কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

২০২৩-২৪ৰ বাবে কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য (MSP)ত অনুমোদন কেবিনেটৰ

Posted On: 24 MAR 2023 9:16PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে ২০২৩-২৪ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য (MSP)ত অনুমোদন জনাইছে। কৃষি ব্যয় আৰু মূল্য আয়োগ (CACP)ৰ পৰামৰ্শৰ ভিত্তিত এই অনুমোদন জনোৱা হৈছে।

২০২৩-২৪ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ এমএছপি (পূৰ্বৰ টিডি-৫ গ্ৰেডৰ সমতুল্য টিডি-৩) প্ৰতি কুইন্টলত ৫০৫০/- টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰদ্বাৰা সৰ্বভাৰতীয় ওজনযুক্ত গড় উৎপাদন ব্যয়ৰ তুলনাত ৬৩.২০ শতাংশ লাভ নিশ্চিত হ’ব। ২০২৩-২৪ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ ঘোষিত এমএছপি ২০১৮-১৯ৰ বাজেটত চৰকাৰে ঘোষণা কৰা সমগ্ৰ ভাৰতৰ ওজনযুক্ত গড় উৎপাদন ব্যয়ৰ কমেও ১.৫ গুণৰ স্তৰত এমএছপি নিৰ্ধাৰণৰ নীতিৰে সামঞ্জস্যপূৰ্ণ।

ই লাভৰ সীমা হিচাপে ন্যূনতম ৫০ শতাংশ নিশ্চিত কৰে। মৰাপাটৰ খেতিয়কসকলৰ অধিক পাৰিতোষিক লাভ নিশ্চিতকৰণৰ লগতে গুণগত পাটৰ আঁহক প্ৰোৎসাহিতকৰণৰ দিশত ই অন্যতম গুৰুত্বপূৰ্ণ আৰু প্ৰগতিশীল পদক্ষেপ।

ভাৰতীয় মৰাপাট নিগমে (JCI) কেন্দ্ৰীয় চৰকাৰৰ ন’ডেল এজেন্সী হিচাপে মূল্য সমৰ্থন কাৰ্য্যকলাপ পৰিচালনা কৰিব আৰু এনে কাৰ্য্যকলাপত লোকচান সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে পৰিশোধ কৰিব।

 

*****

DS/SB



(Release ID: 1910786) Visitor Counter : 106