প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে তিনি ফেব্ৰুৱাৰীত বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাগ ল'ব

Posted On: 01 FEB 2023 8:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ফ্ৰেব্ৰুৱাৰী, ২০২৩ত সন্ধিয়া ৪:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত অসমৰ বৰপেটাত কৃষ্ণগুৰু সেৱাশ্ৰমত বিশ্ব শান্তিৰ বাবে আয়োজন হ'বলগা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাগ ল'ব। প্ৰধানমন্ত্ৰীয়ে কৃষ্ণগুৰু সেৱাশ্ৰমৰ শ্ৰদ্ধালুসকলকো সম্বোধন কৰিব।

পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰে ১৯৭৪ চনত অসমৰ বৰপেটাৰ নসত্ৰ গাঁৱত কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ মহাবৈষ্ণৱ মনোহৰদেৱৰ নৱম বংশধৰ, যি মহান বৈষ্ণৱ সন্ত শ্ৰী শংকৰদেৱৰ অনুগামী আছিল। বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন কৃষ্ণগুৰু সেৱাশ্ৰমত ছয় জানুৱাৰীৰ পৰা এমাহলৈ আয়োজন কৰি থকা হৈছে।

***

 

DS/ST/AK



(Release ID: 1895678) Visitor Counter : 126