প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২৮ জানুৱাৰীত কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীক সম্বোধন কৰিব

प्रविष्टि तिथि: 26 JAN 2023 7:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰী, ২০২৩ত সন্ধিয়া প্ৰায় ৫:৪৫ বজাত দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ বাৰ্ষিক পিএম ৰেলীক সম্বোধন কৰিব।

এই বছৰ এনচিচিয়ে নিজৰ প্ৰতিষ্ঠাৰ ৭৫তম বৰ্ষ পালন কৰিছে। এই আয়োজনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে এনচিচিৰ ৭৫টা সফল বছৰৰ উপলক্ষে এটা বিশেষ ডে' কভাৰ আৰু ৭৫ টকা মূল্যবৰ্গৰ বিশেষভাৱে গঢ়া স্মাৰক মুদ্ৰা জাৰি কৰিব। এই ৰেলী দিন আৰু ৰাতিৰ এটা হাইব্ৰিড কাৰ্যক্ৰম হিচাপে আয়োজন কৰা হ'ব আৰু ইয়াত 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' থীমৰ ওপৰত এটা সাংস্কৃতিক কাৰ্যক্ৰমো অন্তৰ্ভুক্ত হ'ব। 'বসুধৈৱ কুটুম্বকম'ৰ প্ৰকৃত ভাৰতীয় ভাবনা অনুসৰি ১৯খন দেশৰ ১৯৬জন বিষয়া আৰু কেডেটক এই সমাৰোহত অন্তৰ্ভুক্ত হ'বলৈ আমন্ত্ৰণ জনোৱা হৈছে।

 

***

DS/ST


(रिलीज़ आईडी: 1894070) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Tamil , Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada