জল শক্তি মন্ত্ৰালয়

৬০% ক’ভাৰেজৰ লক্ষ্য অতিক্ৰম জল জীৱন অভিযানৰ

২০২৩ত জেজেএমৰ অধীনত প্ৰতি চেকেণ্ডত এটাকৈ টেপৰ সংযোগ প্ৰদান

১১.৬৬ কোটি গৃহস্থী আৰু ৫৮ কোটি লোকে এতিয়া ঘৰত টেপৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিছে

ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই এছডিজিৰ লক্ষ্য “সকলোৰে বাবে বিশুদ্ধ আৰু সুলভ পানী”ত উপনীত হ’ব

Posted On: 04 APR 2023 3:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি গ্ৰামাঞ্চলৰ ৬০% গৃহস্থীয়ে টেপৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিছে। ভাৰতৰ ১.৫৫ লাখৰো অধিক গাঁৱে (মুঠ গাঁৱৰ ২৫%) এতিয়ালৈকে ‘হৰ ঘৰ জল’ অৰ্থাৎ এই গাঁওসমূহৰ প্ৰতিঘৰ গৃহস্থীয়ে নিজ-নিজ গৃহৰ চৌহদত টেপৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিছে। জল জীৱন অভিযানৰ অধীনত ২০২৩ৰ জানুৱাৰীৰপৰা মাৰ্চলৈকে চলিত বৰ্ষটোত প্ৰতি চেকেণ্ডত এটাকৈ টেপৰ সংযোগ প্ৰদান কৰা হৈছে। এয়া এক উল্লেখযোগ্য কৃতিত্ব। ২০২৩ৰ প্ৰথম তিনিমাহত প্ৰতিদিনে গড়ে ৮৬,৮৯৪ টা নতুন টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে।

২০১৯ৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন অভিযানৰ কথা ঘোষণা কৰিছিল। এই অভিযানৰ লক্ষ্য আছিল গ্ৰামাঞ্চলসমূহৰ সকলো গৃহস্থীকে পৰ্য্যাপ্ত পৰিমাণৰ (55 lpcd) নিৰ্ধাৰিত মানদণ্ডৰ পানী পৰ্য্যাপ্ত চাপত নিয়মীয়া আৰু দীৰ্ঘ-ম্যাদীভাৱে যোগান ধৰা। জল জীৱন অভিযানৰ বাবে ৩৬০০ বিলিয়ন টকা (US $ 43.80 billion) ধাৰ্য্য কৰা হৈছিল। এনে অধিক ব্যয় নিৰ্ধাৰণ কৰা ই হৈছে বিশ্বৰ অন্যতম সৰ্ববৃহৎ কল্যাণমূলক কাৰ্য্যক্ৰম। ২০১৯ৰ আগষ্টত এই অভিযান আৰম্ভ কৰাৰ সময়ত গ্ৰামাঞ্চলৰ ১৯.৪৩ কোটি গৃহস্থীৰ ভিতৰত মাত্ৰ ৩.২৩ কোটি (১৬.৬৫%) গৃহস্থীয়েহে টেপৰ পানীৰ সুবিধা লাভ কৰিছিল। মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত আদিৰ বাবে শেহতীয়া বছৰকেইটাত একাধিক ব্যাঘাতৰ সন্মুখীন হ’বলগীয়া হোৱা সত্বেও ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে জল জীৱন অভিযানৰ ৰূপায়ণৰ অৰ্থে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। দেশখনে ২০২৩ৰ ৪ এপ্ৰিলত ‘হৰ ঘৰ জল’ৰ অভিমুখে যাত্ৰাত আন এক মাইলৰ খুঁটি অতিক্ৰম কৰে। সেই অনুসৰি, গ্ৰামাঞ্চলৰ ১১.৬৬ কোটিৰো অধিক (৬০%) গৃহস্থীক তেওঁলোকৰ ঘৰত টেপৰ পানী যোগানৰ ব্যৱস্থা কৰা হয়। গুজৰাট, তেলেংগানা, গোৱা, হাৰিয়ানা আৰু পঞ্জাৱ— এই ৫ খন ৰাজ্য আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দমন ডিউ আৰু দাদৰা নগৰ হাভেলী আৰু পুডুচেৰী— এই ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চলে ১০০% ক’ভাৰেজ লাভ কৰিছে। গ্ৰামাঞ্চলৰ সকলো গৃহস্থীকে টেপৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ সুবিধা প্ৰদান কৰিবলৈ দেশখন ক্ষীপ্ৰতাৰে অগ্ৰসৰ হৈছে।

