ৰাষ্ট্ৰপতি সচিবালয়

স্বচ্ছ সুজল শক্তি সন্মান, ২০২৩ প্ৰদান ভাৰতৰ ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতিয়ে “খোৱা পানীৰ উৎসৰ বহনক্ষমতা” বিষয়বস্তুৰে “জল শক্তি অভিযানঃ কেটছ দ্য ৰেইন”- ২০২৩ৰ শুভাৰম্ভ কৰিলে

Posted On: 04 MAR 2023 1:25PM by PIB Guwahati

গ্ৰামীণ জল আৰু অনাময় খণ্ডৰ মহিলা চেম্পিয়নসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে জল শক্তি মন্ত্ৰালয়ে আয়োজন কৰা “স্বচ্ছ সুজল শক্তি সন্মান, ২০২৩” প্ৰদানৰ কাৰ্য্যসূচীত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকক্ষণত আয়োজিত এই অনুষ্ঠানটোৰ জৰিয়তে স্বচ্ছ ভাৰত অভিযান – গ্ৰামীণ (SBM-G), জল জীৱন অভিযান (JJM), জল শক্তি অভিযানঃ কেটছ দ্য ৰেইন (JSA-CTR)ৰ ৰূপায়ণৰ ক্ষেত্ৰত মহিলাসকলে তৃণমূল পৰ্য্যায়ত পালন কৰা ব্যতিক্ৰমী আৰু দৃষ্টান্তমূলক কামক স্বীকৃতি জনোৱা হয়। ৩৬ গৰাকী মহিলা ‘ৱাছ’ (WASH) চেম্পিয়নক ভাৰতৰ ৰাষ্ট্ৰপতি তথা কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে ‘স্বচ্ছ সুজল শক্তি সন্মান, ২০২৩’ প্ৰদান কৰে। এই অনুষ্ঠানত জল শক্তি অভিযান – কেটছ দ্য ৰেইন, ২০২৩ৰ শুভাৰম্ভ কৰাৰ লগতে ৰাষ্ট্ৰীয় জল অভিযানৰ (NWM) উৎসৰ বহনক্ষমতাৰ এছঅ’পি মুকলি কৰে জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে। কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে ৰাষ্ট্ৰপতিগৰাকীক ‘স্বচ্ছ সুজল শক্তি কী অভিব্যক্তি’ শীৰ্ষক এছবিএম (জি), জেজেএম আৰু এনডব্লিউএমৰ কেছ ষ্ট’ৰীসমূহৰ সংকলনৰ প্ৰথম কপিও প্ৰদান কৰে। ইয়াত যোগাযোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেবুসিংহ জেছিংভাই চৌহানেও এনডব্লিউএমৰ বাবে কাষ্টমাইজড ‘মাই ষ্টাম্প’ মুকলি কৰি প্ৰথম কপি ৰাষ্ট্ৰপতিক অৰ্পণ কৰে।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে জল শক্তি মন্ত্ৰালয়ৰ ৩ টা মিছনৰ আটাইকেইটাতে মহিলাসকলে আগৰণুৱা ভূমিকা পালন কৰিছে। আত্মসহায়ক গোট আৰু সমাজভিত্তিক সংগঠনসমূহৰ মহিলাসকলৰ প্ৰচেষ্টাক আমি স্বীকৃতি জনাইছো। তেওঁলোকে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পানী সংৰক্ষণ, পানী ব্যৱস্থাপনা আৰু অনাময়ৰ গুৰুত্ব সম্পৰ্কে প্ৰচাৰ কৰিছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাই স্বচ্ছ ভাৰত অভিযান, জল জীৱন মিছন আৰু জল শক্তি অভিযানৰ সফলতাত সহায় কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে এছবিএম (জি) আৰু জেজেএম কাৰ্য্যক্ৰমত মহিলাৰ নেতৃত্বই গ্ৰামাঞ্চলত বসবাস কৰা ১১ কোটিৰো অধিক পৰিয়াললৈ পাইপেৰে পানী যোগান প্ৰশস্ত কৰিছে আৰু ২ লাখৰো অধিক অ’ডিএফ প্লাছ গাঁও ঘোষণা কৰা হৈছে। এই ধ্বজাবাহী অভিযানৰ সামগ্ৰিক সুবিধাসমূহৰ ওপৰত আলোকপাতেৰে শ্ৰীমতী মূৰ্মুয়ে কয়, “নোবেল বঁটা বিজয়ী মাইকেল ক্ৰেমাৰে তেওঁৰ অধ্যয়নত কৈছে যে টেপৰ সংযোগৰ জৰিয়তে সুৰক্ষিত আৰু পৰ্য্যাপ্ত খোৱাপানীৰ ব্যৱস্থা কৰি আৰু নিৰাপদ অনাময় ব্যৱস্থাৰ জৰিয়তে ভাৰতৰ গ্ৰামাঞ্চলসমূহত প্ৰতি বছৰে ১.৩৬ লাখ শিশুৰ জীৱন ৰক্ষা কৰিব পৰা যায়।”

