প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 23 JAN 2023 2:59PM by PIB Guwahati

২৪ জানুৱাৰীৰ আবেলি ৪ বজাত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) প্ৰাপকসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৭ এলকেএমৰ বাসগৃহত বাৰ্তালাপ কৰিব।

ভাৰত চৰকাৰে শিশুসকলক উদ্ভাৱন, সমাজ সেৱা, শৈক্ষিক, ক্ৰীড়া, কলা আৰু সংস্কৃতি, সাহসিকতা-এই ছটা শ্ৰেণীত তেওঁলোকৰ অসাধাৰণ সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। বঁটা প্ৰাপ্ত প্ৰতিটো শিশুক এটা পদক, নগদ ১ লাখ টকা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এই বছৰ, বাল শক্তি পুৰস্কাৰৰ বিভিন্ন শ্ৰেণীৰ অধীনত সমগ্ৰ দেশৰ পৰা ১১টি শিশুক পিএমআৰবিপি-২০২৩-ৰ বাবে বাছনি কৰা হৈছে। বঁটা প্ৰাপ্ত সকলৰ ভিতৰত ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬ জন ল'ৰা আৰু ৫ জনী ছোৱালী আছে।

 

***

DS/SH/KG



(Release ID: 1893549) Visitor Counter : 99