গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী উত্তৰ-পূব ভাৰতৰ দৃষ্টি অনুধাৱনেৰে পুনৰ এবাৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ (AFSPA) অধীনত নাগালেণ্ড, অসম আৰু মণিপুৰৰ অশান্ত অঞ্চলৰ সংখ্যা হ্ৰাসৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা পৰিস্থিতিৰ উল্লেখযোগ্য অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয়

Posted On: 25 MAR 2023 2:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কাৰ্য্যকৰী পদক্ষেপৰ ফলশ্ৰুতিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নিৰাপত্তা পৰিস্থিতিৰ যথেষ্ট উন্নতি হৈছে আৰু উন্নয়নৰ ক্ষেত্ৰত এই ৰাজ্যকেইখন আগবাঢ়ি গৈছে। ইয়াত ২০১৪ৰ তুলনাত ২০২২ত বিদ্ৰোহৰ ঘটনা ৭৬% হ্ৰাস পাইছে। একেদৰে, এই সময়ছোৱাত নিৰাপত্তাৰক্ষী আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ হাৰ ক্ৰমে ৯০% আৰু ৯৭% হ্ৰাস পাইছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰাজি গ্ৰহণৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা পৰিস্থিতিৰ অভূতপূৰ্ব অগ্ৰগতি হৈছে। ভাৰত চৰকাৰে ২০২২ৰ এপ্ৰিলৰপৰা নাগালেণ্ড, অসম আৰু মণিপুৰত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA)ৰ অধীনত অশান্ত অঞ্চলৰ সংখ্যা হ্ৰাসৰ সমান্তৰালকৈ আজি আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণেৰে এই তিনিখন ৰাজ্যত ২০২৩ৰ ০১ এপ্ৰিলৰপৰা কাৰ্য্যকৰী হোৱাকৈ অশান্ত অঞ্চলৰ সংখ্যা অধিক হ্ৰাস কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা পৰিস্থিতিৰ যথেষ্ট উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পোন-প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা, শান্তি আৰু উন্নয়নক অগ্ৰাধিকাৰ প্ৰদানৰ ফলশ্ৰুতিত উত্তৰ-পূৰ্বাঞ্চল শান্তি আৰু উন্নয়নৰ অভিমুখে ধাৱমান হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এখনি শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী উত্তৰ-পূৰ্বাঞ্চলৰ দৃষ্টি বাস্তৱায়িতকৰণৰ উদ্দেশ্যেৰে যোৱা ৪ বছৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত উত্তৰ-পূবৰ ৰাজ্যসমূহত কেইবাখনো শান্তি চুক্তি ৰূপায়ণ কৰা হৈছে। ইয়াৰ বাবে অধিকাংশ বিপ্লৱীয়ে দেশৰ সংবিধান আৰু মোদী চৰকাৰৰ নীতিলৈ আস্থা প্ৰকাশেৰে এনে গোটসমূহে অস্ত্ৰ সম্বৰণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি আৰু উন্নয়নৰ অংশীদাৰ হৈ পৰে। ২০১৪ ৰপৰা এতিয়ালৈকে প্ৰায় ৭০০০ বিপ্লৱীয়ে আত্মসমৰ্পণ কৰিছে।

যোৱা ৪ বছৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু উন্নত উত্তৰ-পূৰ্বাঞ্চলৰ সপোন বাস্তৱায়িত কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে একাধিক ঐতিহাসিক চুক্তি স্বাক্ষৰিত কৰিছে। এই চুক্তিৰাজিয়ে দশক-দশক ধৰি অব্যাহত সমস্যাসমূহ সমাধান কৰিছে। যথাঃ

  • ২০১৯ৰ আগষ্টত ত্ৰিপুৰাত স্বাক্ষৰিত এনএলএফটি (এছডি) চুক্তিৰ ফলশ্ৰুতিত বিপ্লৱীসকলে হিংসাৰ পথ পৰিহাৰ কৰি সমাজৰ মূলসুঁতিলৈ ঘূৰি আহে।
  • ২০২০ৰ জানুৱাৰীত বড়ো শান্তি চুক্তিয়ে অসমৰ ৫ দশক পুৰণি বড়ো সমস্যাৰ সমাধান কৰিলে।
  • ২০২০ৰ জানুৱাৰীত কেইবা দশক পুৰণি ব্ৰু-ৰিয়াং শৰণাৰ্থী সংকটৰ সমাধানৰ বাবে এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ অধীনত ৩৭,০০০ অভ্যন্তৰীণভাৱে স্থানচ্যুত লোকক ত্ৰিপুৰাত সংস্থাপন প্ৰদান কৰা হৈছে।
  • ২০২১ৰ ছেপ্টেম্বৰত কাৰ্বি-আংলং চুক্তিৰ জৰিয়তে অসমৰ কাৰ্বি জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান অঞ্চলটোৰ দীৰ্ঘদিনীয়া বিবাদৰ সমাধান কৰা হৈছে।
  • অসমৰ আদিবাসী গোটৰ সৈতে ২০২২ৰ ছেপ্টেম্বৰত এক চুক্তি স্বাক্ষৰিত হৈছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক বিদ্ৰোহমুক্তকৰণৰ ক্ষেত্ৰত দৃঢ়প্ৰতিজ্ঞ। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ আৰু আন-আন অংশীদাৰসকলৰ সৈতে অহৰহ আলোচনাত মিলিত হৈ আহিছে। মোদী চৰকাৰে নিৰাপত্তা পৰিস্থিতিৰ অগ্ৰগতি সাধনৰ অৰ্থে ২০১৫ত ত্ৰিপুৰা আৰু ২০১৮ত মেঘালয়ৰপৰা আফছপাৰ অধীনত অশান্ত অঞ্চলৰ অধিসূচনা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছিল।

