আয়ুষ
ডিব্ৰুগড়ত অনুষ্ঠিত ‘যোগ মহোৎসৱ’ত সহস্ৰ জনৰ অংশগ্ৰহণ
ডিব্ৰুগড়ত ‘যোগ আৰু প্ৰাকৃতিক চিকিৎসা’ৰ ১০০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপনৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Posted On:
07 APR 2023 12:19PM by PIB Guwahati
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলপথাৰত আজি হাজাৰ হাজাৰ লোকে ‘উমৈহতীয়া যোগাভ্যাস’ (চিৱাইপি)ৰ জৰিয়তে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’লৈ ৭৫ দিন উদযাপনৰ বাবে অনুষ্ঠিত 'যোগ মহোৎসৱ'ক এক বৃহৎ সফলতা প্ৰদান কৰে।
অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহা; অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চোনা মেইন; কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আৰু ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী; কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড০ ৰাজকুমাৰ ৰঞ্জন সিং; অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত; প্ৰাক্তন মন্ত্ৰী আৰু হাউছফেড-ৰ অধ্যক্ষ ভৱেশ কলিতা; মণিপুৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী সপম ৰঞ্জন সিং; মেঘালয়ৰ শক্তি মন্ত্ৰী এ টি মণ্ডল; ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জীতেন হাজৰিকা; আৰু আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই অংশগ্ৰহণ কৰে।
অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ডিব্ৰুগড়ে এক প্ৰাকৃতিক পৰিৱেশত সুন্দৰকৈ এই 'যোগ মহোৎসৱ'ৰ আয়োজন কৰাটো অপৰিসীম আনন্দ আৰু গৌৰৱৰ কথা। আপোনালোক হাজাৰ হাজাৰ লোকেও আমাৰ সৈতে যোগদান কৰি এক সুস্থ আৰু উন্নত ভৱিষ্যত গঢ়াৰ দিশত যোগক এক বিশ্বজোৰা গণ আন্দোলন হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীক উৎসাহিত কৰিলেহি”।
আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, "বিশ্ব স্বাস্থ্য দিৱসৰ এই পৱিত্ৰ উপলক্ষত উদযাপন কৰা ‘যোগ মহোৎসৱ’ত আয়ুষ মন্ত্ৰালয়ে ডিব্ৰুগড়ত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ এখন ১০০খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিবলৈ পায় মোৰ ভাল লাগিছে। এই পদক্ষেপে অঞ্চলটোত স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে ভূমিকা পালন কৰা ডিব্ৰুগড়ক অধিক শক্তিসমৃদ্ধ কৰিব। উত্তৰপূৰ্বাঞ্চলত এই ধৰণৰ চিকিত্সাৰ একমাত্ৰ চিকিত্সালয়খনৰ বাবে সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ বাবে মই অসমৰ মুখ্যমন্ত্ৰী ড০ সিংহ বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছো। চিকিত্সালয়খনে অসমৰ জনসাধাৰণৰ বাবে বহিঃ আৰু অন্তঃ উভয় ৰোগীকে যোগ আৰু প্ৰাকৃতিক চিকিত্সাৰ চিকিৎসা প্ৰদানৰে অঞ্চলটোৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। যোগ অনুশীলনকাৰীসকলৰ বাবে এক অনুকূল পৰিৱেশ বিকশিত কৰাৰ বাবে ‘মোৰাজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান’ (এমডিএনআইৱাই) আৰু ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়’ৰ মাজত এখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হয় যি যোগক সকলোৰে স্বাস্থ্যকৰ জীৱনশৈলীৰ অংশ কৰি তুলিবলৈ আমাৰ প্ৰতিশ্ৰুতিক অধিক শক্তিশালী কৰিব”।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই সমবেত সকলক সম্বোধন কৰি কয়, “আজিযে আমি এই সুন্দৰ ৰাতিপুৱাটোত যোগ অনুশীলনৰ বাবে একত্ৰিত হৈছোহি- এয়া হৈছে ভাৰতীয় ঐতিহ্যৰ অন্যতম মহান আশীৰ্বাদ। আমি যে আজি যোগাভ্যাস কৰিছো, ইয়ে কেৱল মানুহৰ মাজত যোগ অভ্যাসৰ প্ৰসাৰতে অৰিহণা নোযোগাই বৰঞ্চ এক সুস্থ জীৱনশৈলী আৰু উন্নত ভৱিষ্যতৰো নিশ্চয়তা প্ৰদান কৰিব।"
অনুষ্ঠানত ভাষণ দি অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চোনা মেইনে কয়, "যোগ হৈছে ভাৰতৰ সমৃদ্ধ ঐতিহ্যৰ এক বিস্ময়কৰ উপহাৰ যি বিশ্বক এক অধিক স্বাস্থ্যকৰ স্থান হিচাপে গঢ়ি তুলি উপকৃত কৰিছে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মোৰ খুবেই ভাল লাগিছে আৰু এক সুস্থ ভৱিষ্যত গঢ়াৰ দিশত আমি কাম কৰি যাম।"
অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা; অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী, আলো লিবাং; মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মাজেল আম্পাৰিন লিংডো; ছিকিমৰ নগৰ উন্নয়ন মন্ত্ৰী এল বি দাস; অসমৰ শ্ৰম কল্যাণ মন্ত্ৰী, সঞ্জয় কিষাণ; ডিব্ৰুগড়ৰ বিধায়ক আৰু এআইডিচিৰ অধ্যক্ষ প্ৰশান্ত ফুকন; সাংসদ হৰেন সিং বে; বিধায়ক তেৰছ গোৱালা, বিনোদ হাজাৰিকা, চক্ৰ গোঁহাইৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তিয়ে যোগ মহোৎসৱত অংশগ্ৰহণ কৰে।
ভাৰতীয় শিক্ষাৰ্থীসকলৰ উপৰিও তাঞ্জানিয়া, উগাণ্ডা, কেনিয়া, টোগো, নেপাল, নাইজেৰিয়া, লেচোথো, বটছৱানা, ইজিপ্ত, নামিবিয়া আৰু কোৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলে যোগ মহোৎসৱত অংশগ্ৰহণ কৰি ইয়াক এক বৃহৎ সফলতা প্ৰদান কৰে। এমডিএনআইৱাই-ৰ সঞ্চালক ড০ ঈশ্বৰ ভি বাসৱৰড্ডীয়ে উমৈহীয়া যোগাভ্যাসৰ পৰিচালনা কৰে।
******
SK/KB
(Release ID: 1914685)
Visitor Counter : 145