তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে কয় যে ভূমিকম্পত বিধ্বস্ত তুৰস্কত এনডিআৰএফৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযান বিশ্বজুৰি ব্যাপক প্ৰশংসা লাভ কৰিছে


“আজি আমি যিকোনো সহায়ৰ বাবে বিশ্বৰ ফালে চাব নালাগে; বিশ্বই ভাৰতক এক সুযোগ ভূমি হিচাপে চাইছেঃ শ্ৰী অনুৰাগ ঠাকুৰ”

Posted On: 17 FEB 2023 6:04PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি কয় যে তুৰস্কৰ ভূমিকম্পত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ)য়ে কৰি থকা উদ্ধাৰ আৰু সাহায্যৰ কামক বিশ্বজুৰি ব্যাপক প্ৰশংসা কৰা হৈছে।

“এটা সময় আছিল যেতিয়া ভাৰতে সহায় আৰু সেৱা গ্ৰহণ কৰিছিল, আজি আমি নতুন ভাৰতত (বিশ্ব পৰ্যায়ত) সহযোগিতা বৃদ্ধি কৰিছো, ভাৰতৰ সামৰ্থ্য আৰু উচ্চতা সলনি হৈছে আৰু ইয়াৰ প্ৰতিফলন হৈছে পৰিৱৰ্তনশীল ভাৰত, এক শক্তিশালী ভাৰত।” নতুন দিল্লীত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন কৰি এইদৰে কয় শ্ৰী ঠাকুৰে।

মন্ত্ৰী ঠাকুৰে কয় যে যেতিয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এইটো যুদ্ধৰ যুগ নহয়, তেতিয়া বিশ্বই গুৰুত্ব দিয়ে। “আজি আমি কোনো সহায়ৰ বাবে পৃথিৱীৰ ফালে চোৱা নাই; বিশ্বই ভাৰতক সুযোগৰ দেশ হিচাপে চাইছে, সেয়া আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীয়েই হওক বা আমাৰ মিছন লাইফেই হওক। আনকি ক’ভিড মহামাৰীৰ সময়তো চৰকাৰে বিভিন্ন খণ্ডত সংস্কাৰ সাধন কৰিছিল। আৰু প্ৰতিৰক্ষা (খণ্ড)ত আমি ১৫,০০০ কোটি টকাৰ ৰপ্তানি লাভ কৰিছো। আৰু অহা তিনি বছৰত আমি ৫ বিলিয়ন ডলাৰৰ ৰপ্তানিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।’

শ্ৰী ঠাকুৰে কয় যে সংকটৰ সময়ত আমি সকলোতে সহায় আগবঢ়াইছো, সেয়া নেপাল, আফগানিস্তান, শ্ৰীলংকা আদি য’তেই নহওক, আমি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত নতুন উচ্চতাত উপনীত হৈছো। ইউক্ৰেইন যুদ্ধৰ সময়ত ভাৰতে ১৮খন চুবুৰীয়া দেশকে ধৰি ২১,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰিছিল বুলিও তেওঁ কয়।

“অপাৰেচন গংগা প্ৰত্যাহ্বানমূলক আছিল, - গুলীচালনা, বৰষুণ, ক্ষেপণাস্ত্ৰ আৰু বিস্ফোৰণৰ মাজত যুদ্ধ এলেকাৰ পৰা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক উলিয়াই অনাটো অসম্ভন অভিযান আছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক সফল কৰি তুলিলে। কেইবাজনো বিদেশী ছাত্ৰই উদ্ধাৰৰ বাবে ভাৰতীয় ত্ৰিৰংগা জোকাৰি যোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰা হৈছিল।’

শ্ৰী ঠাকুৰে কয় যে বৃহৎ পৰিসৰৰ উদ্ধাৰ অভিযানৰ এইটো প্ৰথম দৃষ্টান্ত নাছিল।

“ছিৰিয়া, লিবিয়া আৰু আনকি নেপাল ভূমিকম্পৰ সময়ত বা আফগানিস্তান, য’ত আনকি বৃহৎ শক্তিসমূহেও কাম কৰিবলৈ অসুবিধা পাইছিল, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে ‘বসুধৈৱ কুটুম্বকম’ৰ নীতি অনুসৰণ কৰি আদৰ্শ দাঙি ধৰিছে,” তেওঁ কয়৷

***

Praveen Kavi/DB



(Release ID: 1900617) Visitor Counter : 93