী বাত @১০০ৰ ওপৰত ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে

মন কী বাত হৈছে সম্পূৰ্ণৰূপে এক অৰাজনৈতিক আৰু আমাৰ সভ্যতাৰ নীতিৰ এক প্ৰতিফলন, উপ ৰাষ্ট্ৰপতিয়ে কয়

MannKiBaat@100-য়ে ২০৪৭ৰ Bharat@100-ৰ শক্তিশালী আধাৰ স্থাপন কৰিছে: শ্ৰী ধনখৰ

বিশ্বজনীন হতাশাৰ মাজত ভাৰত এক আশাৰ ৰেঙনি: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী

মাহিলী সম্প্ৰচাৰে সাধাৰণ লোকৰ প্ৰাপ্তিৰ আলোকপাত কৰে, তেওঁলোকৰ নাম ঘৰে ঘৰে লৈ যায়: শ্ৰী ঠাকুৰ

Posted On: 26 APR 2023 2:41PM by PIB Guwahati

উপ ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে আজি তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ উপস্থিতিত নতুন দিল্লীৰ বিজ্ঞান ভৱনত মন কী বাত @100ৰ ওপৰত এখন এদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। সমগ্ৰ ভাৰতত ১০০ কোটিৰো অধিক লোকৰ কাষ পাবলৈ সক্ষম হোৱা প্ৰধানমন্ত্ৰীৰ মাহিলী ৰেডিঅ' সম্প্ৰচাৰৰ ধাৰাবাহিক সফলতা উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হয়।

অনুষ্ঠানত ভাষণ দি উপ ৰাষ্ট্ৰপতি শ্ৰী ধনখৰে ২০১৪ক এক যুগসন্ধিৰ বিকাশ আখ্যা দিয়ে যি ভাৰতক এক প্ৰগতিৰ পথেৰে গন্তব্যৰ দিশত আৰু এক অপ্ৰতিৰোধ্য উত্থানৰ ফালে লৈ গৈছে। মৰ্চা চৰকাৰক বিকাশৰ এক গতিৰোধক আখ্যা দি শ্ৰী ধনখৰে তেওঁৰ মন্তব্যৰ সপক্ষে কয়, "২০১৪ত ৩০ বছৰৰ ব্যৱধানৰ পাছত, এটা দলৰ একক সংখ্যাগৰিষ্ঠ চৰকাৰৰ ৰূপত, সংসদত ভাৰতে ৰাজনৈতিক স্থিৰতা লাভ কৰিলে।" তেওঁ লগতে কয় যে ২০১৪ত প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ ৰূপত জনসাধাৰণৰ সৈতে ব্যক্তিগত যোগাযোগৰ ক্ষেত্ৰত তেওঁৰ পৰীক্ষা আৰম্ভ কৰিছিল। সেই পৰীক্ষাৰ আন এক পৰিণতি হ'ল, যি সেই সময়ত যোগাযোগৰ মাধ্যম হিচাপে সংগ্ৰাম কৰি থকা ৰেডিঅ'ক আগশাৰীলৈ আনিলে।

সম্পূৰ্ণৰূপে অৰাজনৈতিক হোৱা বাবে এই মাহিলী সম্প্ৰচাৰ অনুষ্ঠানৰ উপ ৰাষ্ট্ৰপতিয়ে প্ৰশংসা কৰে আৰু ১০০টা খণ্ড সম্পূৰ্ণ কৰাত শলাগ লয়। তেওঁ মন কী বাতক আমাৰ সভ্যতাৰ নীতিৰ এক প্ৰতিফলন আখ্যা দিয়ে।

উদ্বোধনী অনুষ্ঠানৰ পিছত হোৱা বৈঠকৰ বিষয়ে তেওঁ কয় যে এতিয়া নাৰী শক্তিৰ বাবে সৰ্বোত্তম সময় আৰু নাৰী প্ৰাপ্তিৰ অভূতপূৰ্ব পৰিসৰত প্ৰৱেশ কৰিছে, যাৰ উদাহৰণ হৈছে এয়ে যে আমাৰ ৰাষ্ট্ৰপতি এগৰাকী অতিশয় প্ৰতিভা সম্পন্ন জনজাতীয় মহিলা। এখন সাংস্কৃতিকভাৱে সমৃদ্ধ দেশে ইয়াৰ নিজৰ অৰিহণাৰ কথা পাহৰি গ'ল আৰু মন কী বাতৰ জৰিয়তে সেই উদ্দীপনা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ অৱদান লক্ষণীয়, তেওঁ লগতে কয়।

