প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে ভাৰ্চুৱেল মাধ্যমেৰে ভাৰত-বাংলাদেশ ফ্ৰেইণ্ডশ্বিপ পাইপলাইন উদ্বোধন কৰিব

Posted On: 16 MAR 2023 6:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই ১৮ মাৰ্চ, ২০২৩ৰ সন্ধিয়া ৫ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত-বাংলাদেশ ফ্ৰেইণ্ডশ্বিপ পাইপলাইন উদ্বোধন কৰিব।

ই হৈছে ভাৰত আৰু বাংলাদেশৰ মাজত ৩৭৭ কোটি টকা আনুমানিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰথমটো সীমান্ত অতিক্ৰমি শক্তি পাইপলাইন। এই পাইপলাইনৰ বাংলাদেশৰ অংশটো প্ৰায় ২৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ভাৰত চৰকাৰে অনুদান সাহায্যৰ অধীনত এই অংশটোৰ ব্যয় বহন কৰিছে।

এই পাইপলাইনৰ বছৰি ১ নিযুত মেট্ৰিক টন (MMTPA) হাই-স্পীড ডিজেল (HSD) সৰবৰাহৰ ক্ষমতা আছে। আৰম্ভণিতে, ই উত্তৰ বাংলাদেশৰ সাতখন জিলালৈ হাই স্পীড ডিজেল যোগান ধৰিব।

ভাৰত-বাংলাদেশ ফ্ৰেইণ্ডশ্বিপ পাইপলাইন কাৰ্য্যক্ষমৰ লগে-লগে ভাৰতৰপৰা বাংলাদেশলৈ এইচএছডি পৰিবহণৰ এক বহনক্ষম, নিৰ্ভৰযোগ্য, ব্যয়-সাশ্ৰয়ী আৰু পৰিবেশ অনুকূল পদ্ধতি প্ৰশস্ত হ’ব আৰু দুয়োখন দেশৰ মাজত শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ অধিক বৰ্ধন ঘটাব।

 

***



(Release ID: 1907788) Visitor Counter : 81