গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ১০ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী গাওঁ কিবিথুত ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম’ আৰম্ভ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ কেৱল পথ সংযোগৰ বাবে ২৫০০ কোটি টকাকে ধৰি ৪৮০০ কোটি টকাৰ কেন্দ্ৰীয় উপাদানৰ সৈতে 'ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী'ত অনুমোদন জনাইছে
এই কাৰ্যসূচীয়ে চিনাক্ত সীমান্তৱৰ্তী গাওঁসমূহত বাস কৰা লোকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাত সহায় কৰিব আৰু লোকসকলক তেওঁলোকৰ জন্মস্থানত থাকিবলৈ উৎসাহিত কৰিব যাৰ ফলত এই গাওঁবোৰৰ পৰা প্ৰব্ৰজন হ্ৰাস হ'ব আৰু সীমান্তৰ নিৰাপত্তা বৃদ্ধি হ'ব
অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ আৰু লাডাখৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ উত্তৰ সীমান্তৰ ১৯ খন জিলাৰ ৪৬ টা খণ্ডৰ ২৯৬৭ খন গাঁৱক 'ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী'ৰ অধীনত ব্যাপক উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে
শ্ৰী অমিত শ্বাহে "সোণালী জয়ন্তী সীমান্ত আলোকসজ্জা কাৰ্যসূচী"ৰ অধীনত নিৰ্মাণ কৰা অৰুণাচল প্ৰদেশ চৰকাৰৰ নটা মাইক্ৰ' হাইডেল প্ৰকল্প উদ্বোধন কৰিব তেওঁ আন্তঃগাঁথনি বৃদ্ধি আৰু আইটিবিপি কৰ্মীৰ সৈতে বাৰ্তালাপ কৰাৰ বাবে ভাৰত-তিব্বত সীমান্ত আৰক্ষী প্ৰকল্পও উন্মোচন কৰিব
কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰীয়ে ন

Posted On: 08 APR 2023 12:31PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৩ চনৰ ১০-১১ এপ্ৰিলত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম দিনা তেওঁ ১০ এপ্ৰিল, ২০২৩ তাৰিখে অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ সীমান্তৱৰ্তী গাওঁ কিবিথুত 'ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম' আৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ কেৱল পথ সংযোগৰ বাবে ২৫০০ কোটি টকাকে ধৰি ৪৮০০ কোটি টকাৰ কেন্দ্ৰীয় উপাদানৰ সৈতে 'ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম'ত অনুমোদন জনাইছে। ভিভিপি হৈছে এক কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ এক আঁচনি যাৰ অধীনত অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ আৰু লাডাখৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ উত্তৰ সীমান্তৰ পৰা আঁতৰি থকা ১৯ খন জিলাৰ ৪৬ টা খণ্ডৰ ২৯৬৭খন গাওঁ ব্যাপক উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে। প্ৰথম পৰ্যায়ত, ৬৬২ খন গাওঁ কভাৰেজৰ ওপৰত অগ্ৰাধিকাৰৰ বাবে চিনাক্ত কৰা হৈছে যাৰ ভিতৰত আছে অৰুণাচল প্ৰদেশৰ ৪৫৫ খন গাওঁ।

ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীয়ে চিনাক্ত সীমান্তৱৰ্তী গাওঁবোৰত বাস কৰা লোকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাত সহায় কৰিব আৰু লোকসকলক তেওঁলোকৰ জন্মস্থানত থাকিবলৈ উৎসাহিত কৰিব আৰু ইয়াৰ দ্বাৰা এই গাওঁবোৰৰ পৰা প্ৰব্ৰজন হ্ৰাস হ'ব আৰু সীমান্তৰ নিৰাপত্তা বৃদ্ধি কৰিব। জিলা প্ৰশাসনে খণ্ড আৰু পঞ্চায়ত পৰ্যায়ত উপযুক্ত প্ৰণালীৰ সহায়ত কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰ ১০০% সংপৃক্ততা নিশ্চিত কৰাৰ বাবে চিনাক্ত কৰা গাঁৱৰ বাবে কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিব। গাওঁসমূহৰ উন্নয়নৰ বাবে চিনাক্ত কৰা হস্তক্ষেপৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰৰ ভিতৰত আছে পথ সংযোগ, খোৱা পানী, সৌৰ আৰু বায়ু শক্তিসহ বিদ্যুৎ, মোবাইল আৰু ইণ্টাৰনেট সংযোগ, পৰ্যটন কেন্দ্ৰ, বহুমুখী কেন্দ্ৰ আৰু স্বাস্থ্যসেৱা আন্তঃগাঁথনি আৰু সুস্থতা কেন্দ্ৰ। 

শ্ৰী অমিত শ্বাহে ১০ এপ্ৰিল, ২০২৩ তাৰিখে কিবিথুত "সোণালী জয়ন্তী সীমান্ত আলোকসজ্জা কাৰ্যসূচী"ৰ অধীনত নিৰ্মাণ কৰা অৰুণাচল প্ৰদেশ চৰকাৰৰ নটা মাইক্ৰ' হাইডেল প্ৰকল্প উদ্বোধন কৰিব। এই বিদ্যুৎ প্ৰকল্পবোৰে সীমান্তৱৰ্তী গাওঁসমূহত বাস কৰা লোকসকলক শক্তিশালী কৰিব। তেওঁ লিকাবালি (অৰুণাচল প্ৰদেশ), চাপ্ৰা (বিহাৰ), নুৰানাদ (কেৰালা) আৰু বিশাখাপত্তনম (অন্ধ্ৰ প্ৰদেশ)ত আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) প্ৰকল্পও উদ্বোধন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কিবিথুত আইটিবিপিৰ কৰ্মচাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰিব। সীমান্তৱৰ্তী জিলাৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ এক প্ৰদৰ্শনীও আয়োজন কৰা হ'ব। শ্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী গাওঁসমূহৰ মহিলাসকলৰ  প্ৰদৰ্শনী দোকানসমূহ পৰিদৰ্শন কৰিব। ২০২৩ চনৰ ১১ এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰীয়ে নামতি ক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু ৱালং যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

*****

RK/AY/AKS/AS/MM



(Release ID: 1914973) Visitor Counter : 128