মহিলা চেম্পিয়নসকলৰ শলাগ লৈ তেখেতে কয়, আমি সকলোৱে দেখিছো যে প্লাষ্টিকৰ আৱৰ্জনাক সজোৱা সামগ্ৰীলৈ ৰূপান্তৰিতকৰণৰ বাবে আজি বিহাৰৰ ববিতা গুপ্তা, গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে ওড়িশাৰ সলিলা জেনা, ঘৰলৈ টেপৰ পানী যোগানৰ বাবে ঝাৰখণ্ডৰ মুন্নী দেৱী আৰু নীলম সিঙে সমাজৰ সহযোগিতাৰে নিজ গাঁওখনক অ’ডিএফ প্লাছ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই মহিলাসকলে মোৰ বিশ্বাস অধিক শক্তিশালী কৰি তুলিছে। তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভাৰতে জল ব্যৱস্থাপনা আৰু অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত বিশ্বৰ আগত এক আদৰ্শ দাঙি ধৰিব। সামৰণিত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “মই ইয়াত উপস্থিত থকা সকলো বঁটাপ্ৰাপকক আহ্বান জনাব খুজিছো যে আপোনাসৱে নিজ-নিজ গাঁৱলৈ উভতি যাওঁতে, সমগ্ৰ দেশতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পানী সংৰক্ষণৰ ক্ষেত্ৰত কৰা কামৰ বিষয়ে আপোনালোকৰ অঞ্চলৰ লোকসকলক কয় যেন, এনে কৰিবলৈ তেওঁলোককো অনুপ্ৰাণিতকৰণেৰে পৰিবেশ অনুকূল পদ্ধতি অনুসৰণ কৰিবলৈ উদ্বুদ্ধ কৰিব। মই নিশ্চিত যে আজিৰ এই সন্মানে আপোনাসৱক অধিক নিষ্ঠাৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু আপোনালোকক দেখি আন লোকেও শিকিব আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানী আৰু পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগাব।”