সমগ্ৰ অসমতে ১৯৯০ৰপৰা অশান্ত অঞ্চলৰ অধিসূচনা বলবৎ হৈ আছিল। কিন্তু মোদী চৰকাৰৰ অক্লান্ত প্ৰচেষ্টাৰ ফলশ্ৰুতিত নিৰাপত্তা পৰিস্থিতিৰ যথেষ্ট অগ্ৰগতি সাধনৰ পৰিপ্ৰেক্ষিতত ০১-০৪-২০২২ ৰপৰা ৯ খন জিলা আৰু এখন জিলাৰ এটা মহকুমাৰ বাহিৰে সমগ্ৰ অসমৰপৰা আফছপাৰ অধীনত অশান্ত অঞ্চলৰ অধিসূচনা প্ৰত্যাহাৰ কৰা হৈছিল। একেদৰে ০১-০৪-২০২৩ৰপৰা ইয়াৰ পৰিসৰ মাত্ৰ ৮ খন জিলালৈ হ্ৰাসৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অশান্ত অঞ্চল অধিক হ্ৰাস পালে।

মণিপুৰত (ইম্ফল মিউনিচিপেলিটী এলেকাৰ বাহিৰে) আফছপাৰ অধীনত অশান্ত অঞ্চলৰ অধিসূচনা ২০০৪ ৰপৰা বলবৎ হৈ আছিল। ০১-০৪-২০২২ত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণেৰে ইয়াৰ ৬ খন জিলাৰ ১৫ টা থানা এলেকাত অশান্ত অঞ্চলৰ অধিসূচনা প্ৰত্যাহাৰ কৰিছিল আৰু এতিয়া ০১-০৪-২০২৩ ৰপৰা ইয়াৰ অধীনত অশান্ত অঞ্চলৰ অধিসূচনা আন ৪ টা থানা এলেকাৰপৰা প্ৰত্যাহাৰৰ পৰিপ্ৰেক্ষিতত ৭ খন জিলাৰ মুঠ ১৯ টা আৰক্ষী থানা এলেকাৰপৰা প্ৰত্যাহাৰ হ’ল।

১৯৯৫ ৰপৰা সমগ্ৰ নাগালেণ্ডত অশান্ত অঞ্চলৰ অধিসূচনা বলবৎ আছিল। এনে প্ৰেক্ষাপটত গঠিত এখন কমিটিয়ে পৰ্য্যায়ক্ৰমে আফছপা প্ৰত্যাহাৰৰ পৰামৰ্শ প্ৰদানৰ পিছত ০১-০৪-২০২২ত ইয়াৰ ৭ খন জিলাৰ ১৫ টা থানা এলেকাৰপৰা অশান্ত অঞ্চলৰ অধিসূচনা প্ৰত্যাহাৰ কৰা হৈছিল। একেদৰে, ০১-০৪-২০২৩ ৰপৰা ইয়াৰ অধীনত অশান্ত অঞ্চলৰ অধিসূচনা আন ৩ টা থানা এলেকাৰপৰা প্ৰত্যাহাৰৰ পৰিপ্ৰেক্ষিতত ৮ খন জিলাৰ মুঠ ১৮ খন থানা এলেকাত আফছপা প্ৰত্যাহাৰ হ’ল।

ইয়াৰ বাবে গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি কয়, উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জীৱন-যাত্ৰাৰ এনে ইতিবাচক পৰিৱৰ্তন সাধনেৰে এই অঞ্চলটোক সমগ্ৰ ভাৰতৰে সংযোগ কৰাৰ বাবে মই প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জনালো। একেদৰে, ইয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক অভিনন্দন জনাইছো।


 



(Release ID: 1910718) Visitor Counter : 455