কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
‘ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়া’(আইচিএআই) আৰু ‘ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ ইন ইংলেণ্ড এণ্ড ৱেলছ’(আইচিএইডব্লিউ)ৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদিত কৰাৰ প্ৰস্তাৱলৈ কেবনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
15 FEB 2023 3:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ‘ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়া’ (আইচিএআই) আৰু ‘ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ ইন ইংলেণ্ড এণ্ড ৱেলছ’ (আইচিএইডব্লিউ)ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিবলৈ অনুমোদন জনাইছে।
এই বুজাবুজি চুক্তিৰ অৰ্থ হৈছে অৰ্হতাৰ স্বীকৃতি প্ৰদান কৰা, ইখন দেশে সিখন দেশৰ সদস্যসকলৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু প্ৰচলিত চৰ্তাৱলী আৰু নিয়মাৱলীৰ মাজত সেঁতুবন্ধনৰ ব্যৱস্থা কৰি সদস্যসকলক ভাল স্থিতিত অন্তৰ্ভুক্ত কৰাৰ দিহা কৰা। এই বুজাবুজি চুক্তিৰ সংশ্লিষ্ট পক্ষসমূহে পৰস্পৰক তেওঁলোকৰ যোগ্যতা/নামভৰ্তিৰ প্ৰয়োজনীয়তা, ‘চিপিডি’ নীতি, ৰেহাই আৰু আন যিকোনো প্ৰাসঙ্গিক বিষয়ত সামগ্ৰিক পৰিৱৰ্তনসমূহৰ তথ্য প্ৰদান কৰিব।
‘আইচিএইডব্লিউ’ৰ সৈতে ‘আইচিএআই’-ৰ সহযোগিতাই ‘ইউকে’ত ভাৰতীয় ‘চি-এ’সকলৰ বাবে আৰু ‘ইউকে’ত গোলকীয় পেছাদাৰী সুযোগৰ সন্ধান কৰি থকা ভাৰতীয় ‘চি-এ’সকলৰ বাবে যথেষ্ট সংখ্যক পেছাদাৰী সুযোগৰ সম্ভাৱনা কঢ়িয়াই আনিব।
***
DS/KB
(ৰিলিজ আই ডি : 1899692)
অতিথি কক্ষ : 174
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam