গৃহ মন্ত্ৰালয়

নতুন দিল্লীত আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাদক দ্ৰব্য বিৰোধী টাস্ক ফ’ৰ্চৰ মুৰব্বীসকলৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত আমি ২০৪৭ চনৰ ভিতৰত ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ বাবে দৃঢ়তাৰে একেলগে কাম কৰিম

উঠি অহা প্ৰজন্ম আৰু ভৱিষ্যতৰ বাবে ড্ৰাগছমুক্ত ভাৰত অতি গুৰুত্বপূৰ্ণ, আজি আমি ড্ৰাগছৰ বিৰুদ্ধে যুঁজৰ এনে পৰ্যায়ত উপনীত হৈছো, য'ৰ পৰা যদি আমি দৃঢ়তা, সামূহিক প্ৰচেষ্টা, টিম ইণ্ডিয়া আৰু সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগীৰে আগবাঢ়ি যাওঁ, তেন্তে জয় নিশ্চিত

ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত, যিসকলে ধনৰ বিনিময়ত দেশৰ নৱ প্ৰজন্মক ধ্বংস কৰাই নহয়, দেশৰ অৰ্থনীতি ধ্বংস কৰি মাদক দ্ৰব্যৰ সন্ত্ৰাসৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰিছে

সঠিক প্ৰক্ৰিয়াৰে ড্ৰাগছ নষ্ট কৰাটো প্ৰয়োজনীয়, অন্যথা দুৰ্নীতিৰ বাবে ড্ৰাগছৰ প্ৰচলন বাৰে বাৰে হোৱাৰ সম্ভাৱনা থাকে, ড্ৰাগছ ধ্বংস কৰাৰ কাৰ্যসূচী ৰাজহুৱা স্থানত অনুষ্ঠিত কৰিব লাগে, যাৰ ফলত জন সজাগতা বৃদ্ধি পাব

Posted On: 19 APR 2023 7:44PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাদক দ্ৰব্য বিৰোধী টাস্ক ফ’ৰ্চৰ মুৰব্বীসকলৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। শ্ৰী অমিত শ্বাহে বাৰ্ষিক প্ৰতিবেদন (বিশেষ সংস্কৰণ), ২০২২ আৰু ড্ৰাগছমুক্ত ভাৰত, মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ’ (এনচিবি)ৰ ৰাষ্ট্ৰীয় সংকল্প পুস্তিকাও প্ৰকাশ কৰে। শ্ৰী শ্বাহে এটা  'মেপ ড্ৰাগছ' শীৰ্ষক মোবাইল এপ আৰু ৱেব পৰ্টেলো মুকলি কৰে, যিটোৱে দেশৰ অবৈধ কৃষি চিনাক্তকৰণ আৰু ধ্বংস কৰাত সহায় কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী এনচিবি, ইন্দোৰ আঞ্চলিক ইউনিটৰ কাৰ্যালয় চৌহদো উদ্বোধন কৰে৷ এই উপলক্ষে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰ, গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিব আৰু এনচিবিৰ সঞ্চালক প্ৰধান শ্ৰী এছ.এন. প্ৰধানৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত আমি ২০৪৭ চনৰ ভিতৰত ড্ৰাগছমুক্ত ভাৰত গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে ড্ৰাগছমুক্ত ভাৰতৰ দৃষ্টিভংগী ভৱিষ্যত প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ আৰু ড্ৰাগছৰ বিৰুদ্ধে যুঁজৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত যদি আমি দৃঢ়তা, সামূহিক প্ৰচেষ্টা, “টিম ইণ্ডিয়া” আৰু “সামগ্ৰিক চৰকাৰী দৃষ্টিভংগী”ৰে আগবাঢ়ি যাওঁ, তেন্তে আমাৰ জয় নিশ্চিত।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আজি অবৈধ কৃষি কাৰ্যৰ সৈতে জড়িত লোকক চিনাক্তকৰণৰ বাবে এটা এপ শুভাৰম্ভ আৰু এনচিবিৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰাৰ লগতে ইন্দোৰত এনচিবিৰ এটা আঞ্চলিক কাৰ্যালয় উদ্বোধন কৰা হৈছে৷ তেওঁ কয় যে এই সকলো পদক্ষেপ মাদক দ্ৰব্যৰ বিৰুদ্ধে আমাৰ যুঁজখনক আৰু অধিক গতি প্ৰদানৰ বাবে পদক্ষেপ লোৱা হৈছে৷ শ্ৰী শ্বাহে কয় যে তৰুণ প্ৰজন্ম আমাৰ দেশৰ উন্নয়নৰ আধাৰ, কিন্তু মাদক দ্ৰব্যই এই তৰুণ প্ৰজন্মক ধ্বংস কৰিছে, সেইবোৰে দেশৰ উন্নয়ন দুৰ্বল কৰিছে, মাদক দ্ৰব্যৰ সৰবৰাহে দেশৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে৷ মাদক দ্ৰব্যৰ সৰবৰাহে কেৱল দেশৰ অৰ্থনীতিতে প্ৰভাৱ নেপেলায়, বৰঞ্চ মাদক দ্ৰব্যৰ সন্ত্ৰাসৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতো আপোচ কৰিছে৷

