তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভুৱা বাতৰিৰ বেহা কৰা ‘ইউটিউব চেনেল’ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ
পিআইবি-ৰ তথ্য পৰীক্ষণত ফাদিল হৈছে ভুৱা বাতৰিৰ বেহাত লিপ্ত ছটা চেনেলৰ এশৰো অধিক ভিডিঅ’, যিয়ে লাভ কৰিছে ৫০কোটিৰো অধিক ভিউজ
ভুৱা বাতৰিৰ বেহা কৰা একাংশ চেনেলৰ স্বৰূপ উন্মোচন; ২০ লাখৰো অধিকে কৰে যাৰ অনুসৰণ
ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা নিৰ্বাচন আয়োগ সম্পৰ্কীয় ভুৱা বাতৰি বিক্ৰীৰ বাবে চেনেলবোৰে ব্যৱহাৰ কৰে ‘ক্লিকবাইট’, ‘থাম্বনেইল’
प्रविष्टि तिथि:
12 JAN 2023 1:15PM by PIB Guwahati
ভাৰতত সমন্বিত ভাবে ভুৱা তথ্য প্ৰচাৰত লিপ্ত হৈ অহা ছটা ‘ইউটিউব চেনেল’ৰ স্বৰূপ উদ্ঘাটন কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘পিআইবি’ৰ ‘তথ্য পৰীক্ষণ গোট’ (এফচিইউ)য়ে। এই চেনেলবোৰে বিয়পোৱা ভুৱা বাতৰি প্ৰতিৰোধ কৰিবলৈ ‘তথ্য পৰীক্ষা গোট’য়ে ১০০ৰো অধিক তথ্য পৰীক্ষাৰ জৰিয়তে ছটা পৃথক ‘টুইটাৰ থ্ৰেড’ উন্মোচন কৰিছিল। গোটেইবোৰ চেনেলৰ স্বৰূপ সমূলে উন্মোচন কৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ গোটটোৰ এয়া দ্বিতীয়টো পদক্ষেপ।
ছটা ইউটিউব চেনেলে সমন্বিত ৰূপত অপপ্ৰচাৰৰ এক নেটৱৰ্কৰ অংশ হিচাপে কাম কৰি থকা দেখা গৈছিল। এইকেইটা চেনেলৰ প্ৰায় ২০ লাখ গ্ৰাহক আছিল আৰু চেনেলকেইটাৰ ভিডিঅ' ৫১ কোটিতকৈও অধিক বাৰ চোৱাৰ তথ্য লাভ কৰা হৈছে। ‘পিআইবি’-ৰ দ্বাৰা তথ্য পৰীক্ষা কৰা এই ‘ইউটিউব চেনেল’বোৰ হৈছে:
|
ক্ৰমিক নং
|
ইউটিউব চেনেলৰ নাম
|
গ্ৰাহক
|
ভিউজ
|
-
|
নেশ্যন টিভি
|
5.57 লাখ
|
21,09,87,523
|
-
|
সম্বাদ টিভি
|
10.9 লাখ
|
17,31,51,998
|
-
|
সাৰোকাৰ ভাৰত
|
21.1 হাজাৰ
|
45,00,971
|
-
|
নেশ্যন ২৪
|
25.4 হাজাৰ
|
43,37,729
|
-
|
স্বৰ্ণিম ভাৰত
|
6.07 হাজাৰ
|
10,13,013
|
-
|
সম্বাদ সমাচাৰ
|
3.48 লাখ
|
11,93,05,103
|
|
মুঠ
|
20.47 লাখ
|
51,32,96,337
|
পিআইবি-ৰ ‘তথ্য পৰীক্ষণ গোট’ৰ দ্বাৰা উন্মোচিত ইউটিউব চেনেলবোৰে নিৰ্বাচন, উচ্চতম ন্যায়ালয় আৰু ভাৰতৰ সংসদৰ কাৰ্যক্ৰম, ভাৰত চৰকাৰৰ কাম-কাজ আদি সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ কৰিছিল। উদাহৰণস্বৰূপে ইলেক্ট্ৰনিক ভোটিং মেচিনত নিষেধাজ্ঞা আৰোপৰ ভুৱা দাবী, আৰু ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি, ভাৰতৰ মাননীয় মুখ্য ন্যায়াধীশকে ধৰি জ্যেষ্ঠ সাংবিধানিক পদাধিকাৰীসকলৰ বুলি ভুৱা বিবৃতি প্ৰদান।
উল্লিখিত চেনেলকেইটা ‘এটা ভুৱা বাতৰি অৰ্থনীতি’ৰ অংশবিশেষ, যিয়ে ভুৱা বাতৰিৰ বেহা কৰি মুনাফা লুটিছে। এইবোৰ চেনেলে দৰ্শকক বিপথে পৰিচালিত কৰিবলৈ ‘ক্লিকবাইট’ আৰু ‘সংবেদনশীল থাম্বনেইল’ আৰু টিভি চেনেলৰ নিউজ ‘এংকৰ’ৰ ছবি ব্যৱহাৰ কৰে আৰু দৰ্শকক আকৰ্ষিত কৰি তেওঁলোকে প্ৰকাশ কৰা ভিডিঅ'বোৰৰ বেহা কৰে।
পিআইবি-ৰ ‘তথ্য পৰীক্ষণ গোট’ৰ এয়া হৈছে এনেধৰণৰ দ্বিতীয়টো পদক্ষেপ। পূৰ্বৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপত যোৱা ২০ ডিচেম্বৰ, ২০২২ তাৰিখে গোটটোৱে ভুৱা বাতৰি বিক্ৰী কৰা তিনিটা চেনেল ধৰা পেলাইছিল।
***
Saurabh Singh/KB
(रिलीज़ आईडी: 1891400)
आगंतुक पटल : 233
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Urdu
,
Gujarati
,
English
,
Marathi
,
हिन्दी
,
Punjabi
,
Odia
,
Tamil
,
Kannada
,
Malayalam