জল জীৱন অভিযান কেৱল এক আন্তঃগাঁথনি উন্নয়নৰ কাৰ্য্যক্ৰমেই নহয়। বৰঞ্চ এই অভিযানে পানী যোগানৰ পৰ্য্যাপ্ততা, সুৰক্ষা আৰু নিয়মীয়াভাৱে সেৱা প্ৰদানত গুৰুত্ব আৰোপ কৰিছে। জেজেএম ৰূপায়ণৰ গতি আৰু পৰিসৰ অভূতপূৰ্ব। মাত্ৰ প্ৰায় ৩ বছৰত এই কাৰ্য্যক্ৰমৰ অধীনত ৪০ কোটিৰো অধিক লোকক সামৰি গ্ৰামাঞ্চলৰ ৮.৪২ কোটিৰো অধিক গৃহস্থী (গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীত @৪.৯৫ জন, উৎসঃ আইএমআইএছ) উপকৃত হৈছে। এই পৰিসংখ্যা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাতকৈ (৩৩.১ কোটি) অধিক, ব্ৰাজিল (২১ কোটি) আৰু নাইজেৰিয়াৰ (২০ কোটি) জনসংখ্যাৰ প্ৰায় দুগুণ আৰু মেক্সিকো (১২.৮ কোটি) আৰু জাপানৰ (১২.৬ কোটি) জনসংখ্যাতকৈ তিনিগুণৰো অধিক।

শিশুসকলৰ স্বাস্থ্য আৰু কল্যাণত গুৰুত্ব আৰোপেৰে গ্ৰামাঞ্চলৰ সকলো বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ আৰু আশ্ৰমশালা (জনজাতীয় আৱাসিক বিদ্যালয়)ত খোৱাপানী, মধ্যাহ্ন ভোজনৰ ৰন্ধনকাৰ্য্য, হাত ধোৱা আৰু টয়লেটত ব্যৱহাৰৰ বাবে টেপৰ পানীৰ সংযোগ প্ৰদানৰ বিশেষ প্ৰচেষ্টা হাতত লোৱা হয়। এতিয়ালৈকে, ৯.০৩ লাখ (৮৮.২৬%) বিদ্যালয় আৰু ৯.৩৬ লাখ (৮৩.৭১%) অংগনৱাড়ী কেন্দ্ৰত টেপৰ পানী যোগানৰ ব্যৱস্থা কৰা হৈছে।

জেজেএমৰ অধীনত “বিশুদ্ধ পানীৰ যোগান” হৈছে অন্যতম অগ্ৰাধিকাৰ। জেজেএমৰ শুভাৰম্ভণিৰ সময়ত দেশত ১৪,০২০ টা আৰ্ছেনিক আৰু ৭,৯৯৬ টা ফ্ল’ৰাইড প্ৰভাৱিত অঞ্চল আছিল। জেজেএমৰ শুভাৰম্ভণিৰেপৰা ৩ বছৰৰো কম সময়ৰ ভিতৰতে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংহত প্ৰচেষ্টাত এনে অঞ্চলৰ সংখ্যা ক্ৰমে ৬১২ আৰু ৪৩১ লৈ হ্ৰাস পাইছে। এই অঞ্চলসমূহৰ সকলো লোকলৈ এতিয়া খোৱা আৰু ৰন্ধা-বঢ়াৰ বাবে বিশুদ্ধ পানী উপলব্ধ। কাৰ্যতঃ আৰ্ছেনিক বা ফ্ল’ৰাইড প্ৰভাৱিত অঞ্চলসমূহত বসবাস কৰা ১.৭৯ কোটি লোকে এতিয়া খোৱা আৰু ৰন্ধা-বঢ়া কৰিবলৈ বিশুদ্ধ পানী লাভ কৰিছে।

এতিয়ালৈকে ২,০৭৮ টা পানী পৰীক্ষণ লেব স্থাপন কৰা হৈছে আৰু ইয়াৰে ১,১২২ টা এনএবিএল স্বীকৃতিপ্ৰাপ্ত। পানীৰ গুণাগুণ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গ্ৰামাঞ্চলত ২১ লাখৰো অধিক মহিলাক ফিল্ড টেষ্ট কিট (FTK) ব্যৱহাৰেৰে পানীৰ নমুনা পৰীক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কেৱল ২০২২-২৩তে এফটিকেৰ জৰিয়তে ১.০৩ কোটি পানীৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু পৰীক্ষাগাৰৰ জৰিয়তে ৬১ লাখ পানীৰ নমুনা পৰীক্ষা কৰা হৈছে। এই অভিযানে এক বিশেষ ‘স্বচ্ছ জল চে সুৰক্ষা’ অভিযান আৰম্ভ কৰে আৰু ২০২২-২৩ বৰ্ষত ৫.৩৩ লাখ গাঁৱত ৰাসায়নিক আৰু ৪.২৮ লাখ গাঁৱত জৈৱিক দূষণৰ বাবে (বাৰিষাৰ পিছৰ) পানীৰ গুণাগুণ পৰীক্ষা কৰা হৈছে।