শ্ৰী ধনখৰে ভাৰতৰ বিষয়ে উল্লেখ কৰি কয় যে ২০৪৭ত এই দেশে ইয়াৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব আৰু  Bharat@100-ৰ শক্তিশালী আধাৰ এই MannKiBaat@100-য়ে শক্তিশালী ৰূপত আগবঢ়াই নিছে। তেওঁ লগতে কয় যে ইয়াৰ আগতে দেশে আশা হেৰুৱাইছিল আৰু আমাৰ বিশ্বজোৰা ভাৱমূৰ্তি লাঘব হৈছিল, এতিয়া সেই ভাৰতক আমি শীৰ্ষত দেখা পাইছো।

"মন কী বাতে স্থানীয় কাৰিকৰ, প্ৰতিভা আৰু দক্ষতাসমূহক খুওব কম সময়তে ব্ৰেণ্ডেড কৰিলে। ই হৈছে গণ আন্দোলনৰ এক ধ্বজ্বাবাহক, জনতা কাৰ্ফউৰ সময়ত ইয়াৰ উদাহৰণ প্ৰতিপন্ন হৈছিল, যিটো আছিল প্ৰধানমন্ত্ৰীৰ দ্বাৰা মাথোঁ এটা আহ্বান। এই কাৰ্যক্ৰমে আমাৰ জনসাধাৰণৰ আশা-আকাংক্ষাক তুলি ধৰিছে, তেওঁলোকক আগলৈ চাবলৈ মনোযোগী কৰিছে," শ্ৰী ধনখৰে কয়।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে তেওঁৰ ভাষণৰ সময়ত কয় যে মন কী বাত হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মূল মন্ত্ৰৰে চালিত। এই কাৰ্যক্ৰমে ভাৰতৰ সাধাৰণ জনতাৰ প্ৰাপ্তিসমূহৰ আলোকপাত কৰাত প্ৰধান ভূমিকা পালন কৰিছে আৰু বাৰ্তা প্ৰদানৰ বাবে বাছি লোৱা এই মাধ্যম ৰেডিঅ' হৈছে গণ সংযোগৰ মূল মাধ্যম।

মন্ত্ৰীজনে মন কী বাতৰ বিভিন্ন খণ্ডত নাম উল্লেখ কৰা ১০৬জন গণ্য মান্য ব্যক্তিসকলৰ উপস্থিতিৰ কৃতজ্ঞতা স্বীকাৰ কৰে আৰু লগতে কয় যে ৭০০ৰো অধিক লোক আৰু সংগঠনৰ প্ৰাপ্তিৰ কথা এতিয়ালৈকে সম্প্ৰচাৰিত হোৱা ৯৯টা খণ্ডত উল্লেখ কৰা হৈছে। লগতে এথলীটসকলক উৎসাহিত কৰিবলৈ চৰকাৰে খেলো ইণ্ডিয়া আৰম্ভ কৰিছে, মন কী বাতে দেশৰ প্ৰতিখন ঘৰলৈ তেওঁলোকৰ প্ৰাপ্তিৰ খবৰ কঢ়িয়াই নি তেওঁলোকৰ মনোযোগ আকৰ্ষণৰ বাবে এক শক্তি বৰ্ধক হিচাপে কাম কৰিছে।

আচৰণক প্ৰভাৱিত কৰাৰ এটা ব্যৱস্থা হৈ পৰিছে মন কী বাত, আইআইএম ৰোহটকে চলোৱা এটা শেহতীয়া সমীক্ষাত এই কথা প্ৰকাশ। এটা উদাহৰণ উল্লেখ কৰি মন্ত্ৰীজনে স্মৰণ কৰে যে যেতিয়া এক দম্পতীয়ে তেওঁলোকৰ কেঁচুৱা কন্যা সন্তানৰ মৃত্যুৰ পাছত তাইৰ অংগ দান কৰা কাৰ্যক পিএম মোদীয়ে প্ৰশংসা কৰিছিল, অংগ দানৰ সেই বাৰ্তাক প্ৰতিটো পৰিয়ালে উষ্ণ আদৰণি জনাইছিল।

