প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি আঁচনিয়ে কোটি কোটি ভাৰতীয়ৰ চিকিৎসা ব্যয়ৰ চিন্তা দূৰ কৰিছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 07 MAR 2023 2:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনঔষধি আঁচনিৰ সাফল্য যথেষ্ট সন্তোষজনক বুলি মন্তব্য কৰিছে। শ্ৰী মোদীয়ে কয় যে এই আঁচনিখনে দেশৰ কোটি কোটি জনসাধাৰণৰ চিকিৎসা ব্যয়ৰ চিন্তা দূৰ কৰাই নহয়, তেওঁলোকৰ জীৱনকো সহজ কৰি তুলিছে।

এটা টুইট থ্ৰেডত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী ড° মনসুখ মাণ্ডভিয়াই জনাইছে যে আজি দেশত পঞ্চম জন ঔষধি দিৱস পালন কৰা হৈছে। এই আঁচনিখনে ভাৰতৰ সাধাৰণ মানুহৰ জীৱনত প্ৰত্যক্ষ ইতিবাচক প্ৰভাৱ পেলাইছে। দেশৰ ১২ লাখৰো অধিক নাগৰিকে দৈনিক জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয় কৰি আছে। ইয়াত পোৱা ঔষধ বজাৰ মূল্যতকৈ ৫০%ৰ পৰা ৯০% সস্তা।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ টুইট থ্ৰেডৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“ভাৰতীয় জন ঔষধি আঁচনিৰ সাফল্য যথেষ্ট সন্তোষজনক। এই আঁচনিখনে দেশৰ কোটি কোটি জনসাধাৰণৰ চিকিৎসা ব্যয়ৰ চিন্তা দূৰ কৰাই নহয়, তেওঁলোকৰ জীৱনকো সহজ কৰি তুলিছে”

******

DS/ST/MS


(रिलीज़ आईडी: 1904915) आगंतुक पटल : 194
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam