প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘গণৰাজ্য দিৱস’ উপলক্ষে দেশবাসীলৈ শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 26 JAN 2023 8:54AM by PIB Guwahati

‘গণৰাজ্য দিৱস’ উপলক্ষে দেশবাসীক শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত কৰা ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

“গণৰাজ্য দিৱস’ত অলেখ শুভকামনা জ্ঞাপন কৰিছো। এইবাৰৰ এই উপলক্ষ এইকাৰণেই বিশেষ কিয়নো এইবাৰ আমি এই উপলক্ষ স্বাধীনতাৰ অমৃত মহোত্সৱৰ মাজত উদযাপন কৰিছো। দেশৰ মহান স্বাধীনতা সেনানীসকলৰ সপোনবোৰক বাস্তৱায়িত কৰাৰ বাবে আমি একত্ৰিত হৈ আগবাঢ়িম, এই কামনাকে কৰিছো।

সকলো দেশবাসীলৈ গণৰাজ্য দিৱসৰ শুভকামনা জনালো!

 

— Narendra Modi (@narendramodi) January 26, 2023

***

DS/TS/KB



(Release ID: 1894031) Visitor Counter : 98