শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

নিয়োগ কৰ্মগোটৰ তিনি অগ্ৰাধিকাৰ ক্ষেত্ৰত জি-২০ৰ সদস্যসকলৰ ঐক্যমত প্ৰকাশেৰে ২য় ইডব্লিউজি বৈঠকৰ সফল সামৰণি

সৰ্ব-স্তৰৰ নাগৰিকক জড়িত কৰাৰ অৰ্থে অসম চৰকাৰৰ উদ্যোগত জন ভাগীদাৰী কাৰ্য্যসূচী - চাইকেল ৰেলী, স্বচ্ছতা অভিযান, বিদ্যালয়ত মক জি-২০, গছপুলি ৰোপণ, আলোচনা চক্ৰ আৰু বক্তৃতা আদিৰ আয়োজন

Posted On: 05 APR 2023 3:46PM by PIB Guwahati

আজি  গুৱাহাটীত ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ অধীনত ২য় নিয়োগ কৰ্মগোট (EWG)ৰ বৈঠকৰ সামৰণি পৰে। ভাৰতৰ এই অধ্যক্ষতাৰ অধীনত ইডব্লিউজিৰ তিনিটা অগ্ৰাধিকাৰ ক্ষেত্ৰ সামৰি মন্ত্ৰী পৰ্য্যায়ৰ ঘোষণা আৰু ফলাফলৰ নথিপত্ৰৰ মূল অংশসমূহত ঐক্যমতৰ নিশ্চিতকৰণেৰে শ্ৰম আৰু নিয়োগ সচিব আৰু জি-২০ ইডব্লিউজিৰ অধ্যক্ষ শ্ৰীমতী আৰতি আহুজাই উক্ত আলোচনাৰাজি পৰিচালনা কৰে। এই বৈঠকখনি ইডব্লিউজি, ২০২৩ৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ ফলাফল সন্দৰ্ভত ঐক্যমত গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহ হৈছেঃ i) বৈশ্বিক দক্ষতা ব্যৱধানৰ সেতুবন্ধন ii) গিগ আৰু প্লেটফৰ্ম অৰ্থনীতি আৰু সামাজিক সুৰক্ষা iii) সামাজিক সুৰক্ষাৰ বহনক্ষম বিত্তীয় সাহায্য।

image-day3.jpg

জি-২০ৰ সদস্য দেশ, ৭ অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা(ILO), অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থা (OECD) আৰু আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থা (ISSA), বিশ্ব বেংক (WB) আৰু এছিয়ান উন্নয়ন বেংককে (ADB) প্ৰমুখ্য কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ৭৪ গৰাকীৰ অধিক প্ৰতিনিধিয়ে আজি সমাপ্ত হোৱা বৈঠকসমূহত ভাগ লয়।

image day3 1.jpg

প্ৰথম দিনা কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীৰ উদ্বোধনী ভাষণেৰে এই বৈঠক আৰম্ভ হয় আৰু ইয়াৰ পিছতে অসম চৰকাৰৰ পৰিবেশ আৰু বন, এক্ট ইষ্ট পলিচি পৰিক্ৰমা আৰু সংখ্যালঘু কল্যাণ মন্ত্ৰী শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ভাষণ প্ৰদান কৰে। ইয়াতে জন ভাগীদাৰী পদক্ষেপৰ অংশ হিচাপে শ্ৰম বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ ৰচনা সংকলন উন্মোচন কৰা হয়।

