নৌ-পৰিবহন মন্ত্ৰালয়

বন্দৰসমূহত নৱীকৰণযোগ্য শক্তিৰ অংশ ৬০%লৈ বৃদ্ধি পাব: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

তিনিটা মুখ্য বন্দৰ- পাৰাদীপ বন্দৰ, দীনদয়াল বন্দৰ আৰু ভি অ' চিদাম্বৰনাৰ বন্দৰক হাইড্ৰ'জেন হাব হিচাপে বিকশিত কৰা হ'ব

Posted On: 21 FEB 2023 2:37PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিয়ে আজি মুম্বাইত 'সেউজ বন্দৰ আৰু সেউজ জাহাজ পৰিবহণ' সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। এই আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে সংশ্লিষ্ট কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকীও সাংসদ আৰু উচ্চপদস্থ বিষয়া।

মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ সেউজ জাহাজ আৰু সেউজ জাহাজ পৰিবহণ পদক্ষেপৰ অধীনত দেশৰ মুখ্য বন্দৰবোৰে বিভিন্ন সময়োচিত কাৰ্যকলাপ ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিছে যিয়ে বন্দৰ আৰু জাহাজ খণ্ডৰপৰা সেউজ গৃহ গেছ (গ্ৰীণ হাউছ গেছ)ৰ নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব আৰু সামুদ্ৰিক খণ্ডক সেউজীয়া তথা বহনক্ষম কৰাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

"কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ইয়াৰ প্ৰতিটো মুখ্য বন্দৰৰ মুঠ বিদ্যুৎ চাহিদাৰ বাবে নৱীকৰণযোগ্য শক্তিৰ অংশ বৰ্তমানৰ ১০%তকৈও কম অংশৰপৰা এতিয়া ৬০%লৈ বৃদ্ধি কৰাৰ দিশত আগবাঢ়িছে। বন্দৰবোৰে ২০৩০ চনৰ ভিতৰত প্ৰতি টন কাৰ্গ' প্ৰক্ৰিয়াকৰণৰ সময়ত কাৰ্বন নিৰ্গমন ৩০% হ্ৰাস কৰাৰ লক্ষ্য ৰাখিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰা মেৰিটাইম ভিজন ডকুমেণ্ট-২০৩০ হৈছে বহনক্ষম সামুদ্ৰিক খণ্ড আৰু নীল অৰ্থনীতিৰ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগীৰ ১০ বছৰীয়া ব্লুপ্ৰিণ্ট। তেখেতৰ সবল দৃষ্টিভংগীক সাৰোগত কৰিয়েই সেউজ বন্দৰ, সেউজ জাহাজ পৰিবহণ আৰু পাৰিপাৰ্শ্বিকভাৱে অনুকূল বিকাশত আমি বিশেষকৈ গুৰুত্ব আৰোপ কৰিছোঁ।" - সৰ্বানন্দ সোণোৱালে আজি এইদৰে কয়।

ৰাষ্ট্ৰীয় হাইড্ৰ'জেন মিছনৰ অধীনত পৰিকল্পনা কৰা অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে পাৰাদীপ বন্দৰ, দীনদয়াল বন্দৰ আৰু ভি অ' চিদাম্বৰনাৰ বন্দৰক হাইড্ৰ'জেন হাব হিচাপে বিকশিত কৰাৰ বাবে নিৰ্বাচিত কৰিছে, যিয়ে ২০৩০ চনৰ ভিতৰত সেউজ হাইড্ৰ'জেনৰ উৎপাদন, সঞ্চয় আৰু প্ৰক্ৰিয়াকৰণ ত্বৰান্বিত কৰিব পাৰে।

মন্ত্ৰালয়টোৱে মুখ্য বন্দৰসমূহত সেউজ বন্দৰৰ পদক্ষেপ গ্ৰহণ কৰিছে যাতে এই বন্দৰসমূহত পাৰিপাৰ্শ্বিক অনুকূল উন্নয়ন সাধন হয়। সেউজ পৰিবহণৰ অংশ বৃদ্ধি কৰাৰ বাবে ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কোম্পানী কোচিন শ্বিপয়াৰ্ড লিমিটেডে বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণ কৰি আছে। ইয়াৰ ভিতৰত আছে হাইব্ৰিড ইলেক্ট্ৰিক ফেৰী, স্বতন্ত্ৰ শূন্য-নিৰ্গমন জাহাজ, হাইড্ৰ'জেন ফুৱেল চেল ফেৰীৰ পাইলট প্ৰকল্প, বৈদ্যুতিক কেটামাৰান ৱাটাৰ টেক্সি, হাইব্ৰিড ইলেক্ট্ৰিক ৰ'-ৰ', হাইব্ৰিড এলএনজি-ইলেক্ট্ৰিক ইনলেণ্ড কাৰ্গ' কেৰিয়াৰ, হাইব্ৰিড টাগ আদি। দেশৰ ১২টা মুখ্য বন্দৰৰদ্বাৰা সেউজ পদক্ষেপসমূহ যি ক্ষিপ্ৰ গতিত হাতত লোৱা হৈছে, সেইটোৱে নিশ্চিতভাৱে বন্দৰসমূহক পৰিষ্কাৰ আৰু সেউজীয়া কৰি তুলিবলৈ খণ্ডটোত এক সেউজ বিপ্লৱৰ সৃষ্টি কৰিব, যি হৈছে 'নীল অৰ্থনীতি'ৰ এক মুখ্য উপাদান। ই পৰিৱেশগত সুৰক্ষাৰ উপৰি বিনিয়োগ আৰু নগদ প্ৰবাহৰ ভাৰসাম্যও বজাই ৰাখিব।



(Release ID: 1901142) Visitor Counter : 120