শ্ৰী অমিত শ্বাহে কয় যে যিসময়ত বিশ্বৰ একাংশ দেশে মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দি ব্যৰ্থ হৈছে, সেই সময়ত ভাৰত এনে এটা পৰ্যায়ত উপনীত হৈছে য’ত আমি ১৩০ কোটি ভাৰতীয়ৰ সংকল্প লৈ এই যুঁজত জয়ী হ’ব পাৰিম৷ তেওঁ কয় যে এই যুঁজখনৰ বিৰুদ্ধে ব্যৰ্থ হোৱাৰ তিনিটা কাৰণ হ’ব পাৰে: এইটো বুজিব লাগিব যে এয়া কেৱল চৰকাৰৰ যুঁজ নহয়, জনসাধাৰণৰ যুঁজ নহয়, কোনো এটা বিভাগৰ যুঁজ নহয়, সকলোৱে ইয়াক সমান তীব্ৰতাৰে একেলগে যুঁজিব লাগিব। দৃষ্টিভংগীত কোনো ভুল হ’ব নালাগে আৰু আমাৰ লক্ষ্য স্পষ্ট হ’ব লাগে যে ড্ৰাগছ সেৱন কৰাজন ভুক্তভোগী আৰু ড্ৰাগছৰ ব্যৱসায় কৰাজন অপৰাধী আৰু তেওঁলোকৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰাটো প্ৰয়োজন। শ্ৰী শ্বাহে কয় যে আমি এইদৰে কাম কৰিলে নিশ্চিতভাৱে জয়ী হম। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ে ৩টা কৌশল ৰচনা কৰিছে -প্ৰতিষ্ঠানিক গাঁথনি শক্তিশালী কৰা, সকলো নাৰ্কো সংস্থাৰ মাজত সমন্বয় আৰু সৰ্বাংগীন জন সজাগতা অভিযান হাতত লোৱা। শ্ৰী শ্বাহে কয় যে আমি টিম ইণ্ডিয়া আৰু সামগ্ৰিক চৰকাৰী দৃষ্টিভংগীৰে আগবাঢ়িব লাগে। তেওঁ কয় যে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এই যুঁজত দলীয় ৰাজনীতি আৰু ৰাজনৈতিক মতাদৰ্শৰ ঊৰ্ধ্বত থাকিব লাগে। তেওঁ কয় যে শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰে সকলো ৰাজ্য চৰকাৰে ড্ৰাগছমুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আগবাঢ়ি যাব লাগে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীয়ে কয় যে বিগত তিনি বছৰত ড্ৰাগছৰ বিৰুদ্ধে যুঁজৰ ফলাফল উৎসাহজনক হৈ পৰিছে। শ্ৰী শ্বাহে জনোৱা মতে ২০০৬-২০১৩ চনৰ ভিতৰত মাত্ৰ প্ৰায় ১,২৫৭ টা গোচৰ পঞ্জীয়ন হৈছিল, যদিও ২০১৪-২০২২ চনৰ ভিতৰত এই সংখ্যা ১৮১ শতাংশ বৃদ্ধি পাই ৩,৫৪৪ টা হৈছে। একে সময়তে মুঠ গ্ৰেপ্তাৰৰ সংখ্যা ১,৩৬৩জনৰ পৰা প্ৰায় ৩০০ শতাংশ বৃদ্ধি পাই ৫,৪০৮জন হৈছে৷ ২০০৬-২০১৩ চনৰ ভিতৰত ১.৫২ লাখ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হয়, যিটো ২০১৪-২০২২ চনৰ ভিতৰত দুগুণ বৃদ্ধি পাই ৩.