ডিডিডব্লিউএছে কেন্দ্ৰীয় চৰকাৰৰ দুই ধ্বজাবাহী কাৰ্য্যক্ৰম যথাঃ স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ (SBM-G) আৰু জল জীৱন মিছন (JJM)ৰ ৰূপায়ণ কৰি আছে। মুকলিত মল ত্যাগ মুক্তকৰণৰ উদ্দেশ্যেৰে ২০১৪ৰ ২ অক্টোবৰৰপৰা এছবিএম-জিৰ শুভাৰম্ভ কৰা হৈছিল। দেশৰ সকলো গাঁৱে ০২ অক্টোবৰ, ২০১৯ত নিজকে মুকলিত মলত্যাগ মুক্ত (ODF) বুলি ঘোষণা কৰে। তাৰ পিছত গাঁওসমূহৰ এই অ’ডিএফ মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ এছবিএম-জি ২.০ৰ  শুভাৰম্ভ কৰা হয়। ইয়াৰ অধীনত গাঁওসমূহক অ’ডিএফ প্লাছ কৰি তোলা হৈছে। আজিলৈকে দেশৰ ২ লাখৰো অধিক গাঁওক অ’ডিএফ প্লাছ হিচাপে ঘোষণা কৰা হৈছে। ২০১৯ৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে জল জীৱন মিছনৰ শুভাৰম্ভ কৰিছিল। এই সময়ত মাত্ৰ ৩.২৩ কোটি গ্ৰামাঞ্চলৰ পৰিয়ালেহে টেপৰ পানীৰ সংযোগ লাভ কৰিছিল, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে অংশীদাৰিত্বৰে এই অভিযানৰ অধীনত গ্ৰহণ কৰা অদম্য প্ৰচেষ্টাৰে আজি ১১ কোটিৰো অধিক গ্ৰামাঞ্চলত বসবাস কৰা পৰিয়ালে টেপৰ জৰিয়তে খোৱাপানী লাভ কৰিছে।

পানীক সকলোৰে বাবে উপলব্ধ কৰি তুলিবলৈ ২০১৯ত জল শক্তি অভিযান (JSA)ৰ শুভাৰম্ভ কৰা হৈছিল। এয়া এক ৰাষ্ট্ৰীয় কাৰ্য্যৰ আহ্বান আছিল। ইয়াৰ জৰিয়তে লাখ-লাখ লোকক পানী সংৰক্ষণৰ প্ৰচেষ্টাত জড়িত কৰা হৈছিল। এই অভিযানৰ ফলত ৬ লাখৰো অধিক পানী সম্পৰ্কীয় কাঠামো গঢ়া আৰু কাৰ্য্যক্ষম কৰি তোলা হয়। এই সকলোবোৰত জনসাধাৰণৰ অংশগ্ৰহণ আৰু সমাজৰ সক্ৰিয় জড়িতকৰণ নিশ্চিত কৰা হৈছিল। জেএছএ, ২০১৯ৰ পিছত ২০২০ত পানী সংৰক্ষণ আৰু বৰষুণৰ পানী সংগ্ৰহত গুৰুত্ব আৰোপেৰে “কেটচ দ্য ৰেইন” অভিযানৰ শুভাৰম্ভ কৰা হয়। সেয়েহে ২০২১ আৰু ২০২২ত সৰ্বভাৰতীয় ৰূপায়ণৰ বাবে বিস্তাৰিত পৰিসৰৰে জল শক্তি অভিযানঃ কেচ দ্য ৰেইন অভিযান আৰম্ভ কৰা হয়। এই সফলতাত উৎসাহিত হৈ ‘খোৱাপানীৰ বাবে উৎসৰ বহনক্ষমতা’ শীৰ্ষক বিষয়বস্তুৰে “জল শক্তি অভিযানঃ কেটচ দ্য ৰেইন-২০২৩”ৰ শুভাৰম্ভ কৰে। জেএছএঃচিটিআৰ-২০২৩ৰ মূল কথা হৈছে (১) পানী সংৰক্ষণ আৰু বৰষুণৰ পানী সংগ্ৰহ, (২) সকলো জলভাগৰ পৰিমাপ, জিঅ'-টেগিং আৰু তথ্য প্ৰস্তুত কৰা, ইয়াৰ ভিত্তিত পানী সংৰক্ষণৰ বাবে বৈজ্ঞানিক পৰিকল্পনা প্ৰস্তুত কৰা, (৩) সকলো জিলাতে জল শক্তি কেন্দ্ৰ স্থাপন কৰা, (৪) নিবিড় বনানীকৰণ আৰু (৫) সজাগতা সৃষ্টি কৰা।