চৰকাৰৰ পানীৰ গুণাগুণ নিৰীক্ষণৰ প্ৰচেষ্টাৰ সামৰ্থ্যৰ প্ৰতিফলন ঘটাই কেৱল ২০২২-২৩তে ১.৬৪ কোটিৰো অধিক পানীৰ নমুনা পৰীক্ষা কৰা হৈছে, যি পৰিমাণ ২০১৮-১৯ত পৰীক্ষা কৰা নমুনাতকৈ তিনিগুণৰো অধিক (৫০ লাখ)। এই প্ৰচেষ্টাসমূহৰ ফলত দেশত পানীজনিত ৰোগৰ ঘটনা যথেষ্ট হ্ৰাসৰ সম্ভাৱনা আছে।

ইমূৰৰপৰা সিমূৰলৈ পন্থা অনুসৰণেৰে জেজেএমক বিকেন্দ্ৰীকৃত, চাহিদা-চালিত সমাজ পৰিচালিত কাৰ্য্যক্ৰম হিচাপে ৰূপায়ণ কৰা হৈছে। গাঁৱত পানী যোগানৰ আন্তঃগাঁথনি পৰিচালনা, কাৰ্য্যক্ষম আৰু ৰক্ষণাবেক্ষণৰ বাবে ৫.২৪ লাখৰো অধিক পানী সমিতি/ গাঁও জল আৰু অনাময় কমিটি (VWSC) গঠন কৰা হৈছে আৰু জল জীৱন অভিযানৰ অধীনত ৫.১২ লাখৰো অধিক গাঁও কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।

মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু গ্ৰামাঞ্চলৰ সমাজসমূহে একেলগে কাম কৰা কাৰ্য্যই জল জীৱন অভিযানক সঁচাকৈয়ে এক জন আন্দোলনত পৰিণত কৰিছে। দীৰ্ঘম্যাদী খোৱাপানী সুৰক্ষাৰ বাবে স্থানীয় সমাজ আৰু গ্ৰাম পঞ্চায়তসমূহ আগবাঢ়ি আহি গাঁৱৰ পানী যোগানৰ ব্যৱস্থা, তেওঁলোকৰ জলসম্পদ আৰু অপৰিস্কাৰ পানীৰে মোকাবিলাৰ দায়িত্ব গ্ৰহণ কৰিছে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ভিডব্লিউএছচি গঠন, সমাজৰ সংগঠন, গাঁও কাৰ্য্য পৰিকল্পনা প্ৰস্তুতকৰণত সহায় আৰু আন্তঃগাঁথনি নিৰ্মাণৰ পিছত কাৰ্য্যকলাপ সম্পন্নকৰণত সহায়ক হোৱাকৈ ৰূপায়ণ সহায়ক সংস্থা (ISA)ক নিয়োজিতকৰণেৰে পঞ্চায়তসমূহলৈ সহায়ৰ হাত আগবঢ়াইছে। এতিয়ালৈকে ১৪ হাজাৰৰো অধিক আইএছএ নিয়োজিত হৈছে আৰু এই ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আছে।

সামৰ্থ্য গঢ়ি তোলা আৰু ভিন্ন অংশীদাৰসকলক পুনৰ সংঘবদ্ধকৰণৰ বাবে ৯৯ টা বিশিষ্ট চৰকাৰী আৰু বে-চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান/সংস্থা/ফাৰ্ম/অনুষ্ঠান/থিংক টেংক/প্ৰশিক্ষণ প্ৰতিষ্ঠান আদিক মূল সমল কেন্দ্ৰ (KRC) হিচাপে নিয়োজিত কৰা হৈছে। জল জীৱন অভিযানৰ অধীনস্থ এই মূল সমল কেন্দ্ৰসমূহৰ জৰিয়তে ১৮,০০০ ৰোধিক লোকৰ সামৰ্থ্য বিকাশ কৰা হয়।