৭৩ লাখ কিলোগ্ৰাম হয়। ২০০৬-২০১৩ চনৰ ভিতৰত ৭৬৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছিল, যিটো ২৫ গুণতকৈ অধিক বৃদ্ধি পাই ২০১৪-২০২২ চনৰ ভিতৰত ২২ হাজাৰ কোটি টকা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে আমি মাদক দ্ৰব্যৰ সমগ্ৰ নেটৱৰ্ক ধ্বংস কৰিবলৈ ‘তলৰ পৰা ওপৰলৈ’ আৰু ‘ওপৰৰ পৰা তললৈ’ পদ্ধতিৰে আগবাঢ়িব লাগিব। তেওঁ কয় যে কেইটামান নিৰ্বাচিত আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় গোচৰত এই পদ্ধতিসমূহ এনচিবিক সঠিক তদন্তৰ বাবে দি উন্নয়ন সাধন কৰিব লাগিব। তেওঁ সজোৰে কয় যে মাদক দ্ৰব্য বিৰোধী টাস্ক ফ’ৰ্চ আৰু এই সন্মিলনৰ মূল উদ্দেশ্য হৈছে ‘সমাধানকেন্দ্ৰিক চিন্তা’। তেওঁ লগতে কয় যে ভাৰত চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত সকলো অংশীদাৰক একত্ৰিত কৰিবলৈ এখন যুটীয়া সমন্বয় সমিতিও গঠন কৰিছে। শ্ৰী শ্বাহে কয় যে সকলো ৰাজ্যই এনচিবিয়ে গঠন কৰা এনচিঅআৰডি আৰু নিডান পৰ্টেলৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত আমাৰ হাতত দুটা গুৰুত্বপূৰ্ণ অস্ত্ৰ আছে – পিআইটিএনডিপিএছ আৰু সম্পত্তি বাজেয়াপ্ত। তেওঁ কয় যে ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত তেতিয়াহে এই যুঁজখনে গতি লাভ কৰিব। শ্ৰী শ্বাহে কয় যে ৰাজ্যসমূহে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বয়ত কাম কৰি ডাৰ্ক নেট আৰু ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱহাৰ ৰোধ কৰিব লাগে। ইয়াৰ লগতে সকলো ৰাজ্যই ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সৈতে একেলগে কাম কৰি ব্লক চেইন এনালাইছিছ, মেপ ইণ্টেলিজেন্স আৰু ডিজিটেল ফৰেনছিক আদি আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে। তেওঁ কয় যে এই কৌশলসমূহৰ সৈতে আমি যদি ভালদৰে কাম কৰো তেন্তে এই যুঁজখনত আমি দুখোজ আগুৱাই যাম।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে আৰক্ষী প্ৰযুক্তি অভিযানৰ অধীনত ভাৰত চৰকাৰে প্ৰদান কৰা সা-সুবিধাৰ ভিতৰত নিচাজাতীয় সামগ্ৰীক প্ৰথম অগ্ৰাধিকাৰ দিয়া উচিত। তেওঁ কয় যে এনচিঅআৰডিৰ চাৰিওটা স্তৰৰ, দুখন কেন্দ্ৰত আৰু দুখন ৰাজ্যৰ বৈঠক নিয়মীয়াকৈ অনুষ্ঠিত হ’ব লাগে। তেওঁ কয় যে জিলা পৰ্যায়ৰ এনচিঅআৰডিৰ বৈঠক আটাইতকৈ গুৰুত্বপূৰ্ণ। শ্ৰী শ্বাহে কয় যে প্ৰতিখন ৰাজ্যই জিলা পৰ্যায়ৰ এনচিঅআৰডিৰ বৈঠক অনুষ্ঠিত কৰাত সমানে প্ৰচেষ্টা হাতত ল’ব লাগে।

শ্ৰী অমিত শ্বাহে কয় যে ড্ৰাগছৰ বিৰুদ্ধে যুঁজখন নিশ্চিতভাৱে জটিল যদিও আমি সকলোৱে সংকল্প ল’ব লাগিব আৰু ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ড্ৰাগছমুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আগুৱাই যাব লাগিব।

****



(Release ID: 1918335) Visitor Counter : 119