  1. জল শক্তি মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, ২০২৩ উদযাপন
  1. ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে আৰু স্বচ্ছ সুজল শক্তি সন্মান’ প্ৰদান কৰে
  1. ৩৬ গৰাকী মহিলা ৱাছ’ (WASH) চেম্পিয়নক স্বচ্ছ সুজল শক্তি সন্মান, ২০২৩প্ৰদান
  1. জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে ৰাষ্ট্ৰপতিগৰাকীক স্বচ্ছ সুজল শক্তি কী অভিব্যক্তিশীৰ্ষক এছবিএম (জি), জেজেএম আৰু এনডব্লিউএমৰ কেছ ষ্টৰীসমূহৰ সংকলনৰ প্ৰথম কপিও প্ৰদান কৰে
  1. যোগাযোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেবুসিংহ জেছিংভাই চৌহানেও এনডব্লিউএমৰ বাবে কাষ্টমাইজড মাই ষ্টাম্পমুকলি কৰি প্ৰথম কপি ৰাষ্ট্ৰপতিক অৰ্পণ কৰে
  1. কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে জল শক্তি অভিযানঃ কেটচ দ্য ৰেইন-২০২৩ৰ শুভাৰম্ভ কৰে

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে বঁটাপ্ৰাপকসকলক অভিনন্দন জনাই দেশৰ পানী আৰু অনাময় প্ৰচেষ্টাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী মহিলাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জল সংগ্ৰহৰ মন্ত্ৰৰে অনুপ্ৰাণিত হৈ ২০১৯ত জল শক্তি অভিযানৰ শুভাৰম্ভ কৰা হৈছিল আৰু মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আজিলৈকে চহৰ আৰু গ্ৰামাঞ্চলসমূহত ৪৬ লাখৰো অধিক টা পানী সংৰক্ষণ আৰু পানী সংগ্ৰহৰ কাম কৰা হৈছে। ৩৬ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। ৪৩ হাজাৰৰো অধিক প্ৰশিক্ষণ অভিযান আৰু কৃষি মেলাৰ আয়োজন কৰা হৈছে। ৩৭৪ টা জল শক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে। আমাৰ মহিলাসকলৰ অৱদান অবিহনে এই সকলোবোৰ সম্ভৱ নহ’লহেঁতেন”। তেওঁ লগতে কয় যে এখনি নব্য ভাৰত গঢ়াৰ ক্ষেত্ৰত আমাৰ ভগ্নীসকলে কৰা কাম অমূল্য। বিশেষকৈ গ্ৰামাঞ্চলসমূহৰ মহিলাসকলে পানী আৰু অনাময়ৰ ক্ষেত্ৰত উৎকৃষ্ট আদৰ্শ দাঙি ধৰিছে। আমাৰ জ্ঞাত যে এগৰাকী নাৰীৰ সবলীকৰণে এটা পৰিয়াল আৰু সমগ্ৰ সমাজ তথা দেশখন ৰূপান্তৰিত হোৱাৰ পথ প্ৰশস্ত কৰে। মন্ত্ৰীজনে কয়, “এই উপলক্ষে দেশৰ কোটি-কোটি মহিলাৰ দুখ-কষ্ট বুজি অনুধাৱনেৰে স্বচ্ছ ভাৰত মিছন আৰু জল জীৱন মিছনৰ দৰে ঐতিহাসিক অভিযানৰ আৰম্ভ কৰি এক অনন্য পদক্ষেপ গ্ৰহণৰ অৰ্থে আমাক অনুপ্ৰাণিত কৰাৰ বাবে আমাৰ প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই পদক্ষেপে বিশ্বৰ আগত মহিলা সবলীকৰণৰ দৃষ্টান্ত দাঙি ধৰিছে। ইয়াৰ ফলত আজি আমি দুই লাখৰো অধিক গাঁৱক অ’ডিএফ প্লাছ হিচাপে ঘোষণা কৰিছো আৰু ১১.৩০ কোটিৰো অধিক গ্ৰামাঞ্চলৰ পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিছে”।