শ্ৰী ঠাকুৰে দৰ্শকক জনায় যে যেতিয়াই প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰে তেতিয়াই তেওঁ দেশৰ আটাইতকৈ সৰু অঞ্চলসমূহৰ পৰা পোৱা উপহাৰ লগত লৈ যায় আৰু সেইবোৰ আয়োজক দেশৰ গণ্যমান্য লোকসকলক উপহাৰ দিয়ে, এনেদৰে ভাৰতৰ ভিতৰুৱা ঠাইৰ পৰিচয় বিশ্বত স্বীকৃত হয়। মন কী বাতৰ ফলপ্ৰসু সণ্ঢালনিৰ বাবেই সমগ্ৰ বিশ্বজুৰি চলা বিভিন্ন সমীক্ষাত পিএম মোদী বিশ্ব নেতৃত্বৰ মাজত এজন আগশাৰীৰ জনপ্ৰিয় নেতা হৈ পৰিছে, তেওঁ লগতে কয়।

এপলৰ চিইঅ' টিম কুকৰ শেহতীয়া ভাৰত ভ্ৰমণৰ কথা উল্লেখ কৰি মন্ত্ৰীজনে কয় যে বিশ্বজনীন হতাশাৰ মাজত আজি বিশ্বই ভাৰত আৰু ইয়াৰ অৰ্থনীতিলৈ এক আশাৰ ৰেঙনি হিচাপে চাই আছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণৰ পৰা তেওঁৰ ৰেডিঅ' সম্প্ৰচাৰৰ বাবে ইনপুট বিচাৰে। মন্ত্ৰীজনে জনায় যে মন কী বাতৰ মাত্ৰ প্ৰথম ১৫টা খণ্ডৰ বাবেই ৬১ হাজাৰ ইনপুট লাভ কৰিছিল। বিভিন্ন ভাষাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদৰ জৰিয়তে ২০১৭ত এই কাৰ্যক্ৰমৰ সণ্ঢালনি প্ৰসাৰিত হয়।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰই তেওঁৰ আদৰণি ভাষণত কয় যে দৰ্শকৰ মাজত থকা ১০৬জন প্ৰাপক হৈছে প্ৰধানমন্ত্ৰীৰ সামাজিক পৰিৱৰ্তনৰ দিশত সামূহিক অংশগ্ৰহণৰ দৃষ্টিভংগীৰ এক প্ৰতিফলন। তেওঁ কয় যে অল ইণ্ডিয়া ৰেডিঅ'ৰ ইতিহাসত মন কী বাত সৰ্বাধিক জনপ্ৰিয় হয়।

অনুষ্ঠানত লগতে উপস্থিত থাকে উপ ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰৰ পত্নী ডঃ সুড়েশ ধনখৰ আৰু প্ৰসাৰ ভাৰতীৰ চিইঅ' শ্ৰী গৌৰৱ দ্বিবেদী।

এই অনুষ্ঠানতে উপ ৰাষ্ট্ৰপতিয়ে দুখন গ্ৰন্থ উন্মোচন কৰে। প্ৰথমখন ‘Mann Ki Baat@100’ সন্দৰ্ভত এখন কফি টেবুল বুক, 'মন কী বাত'ৰ যাত্ৰাৰ আলোকপাত আৰু পৰিণতিত প্ৰধানমন্ত্ৰী আৰু নাগৰিকসকলৰ মাজত পোনপটীয়া যোগাযোগৰ ক্ষেত্ৰত এটা নতুন যুগসন্ধিৰ সৃষ্টিৰ আৰম্ভণি। দ্বিতীয়খন গ্ৰন্থ হৈছে প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন চিইঅ' শ্ৰী এছ এছ বেম্পতিৰ 'কালেক্টিভ স্পিৰিট, কংক্ৰিট একশ্যন', বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ অতিশয় গুৰুত্বপূৰ্ণ সামাজিক, অৰ্থনৈতিক, পৰিৱেশগত, সাংস্কৃতিক, স্বাস্থ্য আৰু ফিটনেছ বিষয়বোৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ চলিত আলোচনা সন্নিৱিষ্ট কৰা হৈছে।

দিনজোৰা সন্মিলনখনত চাৰিখন বৈঠক অনুষ্ঠিত হয় যাৰ বিষয় আছিল- নাৰী শক্তি, ঐতিহ্যৰ উত্থান, জন সংবাদৰ জৰিয়তে আত্মনিৰ্ভৰতা আৰু আহ্বানৰ জৰিয়তে জন আন্দোলন, ইয়াৰ পাছতে হয় এখন সামৰণি বৈঠক।

মাহিলী ৰেডিঅ' সম্প্ৰচাৰ মন কী বাতৰ ১০০তম খণ্ড ৩০ এপ্ৰিল ২০২৩ত সম্প্ৰচাৰিত হ'ব।

**********



(Release ID: 1919944) Visitor Counter : 75