ইয়াৰোপৰি, প্ৰচেষ্টাসমূহৰ পৰিপূৰক হিচাপে আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সমৰ্থন জনাবলৈ খোৱাপানী আৰু অনাময় বিভাগে গ্ৰাম্য ৱাছ অংশীদাৰ মঞ্চ (RWPF) আনুষ্ঠানিকভাৱে গঠন কৰিছে। ইয়াৰ জৰিয়তে ‘ৱাছ’ খণ্ডৰে জড়িত অংশীদাৰসকলৰ সৈতে উন্নয়ন অংশীদাৰসকল সহযোগিতাৰে কাম কৰিবলৈ আগবাঢ়ি আহিছে। জল জীৱন অভিযানৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে ভাৰত চৰকাৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ যোগাযোগ অব্যাহত আছে।

দীৰ্ঘ্যম্যাদীভাৱে গ্ৰামাঞ্চলৰ গৃহস্থীসমূহলৈ বহনক্ষমভাৱে সেৱা আগবঢ়াবলৈ ভূগৰ্ভস্থ আৰু প্ৰাকৃতিক পানীৰ উৎসৰ বহনক্ষমতা অতিশয় গুৰুত্বপূৰ্ণ। এই প্ৰেক্ষাপটত “খোৱাপানীৰ বাবে উৎস বহনক্ষমতা” (JSA-2023-SSDW)ক জল শক্তি অভিযান, ২০২৩ৰ কেন্দ্ৰীয় বিষয়বস্তু হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

জল জীৱন অভিযানে সমাজত একাধিক প্ৰভাৱ বিস্তাৰ কৰিছে। নিয়মীয়াকৈ টেপৰ পানী যোগানে মহিলা আৰু যুৱতীসকলক সকাহ প্ৰদান কৰিছে। তেওঁলোকৰ দৈনন্দিন ঘৰুৱা প্ৰয়োজনীয়তা পূৰণত ই সহায়ক হৈছে। একেদৰে, মহিলাসকলে পানী সংগ্ৰহৰ বাবে পূৰ্বে খৰচ কৰা সময়খিনি এতিয়া ৰাহি হোৱাত উপাৰ্জনমুখী কাম-কাজ, নতুন দক্ষতা আৰু সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে।

নোবেল বঁটা বিজয়ী ডঃ মাইকেল ক্ৰেমাৰ আৰু তেওঁৰ টীমৰ এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি, পৰিয়ালসমূহে সেৱন কৰিবলৈ বিশুদ্ধ পানী লাভ কৰা মাত্ৰেকে প্ৰায় ৩০% শিশুৰ মৃত্যু ৰোধ হ’ব। বিশেষকৈ নৱজাতকসকলৰ ক্ষেত্ৰত ডায়েৰিয়া অতি সাধাৰণ ৰোগ। নৱজাতক পানী সৃষ্ট ৰোগত অধিক আক্ৰান্ত হয়। অধ্যয়নটো এই সিদ্ধান্তত উপনীত হয় যে প্ৰতি ৪ টা মৃত্যুৰ ঘটনাৰ ভিতৰত ১টা (বছৰি পাঁচ বছৰৰ তলৰ ১.৩৬ লাখৰ মৃত্যু) ৫ বছৰৰ তলৰ শিশুৰে জড়িত আৰু ভাৰতত বিশুদ্ধ পানীৰ ব্যৱস্থাৰে এনে শোকাৱহ ঘটনা প্ৰতিৰোধ কৰিব পাৰি।

জেজেএমে গ্ৰামাঞ্চলসমূহত প্ৰত্যক্ষ আৰু পৰোক্ষ উভয় কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিছে। আইআইএম, বেংগালুৰুৰ এক প্ৰাৰম্ভিক সমীক্ষা অনুসৰি, জেজেএম ৰূপায়ণৰ পাঁচ বছৰত প্ৰায় ১,৪৭,৫৫,৯৮০ ব্যক্তি-বছৰৰ নিয়োগ সৃষ্টি কৰিব পৰা যাব। ইয়াৰ ফলত অভিযানটোৰ নিৰ্মাণ পৰ্য্যায়ত সম্পূৰ্ণ বছৰটোৰ বাবে প্ৰতি বছৰে গড়ে ২৯,৫১,১৯৬ জন লোক নিয়োজিত হ’ব। এই অভিযানে পাইপেৰে পানী যোগান আঁচনিসমূহ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবেও প্ৰতি বছৰে প্ৰায় ১০.৯২ লাখ লোকলৈ নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

*****



(Release ID: 1914259) Visitor Counter : 133