জল শক্তি আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বিশ্বেশ্বৰ টুডুয়ে তেওঁৰ ভাষণত মহিলা চেম্পিয়নসকলৰ শলাগ লয় আৰু চৰকাৰী সকলো কাৰ্য্যসূচীত মহিলাসকলে আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ কথা দোহাৰে।

জল শক্তি আৰু খাদ্য সংসাধন উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলে তেওঁৰ ভাষণত সকলোকে “স্বচ্ছতা”ক সংকল্প আৰু জীৱনৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিবলৈ আৰু আজিৰ এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা মহিলা ‘ৱাছ’ বীৰাংগনাসকলৰ আদৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। “নাৰী শক্তি অবিহনে জল শক্তি অসম্ভৱ”, তেওঁ লগতে কয়। ৰাজ্যিক মন্ত্ৰীজনে গ্ৰামাঞ্চলসমূহত লেতেৰা পানী ব্যৱস্থাপনাত গুৰুত্ব আৰোপ কৰে।

ভাৰতৰ ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে এছবিএম-জি, জেজেএম আৰু এনডব্লিউএমৰ অধীনত মুঠ ৩৬ টা বঁটা তলত উল্লেখ কৰা শিতানসমূহৰ অধীনত প্ৰদান কৰেঃ

  1. স্বচ্ছ ভাৰত অভিযান - গ্ৰামীণ (SBM - G)
    1. গাঁও অ’ডিএফ প্লাছ আৰ্হি গঢ়া
    2. গোবৰধন/বাঅ’-ডিগ্রেডেবল আৱৰ্জনা আৰু/বা প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনা
    3. লেতেৰা পানী ব্যৱস্থাপনা আৰু/বা মল ব্যৱস্থাপনা
  2. জল জীৱন অভিযান (JJM)
    1. পাইপেৰে পাৱী যোগানৰ অ’এণ্ডএম শিতানত মহিলা পৰিৱৰ্তন-সাধনকাৰী
  3. ৰাষ্ট্ৰীয় জল অভিযান (NWM)
    1. জল শক্তি অভিযান – কেটচ দ্য ৰেইন
    2. জল যোদ্ধা

প্ৰাপকসকলৰ তালিকাৰ বাবে ইয়াত ক্লিক কৰক

খোৱাপানী আৰু অনাময় বিভাগৰ সচিব শ্ৰীমতী বিনি মহাজনে বিশিষ্ট ব্যক্তিসকলক আদৰণি জনোৱাৰ লগতে ইয়াত উপস্থিত থকা মহিলা ‘ৱাছ’ চেম্পিয়নসকলক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমতী মহাজনে কয় যে ২ লাখৰো অধিক অ’ডিএফ প্লাছ গাঁও আৰু ১১ কোটিৰো অধিক গ্ৰামাঞ্চলৰ পৰিয়াললৈ পাইপেৰে পানী যোগানৰ সফলতা কেৱল মহিলাসকলৰ নেতৃত্ব আৰু দায়বদ্ধতাৰ বাবেহে সম্ভৱ হৈ উঠিছে।

ইয়াত যোগাযোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেবুসিংহ জেছিংভাই চৌহান আৰু বিহাৰ চৰকাৰৰ গ্ৰামোন্নয়ন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী শ্ৰৱণ কুমাৰ, সমগ্ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, কেন্দ্ৰীয়/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ বিষয়া, তৃণমূল পৰ্য্যায়ৰ ‘ৱাছ’ কৰ্মী, খণ্ড অংশীদাৰ, উন্নয়ন অংশীদাৰ, নাগৰিক সমাজ সংস্থা আৰু ‘ৱাছ’ খণ্ডৰ মহিলা প্ৰতিনিধিসকল উপস্থিত থাকে।



(Release ID: 1904283) Visitor Counter : 105