প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তুৰস্কত হোৱা ভূমিকম্পৰ সৈতে মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত, তাৎক্ষণিক সাহায্য ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত বৈঠক সম্পন্ন


তুৰস্ক চৰকাৰৰ সৈতে আলোচনাৰ ভিত্তিত অনুসন্ধান আৰু উদ্ধাৰকাৰী দল, চিকিৎসা দলৰ লগতে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব লাগিব

Posted On: 06 FEB 2023 2:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তুৰস্কত হোৱা ভূমিকম্পৰ সৈতে মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰই তাৎক্ষণিক সাহায্য ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ ছাউথ ব্লকত এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তুৰস্ক চৰকাৰৰ সৈতে আলোচনা আৰু সমন্বয়ৰ ভিত্তিত এনডিআৰএফ আৰু চিকিৎসা দল, অনুসন্ধান আৰু উদ্ধাৰকাৰী দলৰ লগতে সাহায্য সামগ্ৰী অবিলম্বে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়।

বিশেষভাৱে প্ৰশিক্ষিত কুকুৰ দল আৰু প্ৰয়োজনীয় সঁজুলিৰ সৈতে ১০০ জন সদস্যক লৈ এন ডি আৰ এফৰ দুটা দল অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে ভূমিকম্পপীড়িত অঞ্চললৈ প্ৰেৰণ কৰা হব। চিকিৎসা দলবোৰক প্ৰশিক্ষিত চিকিৎসক আৰু অত্যাৱশ্যকীয় ঔষধৰ লগতে পেৰামেডিক্সৰ সৈতে সাজু কৰা হৈছে। তুৰস্কৰ চৰকাৰ আৰু আংকাৰাস্থিত ভাৰতীয় দূতাবাস আৰু ইস্তানবুলৰ কনচুলেট জেনেৰেল কাৰ্যালয়ৰ সৈতে যোগাযোগ আৰু সমন্বয়ৰ ভিত্তিত সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব।

বৈঠকত কেবিনেট সচিব, গৃহ মন্ত্ৰালয়, এনডিএমএ, এনডিআৰএফ, প্ৰতিৰক্ষা, বৈদেশিক মন্ত্ৰালয়, অসামৰিক বিমান পৰিবহন আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

 

***

DS/LP/KG



(Release ID: 1897660) Visitor Counter : 117