image day3 5.jpg

এই বৈঠকৰ প্ৰথম দিনা ইডব্লিউজিৰে সহভাজিত অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ সন্দৰ্ভত আন-আন কৰ্মগোটে জ্ঞান-বিনিময় অধিবেশন অনুষ্ঠিত কৰে। ইয়াত বহনক্ষম বিত্ত কৰ্মগোট, ডিজিটেল অৰ্থনীতি কৰ্মগোট, শিক্ষা কৰ্মগোট, জি-২০ উদ্যমিতা গৱেষণা কেন্দ্ৰ আৰু এল-২০, বি-২০ অধ্যক্ষই প্ৰেজেনটেচনসমূহ আগবঢ়ায়। ইয়াৰোপৰি, ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত সন্ধিয়া সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হোৱাৰ লগতে নৈশ আহাৰ গ্ৰহণ কৰা হয়। সাংস্কৃতিক সন্ধিয়াত পৰিবেশিত বিহু নৃত্য, বাঁহী বাদন আৰু লোকগীত আদিয়ে আন্তৰ্জাতিক দৰ্শকসকলৰ বিপুল সমাদৰ লাভ কৰে।

২য় ইডব্লিউজি বৈঠকৰ দ্বিতীয় দিনা মন্ত্ৰী পৰ্য্যায়ৰ ঘোষণাৰ খচৰা সম্পৰ্কে আলোচনাৰে এই বৈঠক আৰম্ভ হয়। ইয়াত সদস্য দেশসমূহে সকলো দৃষ্টিভংগীৰে ইডব্লিউজিৰ মূল অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ ফলাফল সন্দৰ্ভত আলোচনা কৰে আৰু গঠনমূলক মন্তব্যৰে ঘোষণা আৰু ফলাফলৰ নথিপত্ৰ প্ৰণয়নৰ অৰ্থে মত পোষণ কৰে। এই অধিবেশনসমূহত চমু যোগাসন বিৰতিৰো আয়োজন কৰা হয়।

দ্বিতীয় দিনাও লাইভ বেণ্ডৰে এটি মনোগ্ৰাহী সংগীত সন্ধিয়া অনুষ্ঠিত হয়। প্ৰতিনিধিসকলে সংগীতৰ তালে-তালে আনন্দ প্ৰকাশ কৰে।

তৃতীয় দিনা, মন্ত্ৰী পৰ্য্যায়ৰ খচৰা বিজ্ঞপ্তি সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মন্ত্ৰী পৰ্য্যায়ৰ ঘোষণাৰ খচৰাৰ উপৰিও “গিগ আৰু প্লেটফৰ্ম অৰ্থনীতি আৰু সামাজিক সুৰক্ষা”ৰ খচৰা ফলাফল নথিপত্ৰ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াত দেশসমূহৰ মন্তব্য আৰু পৰামৰ্শৰাজি বিবেচনা আৰু জি-২০ৰ সকলো সদস্যৰ সৈতে বিতংভাৱে আলোচনা কৰা হয়।

জি-২০ ইডব্লিউজিৰ এই তিনিদিনীয়া বৈঠকত অসম চৰকাৰে ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, মহিলা, ব্যক্তিগত খণ্ড, শৈক্ষিক মহল আৰু নাগৰিক সমাজকে প্ৰমুখ্য কৰি সৰ্বস্তৰৰ লোককে জড়িতকৰণৰ অৰ্থে চাইকেল ৰেলী, স্বচ্ছতা অভিযান, বিদ্যালয়ত মক জি-২০, গছপুলি ৰোপণ, আলোচনা চক্ৰ আৰু বক্তৃতা অনুষ্ঠান আদি জন ভাগীদাৰী কাৰ্য্যসূচী হাতত লয়।

জি-২০ৰ প্ৰতিনিধিসকলে মিলেট আৰু অসমৰ সাংস্কৃতিক ঐতিহ্য থূপাই প্ৰদৰ্শন কৰা ষ্টলসমূহ দৰ্শন কৰে।

image day3 3.jpg

image day3 2.jpg

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী ৰুপেশ কুমাৰ ঠাকুৰে গুৱাহাটীত উক্ত তিনিদিনীয় বৈঠকত আলোচিত বিষয়সমূহৰ সন্দৰ্ভত আজি সংবাদ মাধ্যমক সম্বোধন কৰে।

MJPS


(Release ID: 1914015)