প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘নাটু নাটু’-ক লৈ কৰা উদযাপনৰ বাবে জাৰ্মান দূতাবাসক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 20 MAR 2023 10:34AM by PIB Guwahati

ভাৰত আৰু ভূটানৰ বাবে নিয়োজিত জাৰ্মান দূতাবাসত ‘নাটু নাটু’ গীতটিয়ে অস্কাৰত লাভ কৰা সাফল্য উদযাপন কৰা প্ৰসংগত ৰাষ্ট্ৰদূত ড০ ফিলিপ একাৰমেনে ‘শ্বেয়াৰ’ কৰা এটি ভিডিঅ'ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভিডিঅ’টিত তেওঁ আৰু দূতাবাসৰ সদস্যসকলৰ উদযাপনৰ মুহূৰ্ত সন্নিৱিষ্ট কৰা হৈছে। ভিডিঅ'টো পুৰণি দিল্লীত দৃশ্যগ্ৰহণ কৰা হৈছিল।

ইয়াৰ আগতে ফেব্ৰুৱাৰী মাহত ভাৰতত থকা কোৰিয়ান দূতাবাসেও গীতটো উদযাপন কৰা এটা ভিডিঅ' প্ৰস্তুত কৰিছিল।

জাৰ্মান ৰাষ্ট্ৰদূতগৰাকীৰ ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"ভাৰতৰ ৰং আৰু স্বাদ! জাৰ্মানসকলে নিশ্চিতভাৱে নাচিব জানে, আৰু নাচে সুন্দৰকৈ!"

 

 

****

DS/SK/KB


(रिलीज़ आईडी: 1908816) आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam