নৌ-পৰিবহন মন্ত্ৰালয়

অহা ২৮ ফেব্ৰুৱাৰীত বিশ্বৰ আটাইতকৈ দীঘল নদী ভ্ৰমণ 'এম ভি গংগা বিলাস'ৰ সফল যাত্ৰাৰ ডিব্ৰুগড়ত সমাপ্তি ঘটিব

ডিব্ৰুগড়ৰ আদৰণি অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৩ জানুৱাৰীত বাৰাণসীৰপৰা গংগা বিলাস নদী ক্ৰুজৰ শুভাৰম্ভণি কৰিছিল

এখন জাহাজেৰেই দুখন দেশৰ ২৭ খন নদী প্ৰণালীৰ মাজেৰে ৫০ দিনতকৈ অধিক সময়ৰ বাবে যাত্ৰা কৰি অভিলেখ গঢ়িছে গংগা বিলাসে

এম ভি গংগা বিলাস ক্ৰুজে ভাৰতীয় উপ-মহাদেশত পৰ্যটনৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিছে; পৰৱৰ্তী দুবছৰৰ যাত্ৰাৰ বাবে ইতিমধ্যে বুক হৈছে গংগা বিলাস

গুৱাহাটী, ডিব্ৰুগড়কে ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন তথা বাণিজ্যিক দিশক গংগা বিলাসৰ সফলতাই অধিক ত্বৰান্বিত কৰিব

Posted On: 25 FEB 2023 3:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৩ জানুৱাৰীত বাৰাণসীৰপৰা ফ্লেগ্ অফ্ কৰা বিশ্বৰ আটাইতকৈ দীঘল নদী ভ্ৰমণ 'এম ভি গংগা বিলাস'ৰ যাত্ৰাৰ অহা ২৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত সমাপ্তি ঘটিব। সেই উপলক্ষে ডিব্ৰুগড়ত ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এক আদৰণি অনুষ্ঠান আয়োজনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অনুষ্ঠানটোত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, কূটনীতিবিদ আৰু উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰিব।

ভাৰতত নিৰ্মিত 'এম ভি গংগা বিলাস'ৰ ফ্লেগ্ অফ্ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰাৰ পাছত ১৩ জানুৱাৰীৰ দিনাই বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰিছিল নদী ক্ৰুজখনে। পাটনা চাহিব, বোধগয়া, বিক্ৰমশিলা, ঢাকা, সুন্দৰবন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী আদি হৈ ডিব্ৰুগড়ত প্ৰৱেশ কৰাৰ পূৰ্বে ক্ৰুজখনে ৫০ দিনতকৈও অধিক সময়ত ৩,২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। অনন্য ডিজাইন আৰু ভৱিষ্যতৰ দৃষ্টিভংগীৰে নিৰ্মিত ক্ৰুজখনত তিনিটা ডেক আৰু ৩৬ গৰাকী পৰ্যটকৰ বাবে ১৮টা ছুইট আছে। ইতিমধ্যে গংগা বিলাসক পৰৱৰ্তী দুবছৰৰ যাত্ৰাৰ বাবে সম্পূৰ্ণ বুক কৰা আছে।

"এম ভি গংগা বিলাসে ভাৰত আৰু বাংলাদেশক বিশ্বৰ নদী ক্ৰুজ মানচিত্ৰত উজ্জ্বল স্থান দিছে আৰু এনেদৰে ভাৰতীয় উপ-মহাদেশত পৰ্যটন, বাণিজ্য আৰু জল পৰিবহণ খণ্ডত এক নতুন দিগন্তৰ সূচনা হৈছে। আধ্যাত্মিকতা বিচৰা পৰ্যটকসকলে কাশী, বোধগয়া, বিক্ৰমশিলা, পাটনা চাহিবৰ দৰে গন্তব্যস্থান ভ্ৰমণ কৰাৰ সুযোগ পাইছে আৰু আনহাতে প্ৰাকৃতিক বৈচিত্ৰ্য প্ৰত্যক্ষ কৰিবলৈ আগ্ৰহীসকলে সুন্দৰবন আৰু কাজিৰঙাৰ দৰে গন্তব্যস্থানত উপনীত হোৱাৰ সুযোগ পাইছে। ভাৰত-বাংলাদেশ প্ৰট'কল জলপথটোৱে ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰ বাবে অভ্যন্তৰীণ জলপথৰ মাজেৰে যাত্ৰী আৰু কাৰ্গ' পৰিবহণৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে। এতিয়া এই যাত্ৰাৰ জৰিয়তে পৰ্যটকসকলে ৰোমাঞ্চকৰ অভিজ্ঞতা বুটলাৰ লগতে ভাৰত আৰু বাংলাদেশৰ কলা-সংস্কৃতি, ইতিহাস, পৰম্পৰা, লোককৃষ্টি, প্ৰাকৃতিক বৈচিত্ৰ্য আৰু আধ্যাত্মিকতা অন্বেষণ কৰাৰ সুযোগ লাভ কৰিছে।" - কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে উল্লেখ কৰে।

উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় জলপথৰ জৰিয়তে মাল পৰিবহণৰো যথেষ্ট সম্ভাৱনা আছে। এই ৰাষ্ট্ৰীয় জলপথসমূহে অসম, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশক অভ্যন্তৰীণ সংযোগ প্ৰদান কৰে আৰু ভাৰত-বাংলাদেশ প্ৰট'কল জলপথৰ জৰিয়তে এই ৰাজ্যসমূহক ভাৰতৰ অন্যান্য প্ৰান্তৰ সৈতে আৰু ক'লকাতা তথা হলদিয়াৰ সাগৰীয় বন্দৰৰ সৈতে সংযোগ কৰে। অভ্যন্তৰীণ জল পৰিবহণৰ আন্তঃগাঁথনি বিকাশৰ বাবে কেইবাটাও প্ৰকল্প যেনে ফেয়াৰৱে, টাৰ্মিনেল আৰু নেভিগেচন এইডছ্ আদি উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰদ্বাৰা সম্পূৰ্ণ কৰা হৈছে। ২০১৭ চনত হোৱা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যয়ন অনুসৰি বছৰি জল পৰিবহণৰ জৰিয়তে ৪৯ মিলিয়ন মেট্ৰিক ট্ৰন সামগ্ৰী উত্তৰ-পূৰ্বাঞ্চলৰপৰা আমদানি-ৰপ্তানি হৈছে আৰু উত্তৰ-পূবৰ ভিতৰত বছৰি ৩০ মিলিয়ন মেট্ৰিক টন কাৰ্গ'ৰ চলাচল হৈছে।



(Release ID: 1902384) Visitor Counter : 155