গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

তুৰস্কৰ ভূমিকম্প প্ৰভাৱিত অঞ্চলত অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱাৰ বাবে নিয়োজিত কৰা হৈছে ‘এনডিআৰএফ’-ৰ দুটা দল

प्रविष्टि तिथि: 07 FEB 2023 4:31PM by PIB Guwahati

তুৰস্কৰ ভূমিকম্প প্ৰভাৱিত অঞ্চলসমূহত অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত আজি ‘ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী’ (এনডিআৰএফ)ৰ ১০১ গৰাকী জোৱানৰ লগতে বিশেষভাৱে প্ৰশিক্ষিত কুকুৰ একোটা দলে প্ৰয়োজনীয় সা-সঁজুলি লৈ ভাৰতীয় বায়ু সেনাবাহিনীৰ বিশেষ বিমানেৰে তুৰস্কলৈ যাত্ৰা কৰিছে।  দল দুটাই ৬.০২.২০২৩ তাৰিখে প্ৰচণ্ড ভূমিকম্পত বিধ্বস্ত হোৱা অঞ্চলসমূহত অভিযান চলাব। কমাণ্ডেণ্ট শ্ৰী গুৰমিন্দৰ সিঙৰ নেতৃত্বত যোৱা ‘এনডিআৰএফ’ৰ দলটোক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে চিকিৎসক আৰু পেৰামেডিক্সৰ একোটা গোটো দলটোৰ গৈছে। দল দুটা সকলো ক্ষেত্ৰতে স্বয়ংসম্পূৰ্ণ আৰু সকলো প্ৰয়োজনীয় অত্যাধুনিক অনুসন্ধান আৰু উদ্ধাৰ, তথা ব্যক্তিগত সুৰক্ষা সঁজুলিৰে সজ্জিত। ‘এনডিআৰএফ’ৰ দলটোৱে তুৰস্কৰ স্থানীয় কৰ্তৃপক্ষক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি সংকটৰ এই মুহূৰ্তত যুঁজাৰ বাবে তুৰস্কৰ চৰকাৰক প্ৰয়োজনীয় সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব ভাৰত চৰকাৰে।

 

***

RK/AY/AKS/AS/KB


(रिलीज़ आईडी: 1897262) आगंतुक पटल : 202
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Punjabi , Gujarati , Odia , Telugu