প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক স্বাৱলম্বী কৰাৰ বাবে কৰা নিৰন্তৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 MAR 2023 12:46PM by PIB Guwahati
ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক স্বাৱলম্বিত কৰাৰ বাবে কৰা নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধিয়ে ভাৰতীয় প্ৰতিভাৰ ওপৰত থকা আমাৰ বিশ্বাসকো পুনৰাই সুদৃঢ় কৰে’ বুলি তেওঁ মন্তব্য কৰে।
ভাৰতীয় উদ্যোগসমূহৰ পৰা ৯৯% আহৰণৰে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক স্বাৱলম্বী কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৭০,৫০০ কোটি টকাৰ ক্ৰয় প্ৰস্তাৱ আৰু ২.৭১ লাখ কোটি টকাৰো অধিক মূল্যৰ ক্ৰয়লৈ অনুমোদন জনাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কৰা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ লগতে ভাৰতীয় প্ৰতিভাৰ ওপৰত থকা আমাৰ বিশ্বাসকো পুনৰাই সুদৃঢ় কৰে ।"
***
DS/TS/KB
(रिलीज़ आईडी: 1908037)
आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam